নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত কৃত্রিম বানত ৰাইজৰ দুর্ভোগ

নিয়মীয়া বাৰ্তা, ৪ মেঃ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে এইবাৰো কৃত্রিম বানত দুর্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসী৷ পৌৰ নিগম কর্তৃপক্ষই মহানগৰীৰ বিভিন্ন স্থানৰ নলা–নর্দমাৰ লগতে ভৰলু, বাহিনী নৈৰ খনন আৰু আৱর্জনা পৰিষ্কাৰ নকৰাৰ ফলতেই এজাক বৰষুণতে ঠাই বিশেষে কৃত্রিম বানত জলাকলা খাবলগীয়া হৈছে মহানগৰবাসীয়ে৷

নলা–নর্দমাৰ আৱর্জনা নিষ্কাশনৰ নামত প্রতি বছৰে কোটি কোটি টকা খৰচ কৰাৰ পিছতো পৌৰ নিগম কর্তৃপক্ষৰ হেমাহিৰ বাবে একাংশ ঠিকাদাৰে নামমাত্র আৱর্জনা নিষ্কাশন কৰিয়েই দায়িত্ব সামৰিছে৷ যাৰ ফলশ্রুতিত খানাপাৰা, হাতীগাঁও, জু–ৰোড, জিএছ ৰোডকে ধৰি বিভিন্ন স্থানত সাধাৰণ এজাক বৰষুণতে কৃত্রিম বানত দুর্ভোগ ভুগি আহিছে মহানগৰবাসীৰ লগতে বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ অহা লোকসকলে৷ শেহতীয়াকৈ খানাপাৰাৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথ বিগত এমাহ ধৰি কৃত্রিম বানত বুৰ যোৱা পৰিলক্ষিত হৈছে৷ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষে থকা নলা–নর্দমাসমূহ পৰিষ্কাৰ নকৰাৰ ফলতেই বিগত এমাহ ধৰি খানাপাৰাত পথচাৰীসকলে কৃত্রিম বানৰ পূতিগন্ধময় পৰিৱেশৰ মাজত যাতায়াত কৰি আহিবলগীয়া হৈছে৷

স্থানীয় ৰাইজ আৰু একাংশ সচেতন লোকে খানাপাৰা অঞ্চলটোক কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা প্রশাসন আৰু পৌৰ নিগম কর্তৃপক্ষক লিখিত আৰু মৌখিকভাৱে আবেদন–নিবেদন কৰিছে যদিও এতিয়ালৈকে এই ক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ নলা–নর্দমাসমূহ পৰিষ্কাৰ নকৰাৰ ফলত খানাপাৰাৰ পৰা যোৰাবাটলৈকে ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষে বিভিন্ন স্থানত কৃত্রিম বানে প্রলয়ৰ সৃষ্টি কৰিছে৷

বাৰিষা আৰম্ভ নৌহওঁতেই এজাক বৰষুণতে ৰাষ্ট্রীয় ঘাইপথটো কৃত্রিম বানত বুৰ গৈছে৷ যদিহে জিলা প্রশাসন আৰু পৌৰ নিগম কর্তৃপক্ষই ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষে থকা নলা–নর্দমাৰ আৱর্জনা শীঘ্রে পৰিষ্কাৰৰ ব্যৱস্থা নকৰে, তেন্তে আগন্তুক দিনত কৃত্রিম বানে খানাপাৰা আৰু যোৰাবাটত ভয়াৱহ ৰূপ ল’ব৷

You might also like