হঠাৎ সক্রিয় আমবাৰীঃ বিধানসভা নির্বাচনত অগপৰ লক্ষ্য ৮৫ সমষ্টি
নিয়মীয়া বার্তা, ৪ জুনঃ সমাগত ২০২১ চনৰ বিধানসভা নির্বাচনৰ বাবে শাসকীয় দল বিজেপিয়ে আৰম্ভ কৰা কুচকাৱাজৰ পিছতে এইবাৰ কঁকালত টঙালি বান্ধিছে ৰাজ্যৰ মিত্রজোঁট চৰকাৰৰ অংশীদাৰ আঞ্চলিক দল অগপই৷ আগন্তুক নির্বাচনৰ বাবে ৮৫টাকৈ সমষ্টিক লক্ষ্য কৰি লৈছে অগপই৷ এই উদ্দেশ্যে বুধবাৰে অনুষ্ঠিত হয় দলটোৰ নির্বাচনকেন্দ্রিক এক বৈঠক৷ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত নির্বাচন সম্পর্কীয় কেইবাটাও দিশ আলোচনা কৰাৰ লগতে বিজেপিৰ লেখীয়াকৈ জনসম্পর্ক ৰক্ষা কৰাৰ বাবে এক আইটি চেল মুকলিৰ সিদ্ধান্ত লোৱা হয়৷
মন কৰিবলগীয়া যে ‘কা’বিৰোধী আন্দোলনৰ সময়ত গ্রহণ কৰা স্থিতিক লৈ আঞ্চলিক দলটো যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল৷ লগতে অগপৰ ভিতৰচ’ৰাতো বিদ্রোহৰ সৃষ্টি হৈছিল৷ দলৰ একাংশ নেতাই মুকলিকৈ সভাপতিকে ধৰি নেতৃত্বৰ সমালোচনাত সৰৱ হৈ পৰিছিল৷ অৱশ্যে ক’ভিড–১৯–এ সৃষ্টি কৰা পৰিৱেশৰ পিছত ৰাজনৈতিক ক্ষেত্রখনত আহি পৰা পৰিৱর্তনৰ সুযোগ লৈয়ে অগপই আৰম্ভ কৰিছে নির্বাচনী তৎপৰতা৷ এই উদ্দেশ্যে অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত দলৰ সাংগঠনিক স্থিতি থকা ৮৫টা সমষ্টিক নির্বাচনৰ বাবে চিনাক্ত কৰা হয়৷ ১৯৮৫ চনৰ পৰা অগপৰ ভেটি শক্তিশালী হৈ থকা এই ৮৫টা সমষ্টিত জনসম্পর্ক বৃদ্ধি কৰাৰ বাবে বুধবাৰৰ বৈঠকতে সিদ্ধান্ত লোৱা হয়৷ ইয়াৰ বাবে আঞ্চলিক দলটোৱে সমষ্টিভিত্তিক আইটি চেল গঠনৰ প্রক্রিয়া আৰম্ভ কৰিব৷
বৈঠকৰ পিছত সভাপতি অতুল বৰাই এখন সংবাদ মেলযোগে কয়– পৰিৱর্তিত পৰিস্থিতিত ছ’চিয়েল মিডিয়াৰ ওপৰত অত্যধিক গুৰুত্ব দিবলৈ বাধ্য হৈছোঁ৷ অগপ তথ্য–প্রযুক্তিৰ লগত ব্যাপকভাৱে জড়িত নাছিল৷ সেয়েহে দল আৰু ভাতৃ–ভগ্ণী সংগঠনসমূহৰ দ্বাৰা জনসংযোগ আগন্তুক দিনত অধিক শক্তিশালী কৰা হ’ব৷ অগপই দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰি থকাৰ সময়তে ক’ভিড–১৯ৰ বাবে সকলো প্রক্রিয়া যোৱা