নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা

🔹 পঞ্চায়ত, উপ-নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা

🔹 ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় সাহায্যৰ আহ্বান

🔹 কৰ্মকৰ্তাক ৰাইজৰ মাজত থাকি কাম কৰাৰ আহ্বান সভাপতি অতুল বৰাৰ

বিশেষ বাৰ্তা, ২৪ জুলাই : আজি গুৱাহাটীস্থ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু সদস্য আৰু জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদকসকলৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কেইবা ঘন্টাজুৰি উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনকে ধৰি দলীয় সংগঠন আৰু ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক লৈ বিশদভাৱে আলোচনা হয়। আজিৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা দলীয় সংগঠন সক্ৰিয় আৰু অধিক গতিশীল কৰাৰ উদ্দেশ্যে সমষ্টি সমিতি আৰু পঞ্চায়ত সমিতিৰ প্ৰত্যক্ষ ব্যৱস্থাপনাত প্ৰয়োজনসাপেক্ষে বুথ-শাখা সমিতি তৎকালীনভাৱে পুনৰ গঠন কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। বিশেষভাৱে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচোটা বিধানসভা সমষ্টিত প্ৰয়োজনসাপেক্ষে বুথ-শাখা সমিতি ৩১ আগষ্টৰ ভিতৰত পুনৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে। সভাই উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচোটা বিধানসভা সমষ্টিত ৩১ আগষ্টৰ ভিতৰত সমষ্টি ভিত্তিত সাংগঠনিক সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই সকলো ধৰণৰ সাংগঠনিক আৰু নিৰ্বাচনী তৎপৰতা বৃদ্ধিৰ বাবে প্ৰতিটো সমষ্টিত দলীয় তত্ত্বাৱধায়ক নিয়োগ কৰিবলৈ দলৰ সভাপতিক কৰ্তৃত্ব প্ৰদান কৰে। সভাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ নিৰ্বাচনী প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই প্ৰতিটো পঞ্চায়তৰে সকলোকেইটা ৱাৰ্ডতে প্ৰাৰ্থী নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আগতীয়াকৈ পেনেল প্ৰস্তুত কৰিবলৈও আহ্বান জনায়। এই পেনেলত পুৰুষৰ লগতে মহিলাৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব বুলি সভাই ঐকমত্য পোষণ কৰে। সভাই দলীয় সাংগঠনিক কাম-কাজসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে প্ৰতি সপ্তাহত দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ উপস্থিতিত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, সদস্য, জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক, সমষ্টি সমিতিৰ সভাপতি, সম্পাদক আৰু ভাতৃ-ভগ্নী সংগঠনৰ লগত আলোচনাত মিলিত হ’বলৈ সিদ্ধান্ত লয় । সভাই ১৯, ২০ আৰু ২১ আগষ্টত তিনিদিনীয়াকৈ গুৱাহাটীত এখন ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি প্ৰতিটো বিধানসভা সমষ্টিতে জনসংযোগী কাৰ্যসূচী গ্ৰহণ কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্যসূচীৰ বিতং কৰ্মসূচী নিৰ্দিষ্টভাৱে উল্লেখ থাকিব আৰু দলীয় তত্ত্বাৱধায়কসকলে এই কাৰ্যসূচী ৰূপায়ণৰ বাবে উপস্থিত থাকি ৰূপায়ণৰ ব্যৱস্থা কৰিব। সভাই উজনি-নামনি, বৰাক উপত্যকা আৰু পাহাৰ অঞ্চলত জনসংযোগ যাত্ৰা কাৰ্যসূচী ছেপ্টেম্বৰ মাহত আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

সভাই অসমৰ বান আৰু খহনীয়া সমস্যাৰ ওপৰত বিশদভাৱে আলোচনা কৰে আৰু এই সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ বাবে সময় নিৰ্ধাৰিতভাৱে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই লগতে ৰাজ্যখনৰ শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত ৰাইজৰ সাহায্য  আৰু পুনৰ সংস্থাপনৰ বাবে এক বিশেষ পেকেজ ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। সভাপতিৰ আসনৰ পৰা অতুল বৰাই কয় যে দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই ৰাজনৈতিক কাৰ্যসূচীৰ লগতে সামাজিক কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ মাজত থাকি কাম কৰিব লাগিব। যিকোনো নিৰ্বাচনৰ বাবে সাজু হ’ব পৰাকৈ সকলো দলীয় সদস্যকে নিজৰ নিজৰ অঞ্চলত জনসংযোগ বৃদ্ধিৰ লগতে দলীয় কাৰ্যসূচীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়। সভাত উপস্থিত থাকি কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই প্ৰতিজন সদস্যকে স্থানীয় বিশিষ্ট ব্যক্তি তথা নীৰৱ দলীয় সদস্যসকলক সাক্ষাৎ কৰি মত বিনিময় কৰাত গুৰুত্ব আৰোপ কৰে আৰু জনসাধাৰণৰ চিন্তাক দলৰ জৰিয়তে প্ৰকাশ কৰাৰ বাবে তৎপৰ হ’বলৈ আহ্বান জনায়। সভাত উপ-সভাপতি পৃথ্বিৰাজ ৰাভা, কুমাৰ দীপক দাস, জ্যোতিষ দাস, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, ডাঃ তাৰাপ্ৰসাদ দাস, সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতা, ভূপেন ৰায়, প্ৰবীণ হাজৰিকা, মনোজ শইকীয়া, পোনাকণ বৰুৱা, সত্যব্ৰত কলিতা, আক্ৰাম হুছেইন, সুনীল ৰাজকোঁৱৰ, ড০ তপন দাস, মণিমাধৱ মহন্ত, ধৰ্মেশ্বৰ ৰায়, তোলন কোঁৱৰ, জ্যোতিমণি মৰাণ, জয়ন্ত খাউণ্ড প্ৰমুখ্যে দলীয় কেন্দ্ৰীয় বিষয়ববীয়া আৰু সদস্যসকল, ভাতৃ-ভগ্নী সংগঠনৰ সভাপতিসকলৰ লগতে দলৰ জিলা সমিতিসমূহৰ সভাপতি, সাধাৰণ সম্পাদকসকল উপস্থিত থাকে।

You might also like