নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত এনডিএ সমৰ্থিত প্ৰাৰ্থী জীৱেশ ৰায়ক সমৰ্থনৰ আহ্বান অগপ নেতৃত্বৰ

১০নং বিলাসীপাৰা সমষ্টিত এনডিএৰ প্ৰাৰ্থীৰ সমৰ্থনত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলালে কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই। দুয়োগৰাকী মন্ত্ৰীয়ে বিলাসীপাৰাৰ পৰা সাপটগ্ৰামলৈ গৈ এক বৃহৎ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীদ্বয়ে কয় যে ৰাজ্যখনৰ সৈতে সাপটগ্ৰামৰ উন্নয়ন বহুদিন ধৰি স্থবিৰ হৈ আছে। তেওঁলোকৰ মতে, প্ৰতিবাৰে চৰকাৰবিৰোধী বিধায়ক নিৰ্বাচিত হোৱাৰ ফলতেই অঞ্চলটো উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সাপটগ্ৰামক ১০নং বিলাসীপাৰা সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে। এই পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে এনডিএৰ সহযোগী দল অসম গণ পৰিষদ (AGP)-ৰ প্ৰাৰ্থী জীবেশ ৰায়ক ভোট দিয়াৰ বাবে ৰাইজক আহ্বান জনায় মন্ত্ৰীদ্বয়ে।

ডিজিটেল ডেস্ক, ২৭ মাৰ্চ

You might also like