🔴বছৰৰ আৰম্ভণিতে উদ্যম-২০২৪ শীৰ্ষক বিশাল মেলা-প্ৰদৰ্শনী আয়োজন
🔴আত্মনিৰ্ভৰশীল অসম গঢ়াৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাক আগবঢ়াই নিয়াৰ চেষ্টা
🔴১১ ফেব্ৰুৱাৰীত গুৱাহাটীত অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন
বাৰ্তা ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰঃ ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত অসম গণ পৰিষদৰ হৈ অসমৰ ৰাইজলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে দলৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই। ২০২৪ বৰ্ষটোৱে ৰাজ্যখনৰ প্ৰতিটো পৰিয়াল, প্ৰতিগৰাকী নাগৰিকৰ জীৱনলৈ নতুন পোহৰ কঢ়িয়াই আনিব বুলি আশাবাদী মন্ত্ৰীগৰাকী। সুখ-শান্তি প্ৰাপ্তিৰ প্ৰাচুৰ্যৰে সমৃদ্ধ হওক প্ৰতিখন ঘৰ এই কামনাই কৰিছে মন্ত্ৰী বৰাই। দল আৰু ৰাজ্যখনৰ স্বাৰ্থত অগপৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক নতুন বছৰৰ প্ৰাকক্ষণত তেওঁৰ আহ্বান— নতুন বছৰটোত অসমৰ বুকুত আঞ্চলিকতাবাদী শক্তিক এক নতুন ৰূপত আৰু নতুন উদ্যমেৰে শক্তিশালী কৰাত আত্ম-নিয়োগ কৰক। প্ৰতি নৱবৰ্ষতেই অসম আৰু অসমবাসীৰ স্বাৰ্থত নতুন সংকল্প গ্ৰহণ কৰাৰ লগতে সেই সংকল্প ৰূপায়ণৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই থকাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। এইবাৰে অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি দিশত সমাগত বছৰটো অতি গুৰুত্বপূৰ্ণ হব বুলি আশা ব্যক্ত কৰিছে মন্ত্ৰী অতুল বৰাই। নতুন বছৰত দুটা সংকল্প লৈ আগবঢ়াৰ কথা উল্লেখ কৰিছে মন্ত্ৰী বৰাই। সেই অনুসৰি অসমৰ যুৱ প্ৰজন্মক অৰ্থনৈতিকভাৱে উজ্জ্বীৱিত কৰি তোলাই হ’ব নতুন বছৰটোত অগপৰ প্ৰথম আৰু প্ৰধান প্ৰয়াস। বিশেষকৈ, এখন আত্মনিৰ্ভৰশীল অসম গঢ়াৰ ক্ষেত্ৰত অগপৰ ফালৰপৰা সম্ভৱপৰ সকলো প্ৰচেষ্টা গ্ৰহণ কৰি যুৱক-যুৱতীসকলক স্ব-নিৰ্ভৰশীল হোৱাত সহায় কৰাৰ চেষ্টা কৰা হব। উঠি অহা থলুৱা উদ্যোগীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে অগপই নতুন বছৰৰ প্ৰাৰম্ভতে উদ্যম-২০২৪ শীৰ্ষক ৰাজ্যিক ভিত্তিত এখন বিশাল মেলা আৰু প্ৰদৰ্শনী আয়োজনৰ সিদ্ধান্তৰ কথাও প্ৰকট কৰিছে মন্ত্ৰী বৰাই অসমৰ বিভিন্ন প্ৰান্তত স্বনিৰ্ভৰশীলতাৰ পথ দেখুৱাবলৈ সক্ষম হোৱা যুৱক-যুৱতীসকলে এই মেলাত অংশগ্ৰহণৰ সুযোগ পাব। য’ত নিজৰ উৎপাদিত সামগ্ৰী মহানগৰখনৰ গ্ৰাহকৰ মাজত বিক্ৰী আৰু প্ৰদৰ্শনৰ সুযোগ গ্ৰহণ কৰিব পাৰিব। নিশ্চিতভাৱে এই মেলা আৰু প্ৰদৰ্শনীৰ জৰিয়তে পৰিশ্ৰমী থলুৱা উদ্যোগী একোজনে বহুল