নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে নগাঁৱত বান পৰিস্থিতিৰ বুজ ল’লে কৃষিমন্ত্ৰী অতুল বৰাই

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ বানসৃষ্ট প্ৰতিকূল পৰিস্থিতিয়ে ৰাজ্যখনৰ বহু জিলাৰ ৰাইজৰ স্বাভাৱিক জীৱনযাত্ৰা অতি দুখ লগাকৈ ব্যাহত কৰি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আজি দ্বিতীয় দিনৰ বাবে নগাঁৱত উপস্থিত হৈ জিলাখনৰ বান পৰিস্থিতিৰ বুজ লয় কৃষিমন্ত্ৰী অতুল বৰাই। বানৰ কবলত থকা নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ঘাগৰিয়াল গাঁও, তুলসী কোঁচগাঁও, ননৈ উৰিয়াগাঁও, কুৰাবাহী গাঁও, দেউৰী গাঁও, হাতীগড়, বৰকলা সিং গাঁও, মৰাগুৰি, দক্ষিণপাট গাঁওসমূহ পৰিভ্ৰমণ কৰি শেহতীয়া বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। অঞ্চলকেইটাৰ বহু অংশ এতিয়াও প্লাৱিত হৈ আছে যদিও বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে। বান পৰিদৰ্শনৰ লগতে বৰপাঠৰী বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপাঠৰী জলাহ উজৰা শংকৰী কৃষ্টি সমাজৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ, ৪৩১ নং ননৈ উৰিয়াগাঁও প্ৰাইমেৰী স্কুল, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহমৰীয়া প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰলৈ গৈ বানাক্ৰান্ত লোকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে শিবিৰবাসীৰ খাদ্য সামগ্ৰী, চিকিৎসাকে ধৰি আন সা-সুবিধাৰ সবিশেষ বুজ লয় মন্ত্ৰীগৰাকীয়ে। তদুপৰি ৰাইজৰ ক্ষতিগ্ৰস্ত হোৱা শস্য, পশুখাদ্যৰ মজুত স্থিতি, পশুধনৰ ক্ষয়-ক্ষতিৰ বিষয়েও আজি বুজ লয় মন্ত্ৰীগৰাকীয়ে। ক্ষতিগ্ৰস্ত কৃষকসকলৰ সকাহৰ বাবে কমিউনিটী নাৰ্ছাৰী স্থাপনৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। পশু খাদ্য তথা চিকিৎসাৰ বিষয়টোত অধিক গুৰুত্ব আৰোপ কৰিবলৈও পশুপালন বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। এই পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰীগৰাকীৰ সৈতে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডাঃ আশিস ভূটানী, জিলা উপায়ুক্ত নিসৰ্গ হিৱৰে, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ উপাধ্যক্ষ বিষ্ণু দাস প্ৰমুখ্যে আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত আছিল।

You might also like