নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ আগৰৱালা স্কুলত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

🔹 প্ৰাচীৰ পত্ৰিকা ‘গজালি’ উন্মোচন

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰ : প্ৰতিষ্ঠাৰ নব্বৈ বছৰ অতিক্ৰম কৰা মৰিয়নিৰ অগ্ৰণী শিক্ষানুষ্ঠান মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয় (আগৰৱালা স্কুল)ত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৫৬সংখ্যক তিৰোভাৱ তিথি পালন কৰা হয় । ইয়াৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা “গজালি“ৰ নৱম বৰ্ষৰ দ্বিতীয় সংখ্যাটি আজি উন্মোচন কৰা হয় ৷ এই উপলক্ষে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক মনোজ কুমাৰ শৰ্মাই আঁত ধৰা উন্মোচনী অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ প্ৰীতম কুমাৰ শইকীয়াই নিজ বক্তব্যত বিদ্যালয়খনৰ সৰ্বাংগীণ বিকাশৰ নতুন প্ৰচেষ্টাত সকলোৰে সহযোগিতা কামনা কৰে ৷ বিশেষকৈ সাহিত্য-সংস্কৃতি-বিজ্ঞানৰ দিশত ছাত্ৰ- ছাত্ৰীৰ বিকাশৰ স্বাৰ্থত সকলোকে কাম কৰি যাবলৈ তেওঁ আহ্বান জনায় ৷ আনহাতে, পুৱা দহ বজাত বিদ্যালয়ৰ চৌহদত ছাত্ৰ ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু অভিভাৱক আদিৰ উপস্থিতিত প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা মৰিয়নি নগৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰূপৰেখা পাচনিয়ে ৷ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰি উন্মোচক ৰূপৰেখা পাচনিয়ে আগৰৱালা স্কুলৰ সুনাম আৰু শৈক্ষিক উন্নত মানৰ কথা উল্লেখ কৰি বিদ্যালয়খনৰ অধিক সমৃদ্ধি কামনা কৰে ৷ ইয়াৰ পূৰ্বে বিদ্যালয়ৰ হৈ তেওঁক আদৰণি আৰু সম্বৰ্ধনা জনায় শিক্ষয়িত্ৰী স্বপ্না বৰঠাকুৰ, নৱনীতা মহন্ত আৰু দৃষ্টিময়ী বৰাই ৷ অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে শিক্ষয়িত্ৰী মৌচুমী গোঁহাই বৰুৱা আৰু পুষ্পা পাঠকে ৷ উল্লেখ্য, শিক্ষয়িত্ৰী যামিনী মহন্তৰ পৰিকল্পনাৰে অষ্টম শ্ৰেণীৰ ছাত্ৰী ডেইজী ৰাণী দাসে সম্পাদনা কৰা প্ৰাচীৰ পত্ৰিকা ‘গজালি’ৰ সম্পাদনা আৰু অলংকৰণ কৰিছে ছাত্ৰ অনিৰ্বাণ বৰা, লক্ষী দাস, আজিমা বেগম, অনুভৱ গগৈ, সুজাতা গোৱালা, শুভজিত দে, দীপজ্যোতি তাঁতী আৰু ৰূপজ্যোতি বণিয়াই । ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰেক্ষাগৃহত প্ৰাৰ্থনা, বৰগীত, দিহানাম আদি পৰিৱেশন কৰি মহাপুৰুষজনাৰ তিৰোভাৱ তিথি পালন কৰে ৷ অনুষ্ঠানত ক্ষীৰোদ কোঁৱৰ, শশাংক চুতীয়া, বীৰবল দাস, ধ্ৰুৱজ্যোতি বৰঠাকুৰ, নাৰায়ণ শৰ্মা, দিগন্ত নায়ক প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰী, অভিভাৱক, ছাত্ৰ-ছাত্ৰী আদি উপস্থিত থাকে । উল্লেখযোগ্য যে শিক্ষানুষ্ঠানখনে শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা বিগত ন বছৰে ধাৰাবাহিকভাৱে প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰি আহিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like