বিশেষ বাৰ্তা, ৫ অক্টোবৰ : মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষয়িত্ৰী দীপ্তিৰাণী বৰুৱাক বিদায় সম্বৰ্ধনা জনোৱা হয় । বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী গোট আৰু ছাত্ৰ-ছাত্ৰীসকলে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে ৷ এই উপলক্ষে বিদ্যালয়ৰ অধ্যক্ষ প্ৰীতম কুমাৰ শইকীয়াই সভাপতিত্ব কৰা সভাখনত বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক মনোজ কুমাৰ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰে । আৰম্ভণিতে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ এটি দলে সমৱেত সংগীত পৰিৱেশন কৰি কাৰ্য্যসূচী মুকলি কৰে ৷ উক্ত সভাত সম্বৰ্ধিত শিক্ষয়িত্ৰীগৰাকীৰ কৰ্মময় জীৱনৰ আলোকপাতেৰে সহকৰ্মী তথা জ্যেষ্ঠ শিক্ষক চেহিদুৰ ৰহমান, বিন্দু সিনহা, নৱনীতা মহন্ত, স্বপ্না বৰঠাকুৰ, ছাত্ৰ সংসদৰ সাধাৰণ সম্পাদিকা ৰশ্মি বণিয়া আদিয়ে বক্তব্য প্ৰদান কৰে । মনোজ কুমাৰ শৰ্মাই পৰিচালনা কৰা সম্বৰ্ধনা অনুষ্ঠানত শিক্ষক গোট আৰু ছাত্ৰ সংসদৰ হৈ গামোচা, সঁফুৰা, গ্ৰন্থৰ টোপোলা, সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপা, উপহাৰ আদিৰে অধ্যক্ষ প্ৰীতম কুমাৰ শইকীয়া, শিক্ষয়িত্ৰী স্বপ্না বৰঠাকুৰ, নিতুল বৰপাত্ৰগোহাঁই, মৌচুমী গোহাঞিবৰুৱা, পুষ্পা পাঠক, নৱনীতা মহন্ত, বৰ্ণালী বৰা, শশাংক চুতীয়া, মনোজ কুমাৰ শৰ্মা, ৰশ্মি শইকীয়া, ৰশ্মি বণিয়া, কোমল শ্বাহ, জোনালী কুৰ্মী আদিয়ে বিদায় সম্বৰ্ধনা জনায় । আনহাতে, সম্বৰ্ধনা গ্ৰহণ কৰি দীপ্তি ৰাণী বৰুৱাই কয় যে সুদীৰ্ঘ কৰ্ম জীৱনত সদায় ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণৰ বাবেই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰা হ’ল ৷ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবেই শিক্ষকসকলে কষ্ট কৰে ৷ শিক্ষকতাৰ বৃত্তিতহে এনে কষ্ট আৰু ত্যাগ কৰাৰ সুবিধা পোৱা যায় ৷ সভাপতিৰ মন্তব্যত অধ্যক্ষ প্ৰীতম কুমাৰ শইকীয়াই কয় যে মানুহৰ স্বাস্থ্য সজাগতা আৰু আয়ুস বৃদ্ধিৰ বাবে কৰ্ম তৎপৰতা বাঢ়িছে ৷ ষাঠি বছৰত অৱসৰপ্ৰাপ্ত এজনে অতিৰিক্ত বহু বছৰ পৰিয়াল আৰু সমাজৰ সেৱাৰ কামত নিয়োজিত হৈ থাকে ৷ গতিকে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত কোনো কৰ্মচাৰীয়েই মানসিক উদ্যম হেৰুৱাব নালাগে বুলি তেওঁ কয় ৷ শেষত জাতীয় সংগীত পৰিৱেশনৰ পাছতে সভাৰ সামৰণি পৰে ৷
প্ৰেৰক দিব্যজ্যোতি শইকীয়া