বাবৰ যুগৰ পূর্বে দেশৰ প্রতিজন লোকেই আছিল হিন্দু
নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ বাবৰ যুগৰ পূর্বে ভাৰতৰ প্রতিগৰাকী লোকেই হিন্দু আছিল৷ ভাৰত এখন হিন্দু সংখ্যাগৰিষ্ঠ দেশ৷ গতিকে ভাৰতৰ বাহিৰত নির্যাতিত প্রতিজন হিন্দুক দেশখনলৈ স্বাগতম৷ –এই মন্তব্য অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ৰাষ্ট্রীয় সংবাদ মাধ্যম নিউজ ১৮ ইণ্ডিয়াৰ ছউপল শীর্ষক কার্যসূচীত নাগৰিকত্ব সংশোধনী আইন, চমুকৈ ‘কা’ সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে নিজৰ মত ব্যক্ত কৰে৷ নিউজ ১৮ৰ কার্যসূচীত ১৬ শতিকাৰ ভাৰতীয় উপ–মহাদেশৰ প্রথম মোগল সম্রাট জাহিৰ উদ্দিন মহম্মদ বাবৰৰ প্রসংগ উল্লেখ কৰি ‘কা’ সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয়– ভাৰত এখন হিন্দু সংখ্যাগৰিষ্ঠ দেশ৷ যিকোনো হিন্দুৱে ভাৰতৰ বাহিৰত নির্যাতন কিম্বা সমস্যাৰ সন্মুখীন হ’লে, তেনে লোকক দেশলৈ স্বাগতম৷ প্রতিগৰাকী হিন্দুৰ মূল শিপা ভাৰত৷ বাবৰ যুগৰ পূর্বে ভাৰতৰ প্রতিগৰাকীয়েই হিন্দু আছিল৷
ইপিনে মন্দিৰ নির্মাণ কৰাটো ভাৰতত সাম্প্রদায়িক দৃষ্টিভংগীৰে চোৱাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পুৰণি মন্দিৰ পুনৰ নির্মাণ আৰু পুনৰ অলংকৃত কৰাটোত কোনো ভুল নাই৷ তদুপৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– মন্দিৰ নির্মাণক কিয় সাম্প্রদায়িক দৃষ্টিভংগীৰে চোৱা হয়, কিয় কেৱল মন্দিৰ? আমি হিন্দু, আমি হিন্দু হৈ থাকিম৷ এগৰাকী হিন্দু হিচাপে মই সকলো ধর্মনিৰপেক্ষ লোকতকৈ অধিক ধর্মনিৰপেক্ষ৷ উল্লেখ্য যে অসম চৰকাৰৰ দুমাহ সম্পূর্ণ হোৱা উপলক্ষে আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই যোৱা জুলাইৰ প্রাৰম্ভতে হিন্দুত্বক জীৱনৰ পথ হিচাপে আখ্যা দিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই কৈছিল– হিন্দুত্ব হৈছে জীৱনৰ এটা পথ৷ মই অথবা আন কোনোবাই কেনেকৈ এইটো ৰোধ কৰিব পাৰোঁ৷ যুগ যুগ ধৰি ইয়াৰ ধাৰা প্রৱাহিত হৈ আহিছে৷ আমাৰ প্রায় বংশধৰেই হিন্দু৷ কিছু দৃষ্টিকোণেৰে চালে এগৰাকী খ্রীষ্টিয়ান অথবা এগৰাকী মুছলিম হিন্দুৰ পৰাই অহা উত্তৰ পুৰুষ৷ হিন্দুত্বক উৎখাত কেনেকৈ কৰিব পৰা যাব অর্থাৎ মাতৃভূমি আৰু কোনোবাৰ মূল শিপাৰ পৰা কেনেকৈ আঁতৰাব পৰা যাব৷
এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই অসমত মাদ্রাছা স্কুল বন্ধ কৰাৰ প্রসংগত কয় যে মাদ্রাছা শিক্ষাই মৌলবীৰহে সৃষ্টি কৰে, ডাক্তৰ–ইঞ্জিনীয়াৰ সৃষ্টি নকৰে৷ মাদ্রাছা বন্ধৰ ফলত যদি অসমৰ মুছলমান সমাজৰ পৰা অধিক ডাক্তৰ, ইঞ্জিনীয়াৰ ওলায়, তেন্তে ইয়াতকৈ আৰু ভাল কথা কি হ’ব পাৰে? অসমত বিজেপি চৰকাৰ অহাৰ পাছতেই বন্ধ হৈ গৈছে প্রায় ৭০০ মাদ্রাছা৷ এই মাদ্রাছাসমূহক সাধাৰণ স্কুললৈ পৰিণত কৰা হৈছে৷ যিসমূহ মাদ্রাছা চলি আছে, আগন্তুক দিনত পর্যায়ক্রমে এইবোৰো বন্ধ হ’ব৷ সেইবোৰ নার্ছিং স্কুল, ইঞ্জিনীয়াৰিং কলেজলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা আছে৷ আনহাতে, বিজেপিক মিঞা ভোট নালাগে বুলি পূর্বে কৰা মন্তব্যৰ প্রসংগত এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই কয়– মই বিচাৰিলেই তেওঁলোকে বিজেপিক ভোট দিব নেকি? কিন্তু এটা সময়ত এনে পৰিৱেশ হ’ব যে তেওঁলোকে বিজেপিকো ভোট দিব৷ ইফালে লাভ জেহাদ বিষয়টোক লৈ মুখ্যমন্ত্রী ড০ শর্মাই কয়– চৰকাৰে কোনো মহিলাক কোনোবা লাগিলে হিন্দু অথবা মুছলিমেই হওক, প্রৱঞ্চনা কৰাটো সহ্য নকৰিব৷ আমাৰ ভনীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে এনে অপৰাধীৰ বিৰুদ্ধে সঠিক ব্যৱস্থা গ্রহণ কৰা হ’ব৷ মন কৰিবলগীয়া যে বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই ‘কা’ আৰু হিন্দুত্বক লৈ নিজৰ স্থিতি স্পষ্ট কৰি দি আহিছে৷