ছোৱাইন ফিভাৰ: ড্রোনৰ জৰিয়তে পৰিস্থিতি পর্যবেক্ষণ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ
নিয়মীয়া বাৰ্তা, ৮ মে’ : ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ লগতে বোকাখাত মহকুমাতো দেখা দিছেহি গাহৰিৰ মহামাৰীয়ে৷ এই মহামাৰীৰ লক্ষণৰ পৰা আফ্রিকান গাহৰিৰ জ্বৰ বুলি ঠাৱৰ কৰাৰ অৱকাশ আছে৷ এই ভয়াৱহ সংক্রমক মহামাৰী এতিয়া সমগ্র মহকুমাটোৰ পশুধনৰ লগতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বন্য জীৱকুললৈকো বিয়পি পৰি জীৱকুলৰ বিপুল ক্ষতি হোৱাৰ শংকা হৈ দেখা দিছে৷
ইতিমধ্যে কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত ব্রহ্মপুত্রত উটি অহা মৃত ২৮টা গাহৰি উদ্ধাৰ কৰাৰ পাছত কাজিৰঙাৰ পার্শ্বৱর্তী গাঁৱত সজাগতাও আৰম্ভ কৰিছে বন বিভাগে৷ কাজিৰঙাৰ দাঁতিকাষৰ গাঁৱৰ গাহৰি পালকসকল সচেতন হৈ পৰিছে৷ পশু চিকিৎসা বিভাগৰ লগতে প্রশাসনেও ছোৱাইন ফিভাৰ ৰোধৰ বাবে তৎপৰ হৈ পৰিছে৷ যদিহে গাহৰিৰ ছোৱাইন ফিভাৰ কাজিৰঙাৰ বন্য গাহৰিৰ দেহলৈ সংক্রমিত হয়, তেতিয়া সমগ্র বন্যকুললৈ বিপদ অহাটো নিশ্চিত৷ পোহনীয়া গাহৰিৰ পৰা বনৰীয়া গাহৰিলৈ ৰোগ সংক্রমণ নহ’বৰ বাবে প্রশাসনে ১৪৪ ধাৰা জাৰি কৰি মুকলিত গাহৰি নেমেলিবলৈ গাহৰিপালকক আহ্বান জনাইছে৷
গাহৰিপালকসকলে প্রশাসনৰ নির্দেশ মানিছে নে নাই তাক পৰীক্ষা কৰিবৰ বাবে উদ্যান কর্তৃপক্ষই ড্রোনৰ দ্বাৰা পার্শ্বৱর্তী গাঁৱত গাহৰিৰ চলাচল পৰীক্ষা কৰিছে৷ আফ্রিকান ছোৱাইন ফিভাৰৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি বোকাখাত মহকুমা প্রশাসনে এতিয়া মহকুমাটোত ১৪৪ ধাৰা জাৰি কৰিছে আৰু বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে স্বাক্ষৰ কৰা এক জাননীযোগে তাৎক্ষণিকভাৱে প্রযোজ্য হোৱাকৈ পশুধনৰ লগত জডিত কেতবোৰ জৰুৰী নির্দেশনাবলৱৎ কৰা হৈছে৷ এইমর্মে মহকুমাধিপতি স্বাক্ষৰিত বি এম জে–৬৷২০১৮/২৮৭নং জাননী অনুসৰি বোকাখাতৰ পথ, পথাৰ, আন মুকলি আৰু ৰাজহুৱা কিম্বা ব্যক্তিগত স্থানত গাহৰিৰ বিচৰণ বন্ধ কৰাৰ লগতে গাহৰিৰ সংস্পর্শলৈ কোনো মানুহ নাহিবলৈ, গাহৰি মাংসৰ কটা, বিক্রী আৰু ক্রয় নকৰিবলৈ, গাহৰিৰ মৃতদেহ পথাৰ অথবা নদী, বিলৰ পাৰত নেপেলাবলৈ আৰু গাহৰিৰ গাত আফ্রিকান জ্বৰৰ লক্ষণ দেখিলে লুকুৱাই নথৈ তৎক্ষণাৎ মহকুমাধিপতি অথবা পশু চিকিৎসা বিভাগৰ বিষয়াক খবৰ দিবলৈ নির্দেশ দিয়া হৈছে৷
তাৎক্ষণিকভাৱে প্রযোজ্য হোৱাকৈ দিয়া এই জৰুৰী নির্দেশ পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত বলৱৎ থাকিব আৰু এই নিয়ম উলংঘা কৰা লোক ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত আইনমতে জগৰীয়া হ’ব বুলিও নির্দেশনাটোত উল্লেখ আছে৷