নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বানৰ ভয়াৱহতাৰ পিছত এইবাৰ সংক্ৰামক জাপানীজ এনকেফেলাইটিছ

🔹 আক্ৰান্ত ৬গৰাকী, এটি শিশুৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২১ জুলাই : বানৰ ভয়াৱহতাৰ পিছতে এইবাৰ ৰাজ্যত সংক্ৰামক ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে। ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জোনাই মহকুমাতো। জোনাই মহকুমাৰ বিভিন্ন অঞ্চলত ৬গৰাকী লোক জাপানীজ এনকেফেলাইটিছ বা জাপানীজ এনকেফেলাইটিছসদৃশ ৰোগত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, জোনাই মহকুমাত জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে ৬জন ব্যক্তি আক্রান্ত হৈছে জাপানীজ এনকেফেলাইটিছসদৃশ বা জাপানীজ এলকেফেলাইটিছ ৰোগত।  ইয়াৰে দুটি শিশু জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিছে ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানে৷ ইয়াৰে এগৰাকী ৪ বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে এটি শিশু বর্তমান সুস্থ হৈ উঠিছে বুলি জানিবলৈ দিয়ে ডাঃ কিশোৰ কামানে। মুখ্য স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে জানিবলৈ দিয়া মতে জোনাইৰ তেলেম জাংমজিঙত নতুনকৈ আক্রান্ত হৈছে আন এটি শিশু। ইফালে, জোনাইত জাপানীজ এলকেফেলাইটিছ ৰোগৰ ভয়াৱহতালৈ চাই ধেমাজি জিলা তথা জোনাই মহকুমা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এনে ৰোগত আক্ৰান্ত অঞ্চলসমূহত যাৱতীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি  স্বাস্থ্যকৰ্মীসকলৰ জৰিয়তে ৪৫৭১ গৰাকী লোকৰ তেজৰ নমুনা সংগ্ৰহ  কৰি কৰোৱা হৈছে স্বাস্থ্য পৰীক্ষা৷ ইয়াৰ উপৰি  ৮৯৫৬ খন আঁঠুৱা ঔষধিকৰণৰ ব্যৱস্থা কৰাৰ লগতে আশা আৰু স্বাস্থ্যকৰ্মীৰ জৰিয়তে জোনাই মহকুমাটোৰ বিভিন্ন অঞ্চলত জাপানীজ এনকেফেলাইটিছসদৃশ ৰোগ সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰি অতিপাত জ্বৰ, মূৰৰ বিষ, মানসিক অস্থিৰতা, শৰীৰৰ কঁপনি আদি লক্ষণে দেখা দিলে লগে লগে ওচৰৰ স্বাস্থ্যকৰ্মী বা স্বাস্থ্যকেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰাৰ লগতে সন্ধিয়া হ’লে ঘৰৰ চৌহদত ধোঁৱা দিয়া ব্যৱস্থা, আঁঠুৱা লগাই শোৱা, গাহৰি গঁৰাল ঘৰৰ  পৰা কিছু নিলগত ৰাখিবলৈ জোনাইবাসী ৰাইজক আহ্বান জনাইছে ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানে৷
প্ৰেৰক কৰবী দলে
You might also like