নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট : কমলপুৰ সমষ্টিৰ পিয়লিখাটা নিৱাসী অসম গণ পৰিষদ দলৰ নেতা, সক্ৰিয় কৰ্মী মজাহৰুল হকৰ কালি নিজ বাসভৱনত মৃত্যু ঘটে। পঞ্চাশ বছৰীয়া নেতাগৰাকীয়ে দীৰ্ঘদিন ধৰি যকৃৎ ৰোগত আক্ৰান্ত হৈ অৱশেষত কালি সন্ধিয়া কৰুণ মৃত্যুক সাবটি লয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বাইহাটা চাৰিআলি আঞ্চলিক সমিতিৰ ২০০৩- ২০০৪ বৰ্ষৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি পৰৱৰ্তী সময়ত যুৱ নেতাগৰাকীয়ে কেইবাটাও পদত অধিষ্ঠিত হৈ মৃত্যু পৰ্যন্ত অগপৰ মদাৰতলা বিধান পৰিষদৰ সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। পত্নীসহ এজন পুত্ৰ সন্তানক এৰি যোৱা মজাহৰুল হকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কমলপুৰ বিধান পৰিষদৰ উপ-সভাপতি বিপিন দাস, যুৱ পৰিষদৰ সাধাৰণ সম্পাদক অসীম চৌধুৰী, সভাপতি জেহিৰুল হক, সম্পাদক পৱিত্ৰ কাকতি প্ৰমুখ্যে ভালেমান গুণমুগ্ধই।
প্ৰেৰক লক্ষী ডেকা