বিশেষ বাৰ্তা, ২০ অক্টোবৰ: মধ্য অসমৰ নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয় আৰু ভাৰতবৰ্ষৰ ভিতৰতে আগশাৰীৰ বিশ্ববিদ্যালয়ৰ ইউনিভাৰ্ছিটি অৱ ছায়েঞ্চ এণ্ড টেকনলজী মেঘালয়ৰ চমুকৈ ইউ এছ টি এমৰ মাজত এখনি বুজাবুজি চুক্তি (এম অ’ আই) স্বাক্ষৰিত হয়। বিশেষকৈ ইউ এছ টি এমৰ লগত নগাঁও বাণিজ্য মহাবিদ্যালয়ে শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক সহযোগীতাৰ বাবে এই চুক্তি কৰা হয়। উক্ত বুজাবুজি চুক্তি পত্ৰত স্বাক্ষৰ কৰে বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড: অঞ্জু হাজৰিকা আৰু নগাঁও বানিজ্যি মহাবিদ্যালয় অধ্যক্ষ ড: মৃগাংক শইকীয়াই। ইউ এছ টি এমৰ সভাকক্ষত স্বাক্ষৰ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: জি ডি শৰ্মা উপ উপাচাৰ্য ড: বলেন্দ্ৰ কুমাৰ দাসৰ লগতে বিশ্ববিদ্যালয়ৰ বিষয়ববীয়া সকল আৰু ৰাজ্য খনৰ ১১খন মহাবিদ্যালয় অধ্যক্ষ সকল উপস্থিত থাকে। এই চুক্তি অনুসৰি দুয়োখন শিক্ষা প্ৰতিষ্ঠানে সামাজিক, শৈক্ষিক গবেষণাৰ কাম কাজ কৰিব। দুয়োখন শিক্ষা প্ৰতিষ্ঠানে যুটীয়া ভাবে আলোচনা চক্ৰ, কৰ্মশালা, ছাত্ৰ ছাত্ৰী সকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে গবেষণা, প্ৰকল্প, উদ্ভাৱন আদিৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী সকলক সহায়ৰ হাত আগবঢ়াব। ইয়াৰ উপৰিও এক্সটেনশ্যন এক্টিভেট আউট ৰিচ পগ্ৰেম আদি অনুষ্ঠিত কৰিব। ইয়াৰ উপৰিও যিকোনো প্ৰকৃতিক দুৰ্যোগৰ সময়ত দুয়োখন শিক্ষা প্ৰতিষ্ঠানে একেলগে কাম কৰিব বুলি চুক্তি পত্ৰত উল্লেখ আছে। লগতে নগাঁও গোপীনাথ দেৱগোস্বামী বানিজ্যি মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী সকলে অনুমোদন সাপেক্ষে ইউ এছ টি এমত বিনামূলীয়া আঁচনিৰ জৰিয়তে উচ্চ শিক্ষাৰ সুবিধা লাভ কৰিব।
প্ৰেৰক কনক হাজৰিকা