নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ৰ পৰা প্রত্যাহাৰ আফ্স্পা, তিনিচুকীয়া-শিৱসাগৰতহে বলৱৎ, পর্যটকৰ ক্ষেত্রত সতর্কতা শিথিল জাপানৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ ৰাজ্যৰ আৰু এখন জিলা মুক্ত হ’ল বহু বিতর্কিত সশস্ত্র বাহিনী (বিশেষ ক্ষমতা) আইন, চমুকৈ আফ্স্পাৰ পৰা৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে আনুষ্ঠানিক অধিসূচনাৰ জৰিয়তে ডিব্রুগড় জিলাৰ পৰা আফ্স্পা প্রত্যাহাৰ কৰিছে৷ ইয়াৰ লগে লগে ডিব্রুগড় জিলাখনত আৰোপিত হৈ থকা অশান্ত অঞ্চল ঘোষণাৰ পৰা মুক্ত হ’ল৷ এক সংবাদ মেলত এই বিষয়ে জানিবলৈ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ কয় যে এটা সময়ত সমগ্র অসমখনতে আফ্স্পা বলৱৎ আছিল৷ কেন্দ্রীয় চৰকাৰে পর্যায়ক্রমে এই আইনখন প্রত্যাহাৰ কৰাত সীমাবদ্ধ আছিল ৬খন জিলাত৷ যোৱা বছৰ ৬খনৰ পৰা ৪খন জিলালৈ নমাই অনা হয়৷ এই ৪খন জিলা হ’ল– ডিব্রুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ৷ কেন্দ্রীয় চৰকাৰে ডিব্রুগড়কো অশান্ত অঞ্চল আৰু আফ্স্পাৰ আওতাৰ পৰা বাহিৰলৈ অনাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ডিব্রুগড় চহৰখনক আমি অসমৰ দ্বিতীয় ৰাজধানী হিচাপে নির্মাণ কৰাৰ সিদ্ধান্ত লৈছিলোঁ৷ গৃহ মন্ত্রালয়ৰ অধিসূচনাই এই সিদ্ধান্তক বহুদূৰ আগবঢ়াই নিব৷ পৰৱর্তী পর্যালোচনাত অসমত আফ্স্পা বলৱৎ হৈ থকা জিলাৰ সংখ্যা আৰু হ্রাস কৰিবলৈ সক্ষম হ’ম বুলি আশা ৰাখিছোঁ৷ মুখ্যমন্ত্রী ড০ শর্মাই ডিব্রুগড় জিলাৰ পৰা আফ্স্পা প্রত্যাহাৰৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰে৷ উল্লেখ্য যে ডিব্রুগড়ৰ পৰা আফ্স্পা প্রত্যাহাৰ কৰাৰ পিছত এতিয়া বিতর্কিত আইনখন ৰাজ্যৰ তিনিখন জিলা ক্রমে তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউতহে বলৱৎ থাকিব৷ ইফালে ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতি উন্নীত হোৱা তথা পর্যটন খণ্ডৰ বাবে এক ইতিবাচক খবৰ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ জানিবলৈ দিয়া মতে, অষ্ট্রেলিয়াৰ পিছত জাপান চৰকাৰেও অসমলৈ পর্যটকৰ আগমনৰ ক্ষেত্রত জাৰি কৰা সতর্কতা শিথিল কৰিছে৷ পূর্বে জাপান চৰকাৰে অসমৰ ক্ষেত্রত লেভেল–২ সতর্কতা জাৰি কৰিছিল যদিও যোৱা ২৫ মার্চত এক অধিসূচনাযোগে ৪খন জিলা ডিব্রুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউক বাদ দি সেয়া লেভেল–১লৈ ‘ডাউন গ্রেড’ কৰে৷ এডভাণ্টেজ আছামৰ সময়ত গঢ়ি উঠা সম্পর্কৰ উপৰি জাপান চৰকাৰৰ বৈদেশিক উপ–মন্ত্রী আৰু অধ্যক্ষক নিজে এইক্ষেত্রত অনুৰোধ কৰা বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ কয় যে অহা কিছুদিনত নিউজিলেণ্ড চৰকাৰৰ সৈতেও আমি তেওঁলোকে জাৰি কৰা নিৰাপত্তাজনিত সতর্কতাত আলাপ–আলোচনা কৰিম৷

You might also like