নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত পঞ্জীয়নবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে অভিযান অব্যাহত শিক্ষা বিভাগৰ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ যোৱাকালিৰ পিছত আজি দ্বিতীয় দিনাও ধুবুৰীৰ পঞ্জীয়নবিহীন ব্যক্তিগত খণ্ড বিদ্যালয়ৰ বিৰূদ্ধে অভিযান চলায় শিক্ষা বিভাগে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল দাসৰ নেতৃত্বত আজি ধুবুৰী চহৰৰ দুখনকৈ ইংৰাজী মাধ্যমৰ অভিজাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অভিযান চলোৱা প্ৰত্যক্ষিত হয়। পিছত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত বিদ্যালয় পৰিদৰ্শক দাসে আজিৰ চৰজমিন তদন্তত ১৯৭৬ চনতেই স্থাপিত চহৰখনৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এতিয়ালৈ কোনো ধৰণৰ পূৰ্ব অনুমতি (prior permission) লোৱা নাই বুলি বেকত কৰে। আনহাতে চিবিএছই পাঠ্যক্ৰমৰ অইনখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চলোৱা তদন্তৰ সময়ত তেওঁ কিছু নথিপত্ৰ চোৱা বুলি উল্লেখ কৰে আৰু শনিবাৰে সকলোখিনি তথ্য সেইখনৰ কৰ্তৃপক্ষই দেখুওৱাৰ পিছতহে সেই বিদ্যালয়খনৰো সকলো ঠিকে ঠাকে আছে নেনাই বুলি নিশ্চিত কৰিব বুলি সাংবাদিকৰ সন্মুখত দাৱী কৰে শিক্ষা বিষয়াগৰাকীয়ে। আনহাতে এইখন অভিজাত বিদ্যালয়খনৰ মাচুল গাঁথনিকে ধৰি বহু কেইটা বিষয় চাব ল’গা আছে বুলিও বিদ্যালয় পৰিদৰ্শক গৰাকীয়ে সাংবাদিকৰ আগত দোহাৰা পোৱা যায়। ল’গতে বিদ্যালয়খনৰ অভিভাৱকৰ পৰা অভিযোগ পোৱা বুলিও শিক্ষা বিষয়াগৰাকীয়ে জনায়। অৱশ্যে, ক্ষমতাশালী তথা হাতদীঘল অভিভাৱকৰ হেঁচাত শিক্ষা বিভাগে ধুবুৰীকে ধৰি ধুবুৰী শিক্ষা জিলাৰ চৰকাৰী নিয়ম–নীতি তথা উপযুক্ত আন্তঃগাঁথনিকে ধৰি উপযুক্ত শিক্ষাগত অৰ্হতা সম্পন্ন শিক্ষক–শিক্ষয়িত্ৰী অৱিহনে চলি থকা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহক সঁচাকৈয়ে নাকি ল’গাব পাৰিব নে নাই সেয়া এক প্ৰশ্ন হৈ দেখা দিছে এতিয়া। তাৰেই প্ৰেক্ষাপটত, জিলাখনৰ নৱপ্ৰজন্মৰ শৈক্ষিক জীৱনৰ ভৱিষ্যৎ জড়িত থকাৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টো লৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কৰাটো কামনা কৰিছে সচেতন ৰাইজ আৰু অভিভাৱকে। উল্লেখ্য যে, জিলাখনৰ স্কুলসমূহৰ পৰিদৰ্শক ৰাতুল দাসে ‘ডাইচ ডাটা’’ৰ পৰা প্ৰাপ্ত তথ্য মতে  ধুবুৰী আৰু দক্ষিণ শালামাৰা –অৰ্থ্যাৎ ধুবুৰী শিক্ষা জিলাত থকা মুঠ ৩৪২ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাথো ১৪ খনৰহে প্ৰথম পৰ্য্যায়ৰ  ২০০৬ চনৰ ‘‘ন’ন গৱৰ্নমেন্টাল এডুকেশ্বনেল ইনষ্টিউট এক্ট’ৰ অধীনত পূৰ্ব অনুমতি থকা বুলি সদৰি কৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like