নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপক সহায় কৰিবলৈ দলীয় কর্মীক আহ্বান ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ:  পুনৰ ক্ষমতা দখলৰ লক্ষ্যৰে বিজেপি–মিত্রজোঁটৰ আসন বুজাবুজি চূড়ান্ত কৰাৰ পাছতেই প্রার্থিত্বক কেন্দ্র কৰি তৃণমূল কর্মীৰ মাজত সৃষ্টি হৈছে তীব্র অসন্তুষ্টি৷ সমষ্টি হেৰুওৱা অগপ আৰু বিজেপিৰ একাধিক নেতা আৰু তৃণমূল কর্মীয়ে মুকলিকৈ ক্ষোভ উজৰাই নহয়, মিত্রদলৰ প্রার্থীক বর্জনৰো হুংকাৰ দিছে৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ সময়তে   তৃণমূল কর্মীৰ ক্ষোভ প্রশমিত কৰাৰ লক্ষ্যৰে একেলগে বহিল বিজেপি, অগপ আৰু ইউ পি পি এলৰ নেতৃত্ব৷ যৌথভাৱে সমৱেত হৈ তিনিওটা দলৰ সভাপতিৰ তৃণমূল কর্মীলৈ আহ্বান– মিত্রজোঁটৰ প্রার্থীক সকলো ধৰণে সহায়–সহযোগিতা আগবঢ়াওক৷ 

দেওবাৰে ৰাজ্যিক বিজেপিৰ খানাপাৰাস্থিত নির্বাচনী কোষৰ কার্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, অগপৰ সভাপতি অতুল বৰা আৰু ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে এখন যৌথ সংবাদ মেল সম্বোধন কৰি পুনৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ গঠনৰ বাবে তৃণমূল কর্মীক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায়৷

উল্লেখ্য যে আসন বুজাবুজিৰ পাছতে বিজেপিৰ দখলত থকা কেইবাটাও সমষ্টিত প্রার্থিত্ব বঞ্চিত প্রার্থীৰ সমর্থকে ক্ষোভ মুকলিকৈ প্রকাশ কৰিছে৷ গোলাঘাটত প্রার্থিত্ব বঞ্চিত বিতোপন শইকীয়া, হাওৰাঘাট সমষ্টিৰ প্রার্থিত্ব বঞ্চিত ছুম ৰংহাঙে বিজেপি এৰি কংগ্রেছত যোগদান কৰাৰ লগতে উজনিৰ কেইবাটাও সমষ্টি প্রার্থিত্ব বঞ্চিত একাংশ নেতাই অগপক সমর্থন নিদিয়াৰ হুংকাৰ দিছে৷ একে সময়তে অগপৰ পৰাও প্রার্থিত্ব বঞ্চিত হোৱা প্রফুল্ল কুমাৰ মহন্ত, সত্যব্রত কলিতাই অগপ এৰি কংগ্রেছৰ লগত যোগাযোগ কৰাৰ লগতে কেইবাটাও সমষ্টিত বিজেপিৰ প্রার্থীক সমর্থন নিদিয়াৰ ভাবুকি দিছে৷ এনে পৰিস্থিতিত মিত্রজোঁটত যাতে অসন্তুষ্টিৰ বাবে কোনো ধৰণৰ আঘাত নপৰে, সেই লক্ষ্যৰে তৃণমূল কর্মীক সন্তুষ্ট কৰাৰ বাবে উঠিপৰি লাগিছে বিজেপি আৰু অগপ নেতৃত্ব৷ ইফালে বিটিচিত ইউ পি পি এলৰ মাজতো আৰম্ভ হৈছে সংঘাত৷ কার্যতঃ এনে পৰিস্থিতিত তৃণমূল কর্মীসকলক সন্তুষ্ট কৰাৰ বাবে তিনিওটা দলৰ নেতৃত্বই ঐক্যভাৱে  তৃণমূল কর্মীক সকলো ধৰণৰ সহায়–সহযোগ আগবঢ়াবলৈ আহ্বান জনায়৷

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অগপই প্রতিদ্বন্দ্বিতা কৰিব লগা ২৬টা সমষ্টিত সহায় কৰিবলৈ বিজেপি কর্মীক আহ্বান জনাই কয় যে বিজেপিৰ মিত্রজোঁটক এৰি দিয়া আসনসমূহত জয়ী হ’লেহে বিজেপিৰ ১০০ প্লাছ মিছন সম্পূর্ণ হ’ব৷ সেয়েহে মিত্রদল হিচাপে অগপ–ইউ পি পি এলক এৰি দিয়া আসনসমূহ জয় কৰাৰ ক্ষেত্রত বিজেপিৰ সকলো কার্যকর্তাই সম্পূর্ণ সহযোগিতা আগবঢ়াব লাগিব৷

