নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ তত্ত্বাৱধানতে হওক এনআৰচিৰ পুনৰীক্ষণঃ ৰঞ্জিত দাস

বিজেপিত যোগদান ১১ শিল্পী, কলা–কুশলী, ব্যৱসায়ীৰ

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ  ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) প্রকাশ পোৱাৰ এবছৰ অতিক্রম কৰি যোৱাৰ পাছতো ইয়াক লৈ বিতর্ক এতিয়াও অব্যাহত আছে৷ বিধানসভা নির্বাচনৰ প্রাকক্ষণত পুনৰ এন আৰ চিৰ প্রসংগক লৈ আৰম্ভ হৈছে চর্চা৷ এনে চর্চাৰ মাজতে প্রকাশিত ৰাষ্ট্রীয় নাগৰিকপঞ্জীক অগ্রাহ্য কৰি পুনৰ প্রকাশৰ দাবী তুলিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ আজি সভাপতি দাসে কয়– এন আৰ চিৰ প্রক্রিয়া চলি থকাৰ সময়তে ইয়াৰ পুনৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰক কর্তৃত্ব দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ত বিজেপিয়ে আবেদন জনাইছিল৷ কিন্তু সেই সময়ত এন আৰ চিৰ সমম্বয়ক প্রতীক হাজেলাই ন্যায়ালয়ক ভুল পথে পৰিচালিত কৰাৰ বাবে এন আৰ চিৰ পুনৰীক্ষণ নহ’ল৷ আনকি প্রতীক হাজেলাই মুখ্যমন্ত্রী সোণোৱালকো ন্যায়ালয়ৰ জৰিয়তে এন আৰ চিৰ প্রক্রিয়াৰ পৰা আঁতৰাই ৰাখিছিল৷ সেই সময়ত কিন্তু বর্তমান ৰাজনৈতিক দল খোলা সংগঠনসমূহ নীৰৱে আছিল৷ এন আৰ চিৰ কামত জড়িত বহু বিষয়াই সেই সময়ত কান্দি কান্দি নাগৰিকপঞ্জীত বিদেশী লোকৰ নাম সোমোৱাৰ কথা অৱগত কৰিছিল৷ আনকি ভুল নথি–পত্র লাভ কৰাৰ পাছতো প্রতীক হাজেলাৰ হেঁচাত চৰকাৰী বিষয়াই সেই নাগৰিকসকলক সন্দেহজনক বুলি লিপিবদ্ধ নকৰিলে৷ এতিয়া এন আৰ চি অগ্রাহ্য হোৱা নাই, ইয়াক গ্রহণো কৰা নাই৷ সেয়েহে সীমান্ত অঞ্চলত থকা জিলাসমূহত চৰকাৰৰ তত্ত্বাৱধানত ২০ শতাংশ পুনৰীক্ষণৰ দাবী উত্থাপন কৰিছোঁ আমি৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত আয়োজিত এক যোগদান অনুষ্ঠানত এই দাবী কৰাৰ লগতে ৰঞ্জিত দাসে আজি ৬নং দফাৰ কার্যকৰণৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰক বিশেষজ্ঞৰ জৰিয়তে প্রতিবেদন পৰীক্ষা কৰাৰ বাবে দিয়া পৰামর্শক আদৰণি জনায়৷ তেওঁ কয়– সদিচ্ছা থকা বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসম চুক্তিক কাগজৰ পৰা সংসদলৈ লৈ গৈছে৷ বিজেপিৰ বাহিৰে আন কোনো দলে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰিব নোৱাৰে৷ আনহাতে, শেহতীয়াকৈ অসম চুক্তিৰ ৬নং দফাৰ প্রতিবেদন দাড়ি, কমা নকটাকৈ কার্যকৰী কৰা হ’ব– এনেধৰণৰ মন্তব্য কোনেও কৰা নাই বুলি আজি ৰঞ্জিত দাসে মন্তব্য কৰে৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰত তেওঁ কয়– এনেধৰণৰ কথা যদি কোনোবাই কৈছে, সেয়া এক্তিয়াৰৰ বাহিৰত৷ ৬নং দফাৰ প্রতিবেদনৰ এক্তিয়াৰত আছে কেৱল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, গৃহ মন্ত্রালয়ৰ যুটীয়া সচিব সত্যেন গার্গ আৰু বিপ্লৱ শর্মা৷ এই তিনিওজন ব্যক্তিয়ে এইধৰণৰ কথা কোৱা নাই৷ ইফালে, নাম প্রকাশ নকৰাকৈ আছুক কটাক্ষ কৰি তেওঁ কয়– অসম চুক্তিৰ ৬নং দফা কার্যকৰীকৰণ সন্দর্ভত দাখিল কৰা প্রতিবেদন নিয়ম অনুসৰি চৰকাৰৰ ওচৰত আছে৷ এনেস্থলত কোনো সংগঠনে ভুৱা দুখিলা কাকত দাঙি ধৰি ইয়াক প্রকাশ কৰা বুলি দাবী কৰাৰ আঁৰত যে ৰাজনৈতিক দৃষ্টিভংগী লুকাই আছে, সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ উল্লেখ্য যে বিধানসভা নির্বাচনৰ প্রাকক্ষণত বিজেপিত শিল্পী, কলা–কুশলীৰ ৰাজনীতিত যোগদানৰ ধাৰা অব্যাহত আছে৷ আজি ৰাজ্যৰ ১১গৰাকী শিল্পী, কলা–কুশলী আৰু ব্যৱসায়ীয়ে বিজেপিত যোগদান কৰে৷ আজি শাসকীয় দলটোত যোগদান কৰাসকলৰ ভিতৰত আছে সংগীত পৰিচালক, গীতিকাৰ বিমান বৰুৱা, জয়ন্ত কুমাৰ শর্মা, কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ, অভিনেতা–পৰিচালক বনজিৎ শর্মা, কৌশিক শর্মা, সংগীত ব্যৱস্থাপক ভৱজ্যোতি দাস, সংগীত শিক্ষক বুলুমণি গোস্বামী, লোকবাদ্য শিল্পী নিকুঞ্জ মেধি, বাদ্য শিল্পী জগদীশ শর্মা, ব্যৱসায়ী চিৰঞ্জিত বৰপূজাৰী আৰু প্রণৱ কুমাৰ মিশ্র৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আটাইকেইজন শিল্পী–ব্যৱসায়ীক গামোচা আৰু দলীয় গলবস্ত্রৰে দললৈ আদৰণি জনায়৷ এই উপলক্ষে এক চমু ভাষণত সভাপতি দাসে ৰাজ্যসভাত শেহতীয়াকৈ গৃহীত কৃষি সম্বন্ধীয় বিধেয়কৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ ধন্যবাদ জ্ঞাপন কৰে৷ এই বিধেয়কক আদৰণি জনাই তেওঁ কয়– এই বিধেয়কখনে কৃষকসকলক মধ্যভোগীৰ কবলৰ পৰা মুক্ত কৰাৰ লগতে কোনো চৰকাৰী–বেচৰকাৰী সংস্থাৰ হকা–বাধা অবিহনে যিকোনো ৰাজ্যত নিজৰ উৎপাদিত শস্য বিক্রী কৰাৰ সুবিধা প্রদান কৰিব৷ তদুপৰি এই বিধেয়কৰ ফলত খাদ্য–সামগ্রীৰ অনাৱশ্যকীয় মূল্য ৰোধ সম্ভৱ হ’ব৷

You might also like