নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানপানীকে ধৰি চাহ উদ্যোগলৈ অহা প্ৰত্যাহ্বান ৰোধৰ আহ্বান

🔹 সংসদৰ মজিয়াত অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

বিশেষ বাৰ্তা, ২৪ জুলাই : আজি ৰাজ্যসভাত অসম গণ পৰিষদ দলৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা কেন্দ্ৰীয় বাজেটক এখন উন্নয়নমুখী আৰু বাস্তৱধৰ্মী বাজেট বুলি উল্লেখ কৰি বাজেটখনৰ জৰিয়তে দেশৰ আই-মাতৃ আৰু বাই-ভনীসকলক মৰ্যাদাসহকাৰে জীৱন নিৰ্বাহৰ বাট মুকলি কৰি দিলে বুলি মত পোষণ কৰে। বাজেটখনে কৃষি, শিক্ষা আদিৰ লগতে দেশৰ অৰ্থনৈতিক কাঠামো শক্তিশালীকৰণৰ এক স্পষ্ট ইংগিত দাঙি ধৰাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলক সংস্থাপনমুখী কৰাৰ বাট মুকলি কৰা বুলি মত পোষণ কৰে। সাংসদ বৈশ্যই অসমৰ শেহতীয়া জটিল বান পৰিস্থিতিৰ কথা উল্লেখ কৰি বানৰ ফলত ৰাজ্যখন ব্যাপক ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰি বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে চীনকে ধৰি চুবুৰীয়া ৰাষ্ট্ৰৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বৈশ্যই লগতে অসমৰ ঐতিহ্যশালী চাহ উদ্যোগলৈ অহা প্ৰত্যাহ্বানৰ কথা আঙুলিয়াই দি গুৰুত্বপূৰ্ণ এই উদ্যোগটোক আগবঢ়াই নিয়াত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা বিচাৰে। বৈশ্যই ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে সন্মুখীন হোৱা সমস্যাৰ কথাও সংসদত দাঙি ধৰি ক্ষুদ্ৰ চাহ খেতিয়কসকল ৰাজ্যখনৰ অৰ্থনীতিৰ অন্যতম মেৰুদণ্ড বুলি উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰক সকলো ধৰণৰ সহযোগিতাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

You might also like