নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাইপেৰে প্রাকৃতিক গেছ যোগানৰ লক্ষ্যৰে এজিচিএল-অইলৰ চুক্তিত স্বাক্ষৰ

বিশেষ বাৰ্তা, ২৯ এপ্রিলঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত আজি অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত এক চুক্তি স্বাক্ষৰিত হয়৷ ইয়াৰ জৰিয়তে অসম আৰু ত্রিপুৰাৰ কিছু অংশত আপততঃ চহৰৰ প্রাকৃতিক গেছ বিতৰণ নেটৱর্ক স্থাপন, নির্মাণ আৰু পৰিচালনাৰ বাবে এটা যৌথ উদ্যোগ প্রাইভেট লিমিটেড কোম্পানী স্থাপনৰ বাবে চুক্তিবদ্ধ হয়৷ অসম চৰকাৰৰ অধীনস্থ এ জি চি এলৰ ৫১ শংতাশ চেয়াৰ ইকিউটি আৰু অইলৰ হাতত থকা বাকী ৪৯ শতাংশৰে গঠিত জইণ্ট ভেন্সাৰ কোম্পানীয়ে স্থানীয় প্রাকৃতিক গেছ গ্রিড নির্মাণ আৰু ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, লখিমপুৰ, ধেমাজি আৰু দৰঙৰ ঘৰুৱা তথা বাণিজ্যিক প্রতিষ্ঠানলৈ পাইপেৰে প্রাকৃতিক গেছ যোগান ধৰাৰ উপৰি ত্রিপুৰাৰ কেইখনমান জিলাতো কম্পপ্রেছড্ নেচাৰেল গেছ চি এন জি ষ্টেশ্যন স্থাপন কৰিব৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে যে এ জি চি এল আৰু অইলৰ মাজত স্বাক্ষৰিত চুক্তিয়ে বর্তমানৰ অসম চৰকাৰে ৰাজ্যখনৰ ঔদ্যোগিক উন্নয়নৰ দিশত চলাই থকা প্রক্রিয়াটোক অধিক ত্বৰান্বিত কৰি তুলিব৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে অনুমোদিত চেয়াৰ কেপিটেল ৫০০ কোটি টকা আৰু প্রাৰম্ভিক পেইড আপ কেপিটেল ১০০ কোটি টকাৰে এই জইণ্ট ভেন্সাৰ কোম্পানীয়ে আগন্তুক দিনত ৰাজ্যৰ অর্থনৈতিক দিশটো শক্তিশালী কৰণত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হব৷ মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে যে এই জইণ্ট ভেন্সাৰ কোম্পানীয়ে কেন্দ্রীয় চৰকাৰৰ উত্তৰ পূৱ হাইড্রকার্বন ভিজন ২০৩০ৰ সৈতে সংগতি ৰাখি ৰাজ্যখনৰ সেউজ ইন্ধন ভিত্তিক অর্থনৈতিক দিশত পৰিৱর্তন সাধনতো বিশেষ ভূমিকা গ্রহণ কৰিবলৈ সক্ষম হব৷ মুখ্যমন্ত্রীয়ে কয় যে অইল ইণ্ডিয়া লিমিটেডে বহু দশক ধৰি ৰাজ্যখনৰ অর্থনৈতিক বিকাশৰ ক্ষেত্রত গুৰুত্বপূর্ণ অৰিহণা যোগাই আহিছে৷ আজি স্বাক্ষৰিত এই চুক্তিৰ জৰিয়তে অইলৰ উপার্জনৰ এটা অংশ অসমৰ লগতে উত্তৰ পূর্বাঞ্চলৰ অন্যান্য প্রান্তত পুনৰ বিনিয়োগ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে অইল ইণ্ডিয়া লিমিটেডক ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে সৌৰশক্তি স্থাপনৰ দৰে নতুন শক্তিৰ বিকাশৰ দিশত গ্রহণ কৰা পদক্ষেপৰ বাবেও অইলৰ শলাগ লয়৷ অনুষ্ঠানত মন্ত্রী বিমল বড়া, জয়ন্ত মল্লবৰুৱা, এ জি চি এলৰ অধ্যক্ষ বলীন চেতিয়া, অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথ প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like