নতুন বর্ষত ২৫ লাখ সদস্যভর্তি কৰিব অগপই
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ বিধানসভা নির্বাচনতেই নহয়, আগন্তুক নিকায়–নিগমসমূহৰ্ নির্বাচনতো অগপ–বিজেপিৰ মিত্রতা অটুট থাকিব৷ বৃহস্পতিবাৰে এই কথা স্পষ্ট কৰিলে অগপ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাই৷ বছৰৰ শেষ ভাগত আমবাৰীস্থিত দলৰ মুখ্য কার্যালয়ত সাংবাদিকৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত এই কথা উল্লেখ কৰি অতুল বৰাই কয়– পূর্বে স্থানীয় নির্বাচনসমূহত এই মিত্রতা নথকা বাবে অগপ ক্ষতিগ্রস্ত হৈছিল৷ কিন্তু এইবাৰ পৌৰসভা, পৌৰ নিগম আৰু স্থানীয় নির্বাচনত মিত্রতা অব্যাহত থাকিব৷ এই সন্দর্ভত দুয়োটা দলৰ মাজত আলোচনা হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো এই মিত্রতাৰ বিষয়টোত ইতিবাচক মন্তব্য দিছে সংবাদ মাধ্যমত৷ সেয়াই নহয়, স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনতো অগপ–বিজেপিৰ মিত্রতা অব্যাহত থাকিব৷
মন কৰিবলগীয়া যে আগন্তুক পৌৰসভা নির্বাচনক লৈ অগপই ইতিমধ্যে তৃণমূল পর্যায়ত আৰম্ভ কৰিছে তৎপৰতা৷ তৃণমূল পর্যায়ত দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে ব্যাপক হাৰত সদস্যভর্তি অভিযান চলাবলৈও প্রস্তুতি চলাইছে৷ বুধবাৰে অগপৰ সভাপতিগৰাকীয়ে কয়– নতুন বর্ষৰ পৰা সদস্যভর্তি অভিযান চলিব৷ ২৫ লাখ নতুন সদস্যক ভর্তি কৰাৰ লক্ষ্যৰে মাঘবিহুৰ পাছতেই অভিযান আৰম্ভ হ’ব৷ ইয়াৰ বাবে কার্যসূচী যুগুতাই তোলা হৈছে৷ ৰাজ্যৰ পাহাৰে–ভৈয়ামে অগপৰ পতাকা উজলাই তোলা হ’ব৷ আনহাতে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখন গতিশীল আৰু উদ্যমী বুলি উল্লেখ কৰি কৃষিমন্ত্রীগৰাকীয়ে কয়– মুখ্যমন্ত্রীয়ে অগপৰ দুজনকৈ বিধায়কক শেহতীয়াকৈ কেবিনেট মর্যাদা প্রদানেৰে মিত্রজোঁটৰ দলক প্রাপ্য সন্মান দিছে৷ মুখ্যমন্ত্রীৰ এনে সদিচ্ছাৰ প্রতি সন্মান জনাই তথা তেওঁ কৃষিমন্ত্রী আৰু স্বাস্থ্যমন্ত্রী ৰূপে দিয়া দায়িত্ব আমি পালনৰ বাবে কাম কৰি গৈছোঁ৷
আনহাতে, ৰাজ্যত আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ বাবে অগপই বিশেষ পদক্ষেপ গ্রহণ কৰি আহিছে বুলিও সভাপতি অতুল বৰাই মন্তব্য কৰি কয় যে অগপ অসমৰ একমাত্র প্রধান আঞ্চলিক ৰাজনৈতিক দল৷ বিগত বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হ’ল যদিও এই দলকেইটাৰ জন্মৰ আঁৰত কোন সেয়া ৰাইজে ভালকৈ বুজি পাইছে৷ অগপইহে যে আঞ্চলিকতাবাদ শক্তিশালী কৰিব পাৰে, সেয়াও অসমবাসী ৰাইজে বুজি পাইছে আৰু বিগত নির্বাচনত তাক স্পষ্ট কৰিছে৷ আজি মত বিনিময় অনুষ্ঠানতে অগপৰ সভাপতিজনে দলক অধিক শক্তিশালী কৰাৰ বাবে যুৱক–যুৱতী, ছাত্র–ছাত্রী আৰু মহিলাক অধিক প্রাধান্য দিয়াৰ কথাও ঘোষণা কৰে৷ এই অনুষ্ঠানত অগপৰ কার্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, দলৰ সাংসদ বীৰেন বৈশ্য, জ্যেষ্ঠ নেতা তথা প্রাক্তন মন্ত্রী ফণীভূষণ চৌধুৰীৰ লগতে আন বিধায়ক, নেতা–কর্মীসকল উপস্থিত থাকে৷