বৰাক-ব্ৰহ্মপুত্ৰৰ সন্মিলিত শক্তিৰে বিকশিত অসমৰ সংকল্প অতুল বৰাৰ
- কৰিমগঞ্জত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন
নিয়মীয়া বাৰ্তা, ৫ মে’: আজি কৰিমগঞ্জ জিলা পুথিভৰালত অসম গণ পৰিষদ দলৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ এখন বিশাল কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়। হেজাৰ হেজাৰ কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। দলীয় বিষয়ববীয়া সকলক সম্বোধন কৰি সভাপতি বৰাই কয় যে, ব্ৰহ্মপুত্ৰ-বৰাকৰ সন্মিলিত আৰু ঐক্যবদ্ধ শক্তিয়ে সুৰক্ষিত আৰু বিকশিত অসমৰ বাট প্ৰশস্ত কৰিব। আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দলৰ প্ৰতি বৰাকবাসীৰ সমৰ্থন দেখি অভিভূত হৈ পৰা বুলি উল্লেখ কৰি অসম গণ পৰিষদ দল ৰাজ্যখনৰ সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু গ্ৰহণযোগ্য দল বুলি মতপ্ৰকাশ কৰে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাৰো জনসাধাৰণৰ সম-উন্নয়ণ আৰু সম-বিকাশৰ বাবে দলটো দায়বদ্ধ বুলি মতপোষণ কৰি ৰাজ্যখনৰ পৰা সমুলঞ্চে কংগ্ৰেছ মুক্ত কৰি মিত্ৰজোটৰ প্ৰতি সহযোগিতাৰ হাত আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে সকলো দলীয় কৰ্মীকে তৃণমূল পৰ্য্যায়ৰ পৰা দলৰ সংগঠন শক্তিশালী কৰাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।
সভাত দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল হিচাপে অসম গণ পৰিষদে আত্মপ্ৰকাশ কৰাৰ দিনৰে পৰা বৰাক উপত্যকাত সাংগঠনিক ভেটি সুদৃঢ় হৈ আছে ৷ বৰাকৰ কৰ্মকৰ্তা সকলে দলটোক ৰাইজৰ অকুণ্ঠ সমৰ্থনৰ মাজেৰে টনকিয়াল কৰি ৰাখিছে৷ দলৰ এই সকল কৰ্মকৰ্তাৰ নিৰৱচ্ছিন্ন প্ৰয়াসৰ বাবে তেখেতসকলক কৃতজ্ঞতা জনায় আৰু সমাগত পঞ্চায়ত নিৰ্বাচনত বিজয়ধ্বজা উৰুৱাৰ লগতে লোকসভাৰ সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদে মিত্ৰজোঁটৰ শক্তিশালী অংশীদাৰ হিচাপে যাতে দেশৰ নিম্ন সদনলৈ প্ৰতিনিধি পথিয়াব পাৰে তাৰবাবে এতিয়াৰ পৰাই পূৰ্ণ প্ৰস্তুতিৰে সাংগঠনিক কামকাজ সম্পাদন কৰিব লাগিব বুলি মতপোষণ কৰে।
মহন্তই লগতে কয় যে, অসম গণ পৰিষদক একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল হিচাপে সৰ্বস্তৰৰ ৰাইজে আকোৱালি লৈছে৷ দলটো শক্তিশালী ৰূপত আগবাঢ়ি যোৱাৰ বাবে ৰাইজৰ আৰ্শীবাদ, আস্থা আৰু বিশ্বাস সদায় আছে । ৰাইজৰ আশীৰ্বাদক শিৰত লৈ , ৰাইজৰ আস্থা আৰু বিশ্বাসক হৃদয়ংগম কৰি সাংগঠনিক কামকাজ সম্পাদন কৰিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায়। সভাত দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাংসদ তথা সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক ভূপেন ৰায়, বিমলেন্দু সিনহা, উপ-সভাপতি সুনীল ডেকা আদি উপস্থিত থাকে। কৰ্মৰ্কতা সন্মিলনত দলীয় সদস্যসকলে সমবেত সংগীত, বিহু নৃত্য, মণিপুৰী মৃদঙ্গ নৃ্ত্য পৰিবেশন কৰে। শিলচৰ বিমান বন্দৰৰ পৰা দলটোৰ নেতৃত্বক বিভিন্ন স্থানত আৰু কৰিমগঞ্জ জিলাৰ কেইবাটাও স্থানত হাজাৰ হাজাৰ লোকে আদৰণি জনায়। বৰাক উপত্যকাত অসম গণ পৰিষদ দলৰ শেহতীয়া সাংগঠনিক স্থিতিয়ে বিশেষ তাৎপৰ্য্য বহন কৰা পৰিলক্ষিত হৈছে।
আজিৰ এই সভাত অগপৰ বিভিন্ন স্তৰৰ জ্যেষ্ঠ-কনিষ্ঠ বিষয়ববীয়াসকল, অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদ, অসম কৃষক পৰিষদ, অসম মহিলা পৰিষদ, ধৰ্মীয় সংখ্যালঘু পৰিষদ প্ৰমুখ্যে আন ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল সভাত উপস্থিত থাকে।
Heartening to see the great enthusiasm among our Karmakartas at the AGP Karimganj LS constituency Special Karmi Sanmilan.
Urged them to work with renewed vigour to further strengthen the party base so that we can face all upcoming elections more strongly. pic.twitter.com/p4oKGUPpja
— Atul Bora (@ATULBORA2) May 5, 2023