প্ৰচাৰৰ সুযোগ পাব। যিয়ে তেওঁ কৰি অহা কৰ্মক অধিক গতি প্ৰদান কৰিব। তদুপৰি নিৱনুৱা যুৱক-যুৱতীসকলক স্ব-নিৰ্ভৰশীলতাৰ পথ দিব পৰাকৈ নতুন বছৰটোত বিভিন্ন কৰ্মশালা, প্ৰশিক্ষণ শিৱিৰ আয়োজনৰো পৰিকল্পনা আছে বুলি ব্যক্ত কৰিছে মন্ত্ৰী তথা দলৰ সভাপতি বৰাই। মুঠৰ ওপৰত আত্মনিৰ্ভৰশীল অসম গঢ়াৰ শ্লোগানক হাতে-কামে আগুৱাই নিয়া হ’ব নতুন বছৰটোত অগপৰ প্ৰথম আৰু প্ৰধান প্ৰয়াস। এখন আত্মনিৰ্ভৰশীল অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অব্যাহত ৰখা প্ৰচেষ্টাক আগবঢ়াই নিবলৈ আৰু ৰাজ্যখনৰ অৰ্থনৈতিক কাঠামো অধিক শক্তিশালী কৰাৰ বাবেই অগপই প্ৰচেষ্টা অব্যাহত ৰাখিব। আন এক সংকল্পটো ব্যক্ত কৰি বৰাই কয়, অগপৰ ৰাজনৈতিক শক্তি বৃদ্ধি। অগপক হৃদয়েৰে আকোঁৱালি ধৰি থকা অসমৰ আঞ্চলিকতাবাদী ৰাইজে সংসদৰ উভয় সদনত আমাৰ দলৰ প্ৰতিনিধিত্ব থকাটো মনে-প্ৰাণে বিচাৰে। বৰ্তমান ৰাজ্যসভাত আমাৰ প্ৰতিনিধিত্ব আছে যদিও লোকসভাত অগপৰ কোনো প্ৰতিনিধি নাই। ২০২৪ বৰ্ষত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত অষ্টাদশ লোকসভা নিৰ্বাচন। এই নিৰ্বাচনৰ জৰিয়তে অগপই লোকসভালৈ সাংসদ নিৰ্বাচিত কৰি পঠিওৱাৰ লক্ষ্যৰে বছৰৰ আৰম্ভণিৰেপৰাই তৎপৰতা তুংগত তুলিব। ইতিমধ্যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলৰ সাংগঠনিক প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আনহাতে সমাগত ২০২৪ বছৰতে বহু প্ৰত্যাশিত পঞ্চায়ত নিৰ্বাচনো অনুষ্ঠিত হ’ব। পূৰ্বতকৈ যাতে অধিক প্ৰতিনিধি পঞ্চায়তলৈ প্ৰেৰণ কৰিব পাৰি সেয়াও হ’ব দলৰ অন্যতম প্ৰধান লক্ষ্য। এই ধৰণৰ লক্ষ্যত উপনীত হ’বৰ বাবে দলৰ সাংগঠনিক শক্তি বৃদ্ধি অতি জৰুৰী। সেয়ে সমান্তৰালভাৱে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অগপৰ সাংগঠনিক শক্তি বৃদ্ধি হ’ব আমাৰ অন্যতম লক্ষ্য। এইক্ষেত্ৰত দলৰ মূল কেন্দ্ৰীয় কমিটিৰ লগতে প্ৰতিটো ভাতৃ-ভগ্নী সংগঠনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু এই সম্পৰ্কত প্ৰতিটো ভাতৃ-ভগ্নী সংগঠনে ইতিমধ্যে নিজাববীয়াকৈ কৰ্মসূচী গ্ৰহন কৰিব। অগপৰ লক্ষ্য আৰু দলীয় সূচী প্ৰকাশ কৰি তেওঁ কয়, লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি লোক সভা সমষ্টি ভিত্তিত বুথ কৰ্মী সভা অনুষ্ঠিত হব। সেই অনুসৰি ৮ জানুৱাৰীত বৰপেটাত, ১০ জানুৱাৰীত কাজিৰঙাত, ২৩ জানুৱাৰীত যোৰহাটত, ৩০ জানুৱাৰীত শোণিতপুৰ আৰু ২ ফেব্ৰুৱাৰীত কৰিমগঞ্জত সভা অনুষ্ঠিত হব। আনহাতে ১১ ফেব্ৰুৱাৰীত গুৱাহাটীত দলৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন অনুষ্ঠিত হব।