তিনি দশক পিছতো নগৰবেৰাত মুকলি নহ’ল গ্ৰাম্য চিকিৎসালয়
নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰ : সুদীৰ্ঘ তিনি দশকে মুকলি নোহোৱাকৈ পৰি ৰ’ল এখন গ্ৰাম্য চিকিৎসালয়। চিকিৎসালয়ৰ ভিতৰত গোহালিসদৃশ পৰিৱেশ। কামৰূপৰ নগৰবেৰাত পোহৰলৈ আহিছে বিয়াগম স্বাস্থ্য বিভাগৰ পুতৌজনক ছবি। ভূতবঙলাত পৰিণত হৈছে চিকিৎসালয়খন। পৰিত্যক্ত চিকিৎসালয়ত এতিয়া ৰোগী-চিকিৎসকৰ সলনি কেইজনীমান ছাগলীৰহে নিৰাপদ আশ্ৰয়স্থলী হৈ পৰিছে। সন্মুখত দুৱাৰ দাং, ভিতৰলৈ ধোবাংবাংসদৃশ হৈ বছৰ বছৰ কাল ধৰি কদৰ্য আৰু জৰাজীৰ্ণ হৈ আছে চিকিৎসালয়ৰ কোটিটকীয়া গৃহ। বৃহত্তৰ নগৰবেৰাত চিকিৎসা সেৱাৰ অতিকে দুৰ্বল সেৱাত সম্প্ৰতি শ’লঠেকত পৰিছে অঞ্চলবাসী।হাবি-জংঘলে আৱৰিছে চিকিৎসালয় গৃহ। ঘৰৰ ভিতৰত চিলিং, বেৰ, মজিয়াৰ অৱস্থাই নাই। চৌপাশে মাথোঁ ভংগুৰতাহে বিদ্যমান! মজিয়াত যেনি-তেনি সিঁচৰিত হৈ আছে আৱৰ্জনা আৰু গৰু গোবৰ, ছাগলীৰ বিষ্ঠা, দেখিলেই নাক কোঁচ খোৱা পৰিবেশ ,যেন এক ভূতবঙলাহে! ক’ৰবাত আকৌ বেৰতেই বগাইছে গছ-লতিকা পৰ্যন্ত। দিনত হ’লে নিমাওমাও। ৰাতি হ’লে ছাগলীৰ নিৰাপদ আশ্ৰয় স্থান চিকিৎসালয় গৃহ। নব্বৈৰ দশকতে আৰম্ভ হৈ গৃহনিৰ্মাণ সম্পূৰ্ণ হোৱা সত্বেও ৰহস্যজনক কাৰণত আজিকোপতি মুকলিহে কৰা নহ’ল। স্বাস্থ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীলৈ নগৰবেৰাত চিকিৎসা সেৱা উন্নত কৰাৰ দিহা কৰিবলৈ আৰু ১০০খন বিচনাযুক্ত চিকিৎসালয় এখন স্থাপনৰ আবেদন জনাইছে ৰাইজে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস