নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপ সকলো নিৰ্বাচনৰ বাবে সাজু : সভাপতি অতুল বৰা

🎯  ১৪ অক্টোবৰত চাবুৱাত অনুষ্ঠিত হব দলৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

🎯  দলীয় সদস্যক জনসাধাৰণৰ কাষত থাকি কাম কৰা আহ্বান কেশৱ মহন্তৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ছেপ্টেম্বৰঃ আজি অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত দলৰ কেন্দ্ৰীয় সমিতিৰ এখন বৰ্ধিত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত বিশেষ ভাৱে নিৰ্বাচনকেন্দ্ৰীক কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে দলৰ প্ৰতিষ্ঠা দিৱস, বিধান সভা সমষ্টি ভিত্তিত দলীয় কৰ্মশালা, সদস্য ভৰ্তি কাৰ্য্যসূচী আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয়। সভাই প্ৰতিটো বিধান সভা সমষ্টিতে সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই ১৪ অক্টোবৰৰ দলৰ প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে ডিব্ৰুগড় জিলাৰ চাবুৱা সমষ্টিৰ অন্তৰ্গত জেৰাই খেলপথাৰত অনুষ্ঠিত কৰাৰ লগতে প্ৰতিটো বিধান সভা সমষ্টিত আৰু জিলা কাৰ্য্যালয়ত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লয়। সভাই দলৰ সদস্যভৰ্তি কাৰ্য্যসূচী ক্ষীপ্ৰতাৰে কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অফলাইন আৰু অনলাইন দুয়োটা মাধ্যমৰে এই কাৰ্য্যসূচী ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰে। সভাই কৰ্মশালা সমূহ সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে দলৰ সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া, সুনীল ডেকা, ড০ তপন দাস আৰু উপ-সভাপতি অপূৰ্ব ভট্টাচাৰ্য্যক লৈ এখন সমিতি গঠন কৰে। সভাই উপ-নিৰ্বাচন সম্পৰ্কত বিষদ ভাৱে আলোচনা কৰি উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া প্ৰতিটো বিধান ,সভা সমষ্টিতে ৩ অক্টোবৰৰ পৰা ৬ অক্টোবৰৰ ভিতৰত এখনকৈ সাংগঠনিক সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই লগতে স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি একোখনকৈ সমিতি গঠন কৰাৰ বাবে দলৰ সভাপতিক দায়িত্ব অৰ্পন কৰি সিদ্ধান্ত লয়। সভাপতিৰ ভাষণৰ পৰা সভাপতি অতুল বৰাই দলটোক তৃণমূল পৰ্য্যায়ৰ পৰা অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰি কয় যে., প্ৰতিটো স্তৰতে সাংগঠনিক গাঠনি শক্তিশালী কৰি যিকোনো নিৰ্বাচনৰ মুখামুখি হবপৰাকৈ দলক প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। সভাপতি বৰাই দলত ব্যপক সদস্যভৰ্তি কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা সমিতি আৰু সমষ্টি সমিতিসমূহক আহ্বান জনায়। সভাপতি বৰাই লগতে কয় যে, দলৰ লগতে ভাতৃ-ভগ্নী সংগঠনসমূহেও সংঘবদ্ধভাৱে সাংগঠনিক কাম-কাজসমূহ আগুৱাই নিবলৈ আহ্বান জনায়। সভাত দলটোৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই বুথ সন্মিলনসমূহে দলটোক তৃণমূল পৰ্য্যায়ত শক্তিশালী কৰাৰ লগতে অধিক সম্প্ৰসাৰণ কৰা বুলি উল্লেখ কৰি সকলো দলীয় সদস্যকে জনসাধাৰণৰ কাষত থাকি কাম কৰিবলৈ আহ্বান জনায়। সভাত সাংসদ ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা০ কমলাকান্ত কলিতা, প্ৰদীপ হাজৰিকা, প্ৰবীন হাজৰিকা,মনোজ শইকীয়া, সত্যব্ৰত কলিতা, বিমলেন্দু সিংহা, সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, ড০ তপন দাস, তোলন কোৱঁৰ,আক্ৰাম হুছেইন, জ্যোতিমণি মৰাণ, ধৰ্মেশ্বৰ ৰায়, উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, জ্যোতিষ দাস, ড০ জয়নাথ শৰ্মা, তুলসী গগৈ, মামনি বৰা প্ৰমুখ্যে দলৰ কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়া,সদস্য, জিলা সমিতিৰ সভাপতি সকলৰ লগতে ভাতৃ ভগ্নী সংগঠনৰ সভাপতি সকল উপস্থিত থাকে।

You might also like