বিজনীত বিপিএফৰ জয় নিশ্চিত : হাগ্ৰামা মহিলাৰীৰ দাবী
বিজনী সমষ্টিক লৈ আত্মবিশ্বাসী মন্তব্য আগবঢ়ালে বিপিএফ নেতা হাগ্ৰামা মহিলাৰীয়ে। তেওঁ স্পষ্টকৈ কয়— “বিজনী এশ শতাংশ, অকল বিজনী নহয়, ১৫টাৰ ১৫টাই এশ শতাংশই জয় নিশ্চিত। কোনো কম্প্ৰমাইজ নাই।”
বিজনী জিলা কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে অনুষ্ঠিত বৈঠকৰ পিছত এই মন্তব্য কৰে নেতাগৰাকীয়ে। তেওঁ কয় যে দলটোত যিকোনো লোক আহিব পাৰে, যাবও পাৰে—দলৰ দুৱাৰ সকলোৰে বাবে খোলা।
থুৰিবাৰী সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমানে দল ত্যাগ কৰি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰসংগত মন্তব্য কৰি মহিলাৰীয়ে কয় যে— “বিসম্বাদ সকলো দলতে থাকে। এইবোৰে আমাৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। বিপিএফত যিসকল বিসম্বাদ কৰিছে, তেওঁলোক কোনো কামত নাহিব।”
ইফালে, বিজেপিৰ সৈতে আসন বণ্টনক লৈও মন্তব্য কৰি তেওঁ কয়— “আমি ১৫টাতকৈ বেছি আসন বিচাৰিছিলোঁ। ২০খন আসন দিলেও মই জিকাই আনিম।”
এই মন্তব্যই আগন্তুক নিৰ্বাচনৰ পূৰ্বে বিপিএফৰ আত্মবিশ্বাস আৰু ৰাজনৈতিক কৌশল স্পষ্ট কৰি তোলে।
ডিজিটেল ডেস্ক, ২৭ মাৰ্চ