জনগণে অগপকে একমাত্র আঞ্চলিক দল হিচাপে প্রতিপন্ন কৰিলে
নিয়মীয়া বাৰ্তা ৪ মেঃ সোমবাৰে অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কার্যালয়ত দলটোৰ নৱনির্বাচিত বিধায়কসকলক সম্বর্ধনা জনোৱা হয়৷ সম্বর্ধনা গ্রহণ কৰি দলৰ সভাপতি তথা বোকাখাত সমষ্টিৰ পৰা পুনৰ নির্বাচিত হোৱা বিধায়ক অতুল বৰাই জনসাধাৰণৰ ব্যাপক সঁহাৰি আৰু ৰায়দানে ৰাজ্যবাসীৰ প্রতি অধিক দায়বদ্ধশীল কৰি তুলিলে বুলি মন্তব্য কৰে৷ বৰাই লগতে কয়, ৰাজ্যখনৰ জনসাধাৰণে অগপকে একমাত্র আঞ্চলিক দল হিচাপে পুনৰ স্পষ্ট কৰিলে৷ আঞ্চলিকতাবাদৰ ভেটি মজবুত কৰিবলৈ আগন্তুক দিনত অধিক দৃঢ়তাৰে কাম কৰি যাব বুলি মন্তব্য কৰি অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷ দলৰ কার্যকৰী সভাপতি কেশৱ মহন্তই কয় যে সকলো প্রত্যাহ্বান আৰু ঘাত–প্রতিঘাত নেওচি দল পুনৰ আঞ্চলিকতাবাদী শক্তিৰূপে প্রতিপন্ন হ’ল৷
অনুষ্ঠানত জ্যেষ্ঠ নেতা তথা বঙাইগাঁও সমষ্টিৰ পৰা অষ্টমবাৰৰ বাবে নির্বাচিত বিধায়ক ফণীভূষণ চৌধুৰী, পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা ষষ্ঠবাৰৰ বাবে নির্বাচিত হোৱা বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, টীয়ক বিধানসভা সমষ্টিৰ পৰা বিধায়িকা ৰেণুপমা ৰাজখোৱা, নৱনির্বাচিত বিধায়ক তেজপুৰ সমষ্টিৰ পৃথ্বিৰাজ ৰাভা আৰু চাবুৱা সমষ্টিৰ পৰা নির্বাচিত পোনাকণ বৰুৱাই সকলোকে ধন্যবাদ জনাই বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্র প্রসাদ বৈশ্য, নুৰুল হুছেইন, হিৰণ্য কুমাৰ কোঁৱৰ, মনোজ শইকীয়া, সত্যব্রত কলিতা, উপ–সভাপতি দিলীপ পাটগিৰি, সুনীল ডেকাৰ লগতে অসম যুৱ পৰিষদ, অসম মহিলা পৰিষদ, অসম ছাত্র পৰিষদ, অগপৰ গুৱাহাটী মহানগৰ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