আফগান লোকৰ পাকিস্তান ত্যাগ
বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ পাকিস্তান চৰকাৰে দেশ এৰিবলৈ অবৈধ শৰণার্থীক বান্ধি দিয়া চৰম সীমা উকলি গৈছে৷ আফগানিস্তানৰ পৰা আহি পাকিস্তানত প্রয়োজনীয় নথি অবিহনে দীর্ঘদিন ধৰি আশ্রয় লৈ থকা বহু লোকে সীমান্তৰে গৈ আফগানিস্তানত প্রৱেশ কৰে৷ পাক-আফগান সীমান্তৱর্তী খাইবাৰ পাখটুনখাৱা আৰু বেলুচিস্তানৰ বিভিন্ন তালাচী চকীত আজি পুৱাৰে পৰা আফগান নাগৰিক আৰু যান–বাহনৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায়৷ পাক নিৰাপত্তা বিষয়া এগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি চৰকাৰে অবৈধ প্রব্রজনকাৰী লোকসকলক চৰম সীমা বান্ধি দিয়াৰ পিছত এতিয়ালৈকে লক্ষাধিক আফগান শৰণার্থীয়ে পাকিস্তান ত্যাগ কৰিছে৷ উল্লেখনীয় যে স্বইচ্ছাই পাকিস্তান ত্যাগ কৰা লোকসকলক সহায়ো কৰিছে নিৰাপত্তা বাহিনীয়ে৷ ইয়াৰ বিপৰীতে যিসকলে পাকিস্তান ত্যাগ কৰাৰ প্রস্তুতি চলোৱা নাই তেনে লোকক গ্রেপ্তাৰৰ বাবে সাজু হৈছে পাক নিৰাপত্তা বাহিনী৷
#বাৰ্তা ডেস্ক