নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপৰ ধুবুৰীস্থ জিলা কাৰ্যালয়ত ফটকা ফুটাই আনন্দ-উল্লাস নেতা-কৰ্মীৰ

🔹 ধুবুৰীত শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ জাবেদ ইছলাম

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত শাসকীয় মিত্ৰজোঁটৰ অগপ দলে জাবেদ ইছলামে প্ৰাৰ্থিত্ব পোৱাত দলটোৰ ধুবুৰীস্থ জিলা কাৰ্যালয়ত সৃষ্টি হয় স্থানীয় নেতা-কৰ্মীৰ মাজত পাৰ ভগা উছাহৰ ধল। কাৰ্যালয়টোত ফটকা ফুটাই আৰু মিঠাই বিতৰণেৰে আনন্দ প্ৰকাশ কৰে অগপৰ দলীয় কৰ্মীসকলে। উল্লেখ্য যে ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনতো ধুবুৰীত শাসকীয় মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থীৰূপে জাবেদ ইছলামে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। সেইবাৰৰ নিৰ্বাচনত জাবেদ ইছলামে ৩,৯৯,৭৩৩টা ভোট পাই তৃতীয় স্থানত থমকি ৰ’বলগীয়া হৈছিল। আনহাতে, এআইইউডিএফৰ বদৰুদ্দিন আজমলে ৭,১৮,৭৬৪টা ভোট পাই ধুবুৰী লোকসভা সমষ্টিত বিজয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীয়ে পাইছিল ৪,৯২,৫০৬টা ভোট। উল্লেখনীয় যে এইবাৰৰ লোকসভা নিৰ্বাচনত ধুবুৰীত নিজ দলৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব বুলি আশা কৰিছিল বিজেপিৰ জিলা পৰ্যায়ৰ বহু তৃণমূল কৰ্মী আৰু সমৰ্থকে। কিন্তু সেই আশা পূৰণ নোহোৱাত তেওঁলোকৰ মাজত সৃষ্টি হোৱা দেখা গৈছে হতাশাৰো।  বিজেপিৰ তৃণমূল কৰ্মী আৰু সমৰ্থকসকলৰ সমৰ্থনত ধুবুৰীৰ তিনিবাৰৰ সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ বিৰুদ্ধে অগপ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে কিমান কঠিন প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব, সেয়া লক্ষণীয় হ’ব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like