নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত বিলাসীপাৰাৰে চলিব যাত্ৰীবাহী ৰে’ল

🔹 উৎফুল্লিত বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ জনতা

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : উত্তৰ বংগ আৰু পশ্চিম অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী, সংগ্ৰামৰ অন্তত বিলাসীপাৰাৰে যাত্ৰীবাহী ৰে’লৰ চলাচল আৰম্ভ হ’ব ৷ নিউ ময়নাগুৰিৰ পৰা যোগীঘোপালৈ ৰে’লপথ নিৰ্মাণৰ বাবে ৰে’লপথ দাবী সমিতিয়ে দীৰ্ঘদিন ধৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল ৷ প্ৰায় একুৰি বছৰ ধৰি সংগ্ৰাম চলোৱাৰ পাছত ৰে’লপথছোৱা নিৰ্মাণ হয় যদিও নিৰ্মাণৰ দুবছৰ পাৰ হৈ যোৱাৰ পাছতো যাত্ৰীবাহী ৰে’ল চলাচল কৰা নাছিল ৷ শেহতীয়াকৈ ৰে’লৱে কৰ্তৃপক্ষই আজিৰে পৰা যাত্ৰীবাহী ৰে’ল চলাচল কৰিব বুলি প্ৰকাশ কৰে ৷ ৰে’লপথ দাবী সমিতি আৰু বিলাসীপাৰা জিলা দাবী সমিতিৰ দয়াল পাল, পুৰন্দৰ নাথ, শ্ৰীকুমাৰ চক্ৰৱৰ্তীয়ে জনোৱা মতে, কামাখ্যাৰ পৰা বিলাসীপাৰা হৈ ৰে’লখন দিল্লীলৈ যাব আৰু দুদিন পিছত উভতি আহিব ৷ সদ্যহতে সপ্তাহত দুদিন যাত্ৰীবাহী ৰে’ল চলিব যদিও পাছলৈ নিয়মীয়াকৈ ৰে’ল চলিব বুলিও জনাইছে ৷ ইফালে, দেশ স্বাধীন হোৱাৰ ৭৬ বছৰ পাছত বিলাসীপাৰাবাসীয়ে যাত্ৰীবাহী ৰে’লৰ সুবিধা পোৱাত বিভিন্ন দল-সংগঠনে সন্তুষ্টি প্ৰকাশ কৰিছে ।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like