দুটা মাহ স্থবিৰ হৈ পৰিল৷ আনহাতে এতিয়া ৰাজ্যবাসীক প্রথমটো বানে জুৰুলা কৰি ৰাখিছে৷ সেয়েহে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দলীয় কর্মকর্তা আৰু ৰাইজৰ ওচৰলৈ যোৱাৰ এক প্রস্তুতি আৰম্ভ কৰা হৈছে৷ উল্লেখ্য যে ক’ভিড–১৯ৰ বাবে শাসকীয় বিজেপি দলে ভার্ছুৱেল মিটিং অনুষ্ঠিত কৰাৰ লগতে দলীয় কর্মকর্তাৰ সৈতে ভিডি’ কনফাৰেঞ্চৰ জৰিয়তে বার্তালাপ আৰম্ভ কৰাৰ যো–জা চলাইছে৷ বিজেপিৰ দৰে অগপই একে কৌশলেৰে নির্বাচনৰ পূর্বে দলীয় সমর্থকৰ ওচৰ চাপিবলৈ পৰিকল্পনা কৰিছে৷ সেই অনুসৰি আঞ্চলিক দলটোৱে ৮৫টা সমষ্টিত গঠন কৰিব একোটাকৈ আইটি চেল৷ এই আইটি চেলৰ দ্বাৰা দলীয় কর্মকর্তাসকলে সমষ্টিৰ ভোটাৰৰ সৈতে জনসম্পর্ক স্থাপন কৰিব৷ সমান্তৰালভাৱে নির্বাচনৰ বাবে ইয়াৰ জৰিয়তে আগতীয়াকৈ চলাব প্রচাৰ৷ এইক্ষেত্রত দলৰ কেন্দ্রীয় বিষয়ববীয়া, যুৱ পৰিষদ, মহিলা পৰিষদ আৰু ছাত্র পৰিষদৰ নেতা–প্রতিনিধিসকল সমষ্টিসমূহত উপস্থিত হৈ ব্যৱস্থা গ্রহণৰ বাবে আজি নির্দেশ দিয়া হয়৷
মন কৰিবলগীয়া যে ‘কা’বিৰোধী আন্দোলনক লৈ অগপত সৃষ্টি হোৱা বিভেদ আজি পুনৰ স্পষ্ট হয়৷ দলে প্রতিটো সমষ্টিৰ বাবে গঠন কৰিব লগা আইটি চেলৰ দায়িত্ব বিধায়ক তথা প্রাক্তন বিধায়কসকলক অর্পণ কৰিছে যদিও এই তালিকাৰ পৰা বাদ পৰিছে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তকে ধৰি ‘কা’ আন্দোলনৰ সমর্থকসকল৷ কার্যতঃ অতুল বৰাবিৰোধী শিবিৰক এই প্রক্রিয়াৰ পৰা আঁতৰাই ৰখা হ’ল৷ উদাহৰণস্বৰূপে বঢ়মপুৰ সমষ্টিৰ আইটি চেলৰ দায়িত্ব অর্পণ কৰা হৈছে মন্ত্রী কেশৱ মহন্তক৷ একেদৰে মহন্তপন্থী বিধায়ক উৎপল দত্তৰ সমষ্টি আৰু বিধায়ক বৃন্দাবন গোস্বামীৰ সমষ্টি ক্রমে লখিমপুৰ, তেজপুৰৰ দায়িত্ব অর্পণ কৰা হৈছে প্রবীণ হাজৰিকাক৷ আনহাতে বিধায়ক পবীন্দ্র ডেকাৰ সমষ্টিৰ দায়িত্ব দিয়া হৈছে প্রাক্তন বিধায়ক ভূপেন ৰায়ক৷ ইয়াৰ বিপৰীতে কিন্তু বিধায়ক সত্যব্রত কলিতা, নৰেন সোণোৱাল, ৰেণুপমা ৰাজখোৱা আদি বিধায়কৰ সমষ্টিৰ দায়িত্ব আনক দিয়া হোৱা নাই