নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত অতিষ্ঠ চামগুৰিৰ ভোটাৰ

📌 চামগুৰিত ৰকিবুলৰ পুত্ৰক টিকট দি চামগুৰিৰ কংগ্ৰেছীক অপমান কৰিছে
📌চামগুৰিত ৰকিবুলে ২৫ বছৰ ৰাজত্ব কৰি যোগ্য কংগ্ৰেছী নেতা সৃষ্টি কৰিব নোৱাৰাটো লাজৰ কথা
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ চামগুৰি সমষ্টিত কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে অতিষ্ট কৰি তুলিছে ভোটাৰ ৰাইজক৷ চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ পিতৃ প্ৰয়াত নুৰুল হুছেইনে ১০ বছৰ আৰু ৰকিবুল হুছেইনে ২৩ বছৰ ধৰি চামগুৰিত ৰাজত্ব কৰি আছে৷ এনে লাগে যেন চামগুৰি সমষ্টিটো  ৰকিবুল হুছেইনৰ পৰিয়ালৰ ওচৰত বন্ধকত থোৱাৰ নিচিনা হৈ পৰিছে৷ যোৱা লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনে ধুবুৰীৰ পৰা জিকাৰ পিছত চামগুৰি সমষ্টিৰ কংগ্ৰেছী ৰাইজে অনুমান কৰিছিল যে চামগুৰি সমষ্টিত উপ নিৰ্বাচনত সমষ্টিটোৰ পৰা এজন যোগ্য কংগ্ৰেছীক উপ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে পক্ষেপ কৰিব৷ কিন্তু তাকে নকৰি ক্ষমতাৰ ৰাগীত মতলীয়া ৰকিবুল হুছেইনে তেওঁৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাত সমগ্ৰ চামগুৰি সমষ্টিতে কংগ্ৰেছী মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ তাঞ্জিল হুছেইনক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি চামগুৰি সমষ্টিৰ কংগ্ৰেছীসকলক লজ্জিত কৰিছে৷ অতি পৰিতাপৰ কথা যে চামগুৰি সমষ্টিত ৰকিবুল হুছেইনে ২৩ বছৰ ৰাজত্ব কৰি  সমষ্টিটোৰ পৰা এজনো যোগ্য কংগ্ৰেছী প্ৰাৰ্থী উলিয়াব নোৱাৰাটো ৰকিবুল হুছেইনৰ বাবে চৰম ব্যৰ্থতা প্ৰকাশ পাইছে৷ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ নাম প্ৰাৰ্থী হিচাপে প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ চামগুৰি সমষ্টিৰ কংগ্ৰেছীসকল একপ্ৰকাৰ লজ্জিত হৈ দল ত্যাগৰ জোৱাৰ উঠাইছে৷ চামগুৰিত ৰকিবুল হুছেইনে ইংৰাজৰ স্বৰ্ত বিলোপ নীতি প্ৰয়োগ কৰাৰ কাৰনে চামগুৰিৰ পৰা এজনো যোগ্য নেতা সৃষ্টি হব নোৱাৰিলে৷ ৰকিবুল হুছেইন যেতিয়া তৰুণ গগৈ মন্ত্ৰী সভাৰ প্ৰভাৱশালী মন্ত্ৰী আছিল যেতিয়াৰ পৰাই ৰকিবুলে ইংৰাজৰ এই নীতি সমষ্টিটোত প্ৰয়োগ কৰিছিল৷ সমষ্টিৰ উচ্চশিক্ষিত যুৱকসকলক ভাল চাকৰিৰ ব্যৱস্থা কৰি দিয়া নাছিল৷ কাৰণ ৰকিবুলৰ এটাই ভয় আছিল যে ভাল চাকৰি পাই টকা-উপাৰ্জন কৰিলে কেতিয়াবা চামগুৰিৰ পৰা কংগ্ৰেছৰ টিকট বিছাৰিব পাৰে৷ সেই কাৰনে ৰকিবুলে উচ্চশিক্ষিত যুৱকসকলক সৰু সুৰা চাকৰি দিয়ে শান্তনা দিছিল৷ ৰকিবুলৰ এই চতুৰালি এতিয়া উপ নিৰ্বাচনত ৰাইজে ভালকৈ উপলব্ধি কৰিব পাৰিছে৷ চামগুৰিৰ এজন প্ৰাক্তন কংগ্ৰেছী নেতাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে চামগুৰি সমষ্টিৰ পৰা যদি কোনো কংগ্ৰেছীয়ে ৰাজীৱ ভৱনত কংগ্ৰেছৰ টিকট বিছাৰি যায় সেইজন আৰু ঘৰত আহিব নোৱাৰিব কাৰন ৰকিবুল হুছেইনে মানুহ লগাই গাড়ী দুৰ্ঘটনা কৰি মাৰি পেলাব৷ চামগুৰিত ৰকিবুল হুছেইনৰ  পৰিয়াল কেন্দ্ৰিক ৰাজনীতিয়ে য়ে কংগ্ৰেছৰ নাও ডুবাব তাৰ ইংগিত পোৱা গৈছে৷ চামগুৰিত এতিয়া কংগ্ৰেছৰ মিটিংত ৰূপহী, ধিং, বটদ্ৰৱা আৰু লাহৰীঘাটৰ পৰা ভাৰাতীয়া কংগ্ৰেছী মানুহ আনি সভাৰ সৌন্দৰ্য ৰক্ষা কৰিছে৷ চামগুৰি সমষ্টিৰ বিশেষকৈ চৰকাৰী চাকৰিয়াল সকল বেছিকৈ অতিষ্ট হৈ পৰিছে ৰকিবুল হুছেইনৰ প্ৰতি৷ কাৰণ চৰকাৰী চাকৰিয়াল সকলে বানপানীৰ সময়ত চান্দা দিব লাগে, কৰোণাৰ সময়ত চান্দা আৰু কংগ্ৰেছৰ সভাত চান্দা দি দি অতিষ্ট হৈ পৰিছে ৷ যাৰ বাবে এইবাৰ চৰকাৰী চাকৰিয়াল সকলে চান্দাৰ পৰা মুক্তি পাবলৈ ৰকিবুল হুছেইনৰ পৰিয়ালক চামগুৰিৰ পৰা চিৰ বিদায় দিবলৈ উঠিপৰি লাগিছে ৷ আগন্তক চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ পৰাই ৰকিবুল হুছেইনৰ পৰিয়ালৰ চামগুৰি সমষ্টিৰ পৰা চিৰ বিদায়ৰ ইংগিত পোৱা গৈছে ৷
প্ৰেৰক জহিৰুল ইছলাম
You might also like