নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপৰ লাহৰীঘাট বিধান পৰিষদৰ সাধাৰণ সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী : মৰিগাঁও জিলাৰ নতুনকৈ গঠন হোৱা লাহৰীঘাট সমষ্টিৰ অগপৰ বিধান পৰিষদৰ সভা আজি অনুষ্ঠিত হয়। লাহৰীঘাট বিধান পৰিষদৰ নতুন সমিতি গঠনাৰ্থে অনুষ্ঠিত সাধাৰণ সভাৰ সভাপতিত্ব কৰে লাহৰীঘাট বিধান পৰিষদৰ সভাপতি ৰাজেন বৰাই। সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বিষ্ণু দাস, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক খালিচ উদ্দিন আহমেদ, মৰিগাঁও জিলা সমিতিৰ সভাপতি শান্তনু শৰ্মা আৰু সমষ্টিৰ অন্তৰ্গত ৩৮ গাঁও পঞ্চায়তৰ দলীয় কৰ্মীসকল। সভাত বিধান পৰিষদৰ নতুনকৈ সমিতি গঠনাৰ্থে প্ৰতিটো পঞ্চায়তৰ পৰা দুজনকৈ সদস্য বাছনি কৰা হয়। বাছনি কৰা সদস্যসকলৰ পৰা সৰ্বজন গ্ৰহণযোগ্য ব্যক্তিক বিষয়বাবৰ বাবে কেন্দ্ৰীয় সমিতিয়ে বাছনি কৰিব বুলি পৰ্যবেক্ষক বিষ্ণু দাসে জানিবলৈ দিয়ে। উল্লেখ্য যে সাধাৰণ সভাত উপ-সভাপতি বিষ্ণু দাসে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সাজু হবলৈ আহ্বান জনায়। ইয়াৰ উপৰি দলীয় সাংগঠনিক দিশত বিশদভাৱে আলোচনা কৰা হয়।

প্ৰেৰক আবুল কালাম

You might also like