নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথাৰৰ মাজত কেঁচুৱাক স্তনপান কৰা অৱস্থাত টিকাকৰণ

মুখ্যমন্ত্রী ড০ শর্মাৰ টুইট

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ হৰ ঘৰ দস্তক অভিযানৰ অধীনত ৰাজ্যৰ প্রতিজন যোগ্য ব্যক্তিক প্রতিষেধক প্রদান কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে স্বাস্থ্যকর্মীসকলে৷ গাঁৱে–ভূঞে, বজাৰে–সমাৰে গৈ টিকাকৰণ কৰিছে ৰাজ্যৰ স্বাস্থ্যকর্মীসকলে৷ ইয়াৰ মাজতে মহুৰামুখত ধাননি পথাৰলৈ গৈ দুগ্ধপান কৰা সন্তান থকা এগৰাকী মাতৃক পথাৰৰ মাজত টিকাকৰণ কৰে বৰটিকা স্বাস্থ্য আৰু কল্যাণ কেন্দ্রৰ স্বাস্থ্যকর্মীসকলে৷ প্রাপ্ত তথ্য অনুসৰি স্বাস্থ্যকেন্দ্রটোৰ পৰা ৪–৫ কিলোমিটাৰ নিলগৰ কেমেৰী পথাৰত ধান কাটি থকা মাতৃগৰাকীক টিকাকৰণ কৰে এ এন এম মৌচুমী ডেকা আৰু আশাকর্মী মৌচুমী শইকীয়াই৷ গ্রাম্য চিকিৎসক ত্রৈলোক্য শইকীয়াৰ তত্ত্বাৱধানত এই অঞ্চলটোত হৰ ঘৰ দস্তক অভিযানৰ অধীনত টিকাকৰণ চলি আছে৷

দুর্গম পথেৰে গৈ ধান কাটি থকা দাৱনী তথা দুগ্ধপান কৰা শিশুৰ মাতৃক টিকাকৰণ কৰা এ এন এম মৌচুমী ডেকা আৰু আশাকর্মী মৌচুমী শইকীয়াক ভূয়সী প্রশংসা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এক টুইটযোগে মাতৃগৰাকীক ক’ভিড ভেকচিন প্রদান কৰাৰ ফটো প্রকাশ কৰি মুখ্যমন্ত্রীগৰাকীয়ে হৰ ঘৰ দস্তক অভিযান সফল কৰাৰ বাবে স্বাস্থ্যকর্মীসকলৰ ইচ্ছা আৰু দৃঢ়তা প্রকাশ কৰিছে বুলি উল্লেখ কৰিছে৷ উল্লেখ্য যে মহুৰামুখৰ বানাক্রান্ত ৯খন গাঁৱৰ স্বাস্থ্য সেৱাৰ একমাত্র নির্ভৰস্থলী হৈছে বৰটিকা স্বাস্থ্য আৰু কল্যাণ কেন্দ্র৷ এই কেন্দ্রৰ অধীনত অঞ্চলটোত ব্যাপক হাৰত অব্যাহত আছে ক’ভিড ভেকচিন প্রক্রিয়া৷ সমান্তৰালভাৱে আজি চতুর্থ দিনাও হৰ ঘৰ দস্তক অভিযানৰ জৰিয়তে ৰাজ্যজুৰি টিকাকৰণ অব্যাহত আছে৷ আজি ৰাজ্যজুৰি দুই লাখৰো অধিক লোকক প্রদান কৰা হৈছে ক’ভিড ভেকচিন৷

You might also like