নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত বিলাসীপাৰাৰে যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ

🔹 দল-সংগঠনৰ আদৰণি

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত বিলাসীপাৰাত উকি মাৰি উপস্থিত হ’ল  যাত্ৰীবাহী ৰে’ল। উৎফুল্লিত বিভিন্ন দল-সংগঠনৰ লগতে অঞ্চলবাসী ৰাইজ। উত্তৰ বংগ আৰু পশ্চিম অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী-সংগ্ৰামৰ অন্তত বিলাসীপাৰাৰে যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ হয় ৷ নিউ ময়নাগুৰিৰ পৰা যোগীঘোপালৈ ৰে’লপথ নিৰ্মাণৰ বাবে ৰে’লপথ দাবী সমিতিয়ে দীৰ্ঘদিন ধৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল ৷ প্ৰায় একুৰি বছৰ ধৰি সংগ্ৰাম চলোৱাৰ পাছত ৰে’লপথছোৱা নিৰ্মাণ হয় যদিও নিৰ্মাণৰ দুবছৰ পাৰ হৈ যোৱাৰ পাছতো যাত্ৰীবাহী ৰে’ল চলাচল কৰা নাছিল ৷ শেহতীয়াকৈ ৰে’লৱে কৰ্তৃপক্ষই আজিৰে পৰা যাত্ৰীবাহী ৰে’লৰ চলাচল আৰম্ভ কৰে ৷ আজি পুৱা ৪ মান বজাত কামাখ্যাৰ পৰা আনন্দ বিহাৰ অভিমুখী যাত্ৰীবাহী ৰে’লখন বিলাসীপাৰাত আহি উপস্থিত হয়। যাত্ৰীবাহী ৰে’লখন বিলাসীপাৰাৰ প্লেটফৰ্মত ৰখাৰ লগে লগে বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গৰ লগতে কৰ্মীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। ৰে’লখনৰ চালক তথা বিষয়া-কৰ্মচাৰীক ফুলাম গামোচাৰ লগতে জনগোষ্ঠীয় গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ৰে’লখন বিলাসীপাৰাত ২ মিনিট সময় ৰখাৰ পাছত পুনৰ দিল্লী অভিমুখে ৰাওনা হয়। জানিব পৰা মতে, কামাখ্যাৰ পৰা বিলাসীপাৰা হৈ ৰে’লখন দিল্লীলৈ যাব আৰু দুদিন পিছত উভতি আহিব ৷ সদ্যহতে সপ্তাত দুদিন যাত্ৰীবাহী ৰে’ল চলিব যদিও পাছলৈ নিয়মীয়াকৈ ৰে’ল চলিব বুলিও জনাইছে ৷ ইফালে, দেশ স্বাধীন হোৱাৰ ৭৬ বছৰ পাছত বিলাসীপাৰাবাসীয়ে যাত্ৰীবাহী ৰে’লৰ সুবিধা পোৱাত ৰে’ল দাবী সমিতি, নাথ যোগী সন্মিলনী, নাথ যোগী ছাত্ৰ সন্থা, এন এছ ইউ আইকে ধৰি কেইবাটাও দল-সংগঠনে সন্তুষ্টি প্ৰকাশ কৰিছে ৷

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like