নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনৰ পিছত অসম জাতীয় পৰিষদত পৰিব ছাটাৰ : দুলু আহমেদ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ “এইবাৰৰ লোকসভা নিৰ্বাচনৰ পিছতে অসম জাতীয় পৰিষদত পৰিব ছাটাৰ৷” এই বিস্ফোৰক মন্তব্য দুলু আহমেদৰ৷ বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ছমাহ পূৰ্বৰে পৰা প্ৰস্তুতি চলোৱা দুলু আহমেদে আজি বজালীত উপস্থিত হৈ অজাপ নেতা লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ সমষ্টিটোৰ কেইবাটাও স্থানত আজি দুলু আহমেদে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ উপস্থিত হয় বজালীত৷ এইবাৰৰ লোকসভা নিৰ্বাচনৰ পিছত অসম জাতীয় পৰিষদ দল নাথাকে বুলি মন্তব্য কৰি তেওঁ কয় যে লুৰিণজ্যোতি গগৈ হৈছে এগৰাকী অমায়িক চেহেৰাৰ ভয়ংকৰ ৰাক্ষস৷ লুৰিণজ্যোতিয়ে দলত হিন্দু-মুছলমান, নামনি অসম-উজনি অসমৰে ভাগ ভাগ কৰিছে৷ তেওঁ অভিযোগ কৰি কয় যে লুৰিণে ফোনযোগে কৰ্মীসকলক দুলু আহমেদৰ সভাত সহযোগ নকৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত এতিয়া নামনি অসমত দলে বলে সকলোৱে ত্যাগ কৰিব অসম জাতীয় পৰিষদ৷ লুৰিনজ্যোতিয়ে কেৱল নিজৰ স্বাৰ্থৰ বাবে কংগ্ৰেছৰ ভৰিত পৰিছে বুলি অভিযোগ কৰি আহমেদে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী সন্দৰ্ভতো মন্তব্য কৰি কয় যে বৰপেটাত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী সন্দেহজনকভাৱে মুখ্যমন্ত্ৰীয়ে প্ৰক্ষেপ কৰিছে৷ আনহাতে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীও দুৰ্বল বুলি মন্তব্য কৰি এইবাৰ বৰপেটা সমষ্টিত তেওঁ জাহাজৰ ছবিত প্ৰতিদ্বন্দিতা কৰিব আৰু তেওঁৰ জয় নিশ্চিত বুলি ব্যক্ত কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like