নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুলভ মূল্যৰ চাউল ৩৫ টকা দৰত বিক্ৰী

🔴 দেৰগাঁৱত আকাশলংঘী পাচলিৰ দাম
নিয়মীয়া বাৰ্তা, ২ জুলাই : কৃষিপ্ৰধান গ্ৰাম্য অঞ্চলৰে পৰিবেষ্টিত দেৰগাঁৱতো শাক-পাচলিৰ মূল্য গুৱাহাটীৰ দৰে আকাশলংঘী হৈছে । দেৰগাঁৱত প্ৰতি কেজি বিলাহীৰ মূল্য ৮০  টকা। জিকাৰ মূল্য ৮০ ৰ পৰা ১০০ টকা ( ঘৰত ফেৰী কৰি বেপাৰীয়ে দিয়া জিকাৰ মূল্য ১০০ টকা ) । অমিতা ৪০ টকা, তিতাকেৰেলা ১০০ টকা, তিয়ঁহ ৬০ টকা, ভাতকেৰেলা আৰু কন্দুলী  ৭০/৮০ টকা । কলডিল একো একোটা ৭০/৮০ টকা,  বেঙেনা ৫০/৬০ টকা, ৰঙালাউ প্ৰতি কেজিত ৪০ টকা। জাতিলাউ আৰু কোমোৰা গোটে ৫০/৬০ টকা, ভেন্দী ৮০টকা, স্কোৱাচ ৯০/১০০ টকা । বৰ্তমান দেৰগাঁৱৰ উপকণ্ঠ অঞ্চলসমূহত বান বা কৃত্ৰিম বানৰ সমস্যা নাই যদিও এনেদৰেই প্ৰতিবিধ পাচলিৰ বৰ্ধিত মূল্য আজিৰ দেৰগাঁৱৰ দেওবৰীয়া বজাৰলৈকে অব্যাহত আছে । অৱশ্যে পাচলিৰ বৰ্ধিত মূল্যৰ লাভ প্ৰকৃত কৃষকে লাভ কৰা নাই । একাংশ মধ্যভোগীয়েহে অৰ্জন কৰিছে ইয়াৰ মুনাফা । যাক লৈ এতিয়া ভীষণ সমস্যাত পৰিছে সাধাৰণ গ্ৰাহক ৰাইজ । বহু দৰিদ্ৰ লোকে পাচলি কিনাৰ কথা পাহৰিয়ে গৈছে। ইপিনে গৰিষ্ঠসংখ্যক লোকেই ক্ৰয় কৰি খোৱা কম মূল্যৰ ৰাজা ব্ৰেণ্ডৰ চাউলৰ মূল্য এতিয়া ৪৮ পৰা ৫০ টকা । উদ্বেগজনক আন এক বিষয় হৈছে যে সুলভ মূল্যৰ দোকানত বিক্ৰীৰ বাবে চৰকাৰে প্ৰেৰণ কৰা চাউল একাংশ অসাধু ব্যৱসায়ীয়ে গোপনে ( সকলোকে নিদিয়ে ) ৩৫/৩৬ টকা প্ৰতি কেজি  দৰত অভাৱী লোকক বিক্ৰী কৰাৰ দৰে অনিয়ম কোনো কোনো স্থানত চলি থকাৰ খবৰ পোৱা গৈছে। তদুপৰি দুজনীয়া চৰকাৰী চাকৰি থকা, বিলাসী গাড়ী থকা পৰিয়ালৰ কিছু লোকেও বিনামূলীয়া চাউল সুলভ মূল্যৰ দোকানৰ পৰা মাহে নিয়মীয়াকৈ কঢ়িওৱাৰ অভ্যাস ত্যাগ কৰা নাই ।
প্ৰেৰক ভাস্কৰজ্যোতি বৰদলৈ
You might also like