আনহাতে, অগপৰ সভাপতি অতুল বৰাই দলৰ তৃণমূল কর্মীক আহ্বান জনাই কয়– ৰাইজে আশা কৰা ধৰণে বিজেপি–গপ–ইউ পি পি এলৰ মাজত আসন বুজাবুজি হৈছে৷ ৰাজ্যখনৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কংগ্রেছ–এ আই ইউ ডি এফৰ মহাজোঁটক বৃহৎ ব্যৱধানত পৰাজিত কৰিব লাগিব৷

আনহাতে, দলত সৃষ্টি হোৱা তৃণমূল কর্মীৰ ক্ষোভ সন্দর্ভত অতুল বৰাৰ মন্তব্য–প্রার্থিত্ব দিয়া–নিদিয়া সন্দর্ভত দলে সকলো দিশ পুংখানুপুংখভাৱে আলোচনা কৰিছে৷ ২০১৬ চনত অগপই বিজেপিৰ সৈতে আসন বুজাবুজি কৰি ২৪খনত প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৪খনত বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা কৰিছিল৷ ইয়াৰ ফলত দলে ১৪খন আসনত জয়যুক্ত হৈছিল৷ এই আসনেৰে মিত্রজোঁটৰ চৰকাৰৰ তিনিগৰাকী মন্ত্রী আৰু কেইবাজনো নেতাই নিগমৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিছিল৷ ইয়াৰ পাছতো কিছু ক্ষোভ নিশ্চিতভাৱে দলৰ মাজত আছে৷ এইবাৰ প্রার্থিত্ব প্রদানৰ ক্ষেত্রত এই অসন্তুষ্টিসমূহ দূৰ কৰাত গুৰুত্ব প্রদান কৰাই নহয়, বিশেষ নীতি গ্রহণ কৰি প্রার্থিত্ব প্রদান কৰা হৈছে৷

অগপই বিজেপিৰ প্রার্থীক সকলো ধৰণৰ সহায় কৰিবলৈ প্রস্তুত বুলি উল্লেখ কৰি অগপৰ সভাপতিজনে বিজেপিৰ পৰাও তেনে সহযোগিতা আশা কৰে বুলিও উল্লেখ কৰে৷ আনহাতে, সংবাদ মেলত উপস্থিত থাকি ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে ৰাজ্যিক বিজেপিৰ নেতৃত্বত মিত্রজোঁটৰ চৰকাৰখনে বিগত পাঁচ বছৰত সমগ্র বিটিচি এলেকাত দীর্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা লোৱা বুলিও উল্লেখ কৰে৷ বিটিচিৰ চীফগৰাকীৰ মন্তব্য– ইউ পি পি এলে বিজেপি আৰু অগপক সকলো ধৰণে সহযোগিতা আগবঢ়াব৷ বিটিচিত মিত্রজোঁটৰ প্রার্থী হিচাপে বিজেপিক আৰু বি টি এ ডিৰ বাহিৰতো বিজেপি আৰু অগপ দলৰ সমর্থকে সহায় কৰিব বুলিও আজি পূর্ণ প্রতিশ্রুতি দিয়ে প্রমোদ বড়োৱে৷

সমান্তৰালভাৱে ইউ পি পি এলৰ প্রতি বিজেপি আৰু অগপৰ সমর্থকক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ মন কৰিবলগীয়া যে নাওবৈচা, ছিপাঝাৰ, কমলপুৰ, পশ্চিম গুৱাহাটী আদিকে ধৰি কেইবাটাও সমষ্টিত অগপৰ কর্মীয়ে বিজেপিৰ বিৰুদ্ধে আৰু বিজেপিৰ কর্মীয়ে অগপৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজৰাৰ লগতে ভোট বর্জনৰো হুংকাৰ দিছে৷ এনে অৱস্থাত মিত্রজোঁটৰ মূল অংশীদাৰ বিজেপি আৰু অগপৰ নেতৃত্ব কিছু বিমোৰত পৰা পৰিলক্ষিত হৈছে৷ মুখ্যতঃ এনে ক্ষোভ আঁতৰোৱাৰ বাবেই উভয় দলে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে আহ্বান জনাবলগীয়া হৈছে৷

You might also like