নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ খনা চাপৰিত কৃষি বিপ্লৱ আদৰ্শ কৃষক হেমন্ত দাসৰ

🔹 হালি-জালি ফুলি থকা বেলি ফুলৰ মাজত অনেক প্ৰকৃতিপ্ৰেমীৰ ভিৰ

বিশেষ বাৰ্তা, ঢকুৱাখনা, ২২ ফেব্ৰুৱাৰী : ঢকুৱাখনা নগৰৰ পৰা প্ৰায় ১৮ কি:মি: দূৰত্বত কঢ়া নদীৰ পাৰৰ এক নিৰ্জন চাপৰি এতিয়া মুখৰ হৈ পৰিছে বিভিন্ন লোকৰ সমাগমেৰে। যাতায়াত বৰ সুচল নহয় যদিও এতিয়া প্ৰতিদিনেই খনা চাপৰিত ফাগুনৰ পচোৱাৰ লহৰত হালি-জালি ফুলি থকা হালধীয়া বৰণৰ বেলি (সূৰ্যমুখী) ফুলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ, ভিডিঅ’, চেল্ফী তুলিবলৈ ভিৰ কৰিছে অনেক প্ৰকৃতি ভালপোৱা লোকে। উল্লেখ্য যে ঢকুৱাখনা সম-জিলাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ মৰনৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত কৌপাতনি গাঁৱৰ এগৰাকী আদৰ্শ কৃষক হেমন্ত দাসে খনা চাপৰিত প্ৰায় ৪০ বিঘা মাটিত এক কৃষি পাম গঢ়ি তুলিছে। হেমন্ত দাস স্থানীয়ভাৱে ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত যদিও তেওঁ বেছি সময় মনোনিৱেশ কৰে খনা চাপৰিৰ কৃষি পামত। এই কৃষিপামখনেই তেওঁক স্বাৱলম্বী কৰি তোলাৰ লগতে জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা প্ৰদান কৰিছে। কেইবাবছৰো কৃষি বিভাগৰ আদৰ্শ কৃষকৰ সন্মান পাবলৈ সক্ষম হোৱা দাসে এই কৃষি পামত ২৮ বিঘাত সৰিয়হ, ৫ বিঘাত আলু, ২ বিঘা মাটিত বেলি ফুলৰ খেতিৰ লগতে অন্য কেইবাবিঘা মাটিত শাক-পাচলিৰ খেতি কৰিছে। গোটেই খনা চাপৰিৰ সৌন্দৰ্যত এতিয়া জেউতি চৰাইছে হেমন্ত দাসৰ কৃষি পামৰ দুবিঘা মাটিজুৰি ৰ’দত দূৰৰ পৰাই তিৰবিৰাই থকা সৰু-বৰ হালধীয়া বেলি ফুলৰ পাহিবোৰে। একাংশ প্ৰকৃতিপ্ৰেমী লোকে ফটো-চেল্ফী তুলিবলৈ ভিৰ কৰাৰ সমান্তৰালভাৱে ফুলৰ ৰস পান কৰা মৌ মাখি আৰু ভোমোৰাকে ধৰি বিভিন্ন বনৰীয়া চৰাইৰো ভিৰ পৰিলক্ষিত হৈছে খনা চাপৰিত। উল্লেখ্য যে বেলি ফুলৰ খেতি মূলত: তেলৰ বাবেই কৰা হয় যদিও বেলি ফুলৰ নানাধৰণৰ উপকাৰিতা আছে। ইয়াৰ পূৰঠ গুটি (বীজ) পুষ্টিকৰ খাদ্যৰূপে বিক্ৰী হয়।এপাহ পৈণত ফুলৰ পৰা প্ৰায় ১৫০/২০০ গ্ৰামকৈ গুটি উৎপাদন হয়। আনহাতে, এক কিলোগ্ৰাম সৰিয়হতকৈ এক কিলোগ্ৰাম বেলিফুলৰ গুটিৰ পৰা তেল বেছি ওলায় আৰু এই তেল যথেষ্ট সুস্বাদু হয়। শৰীৰৰ ওজন হ্ৰাস কৰা, ছাল-চুলি শক্তিশালী আৰু উজ্জ্বল কৰা, হাড়ৰ গঠন উন্নত কৰা, হজম শক্তি বৃদ্ধি কৰা ইত্যাদি বিভিন্ন কামত বেলি ফুলৰ পাহি, গুটি, তেল ইত্যাদি ব্যৱহৃত হয়।স্মৰ্তব্য যে পশ্চিম ঢকুৱাখনা মণ্ডল কিষাণ মৰ্চাৰ সভাপতি তথা মৰনৈ পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক পঞ্চায়ত সদস্য হেমন্ত দাসে বিগত ছয়-সাত বছৰ ধৰি খনা চাপৰিৰ তেওঁৰ কৃষিপামত বেলি ফুলৰ খেতি একেৰাহে কৰি ঢকুৱাখনাত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

You might also like