নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত পি এম কিষাণ দিৱসত অংশগ্ৰহণ কৃষিমন্ত্ৰী অতুল বৰাৰ

🎯নিৰ্দিষ্ট সময়ৰ আগেয়েই বৰো ধানৰ বীজ যোগানৰ প্ৰতিশ্ৰুতি অতুল বৰাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুনঃ কাৰিকৰীভাৱে নিৰ্দিষ্ট কৰা সময়ৰ ভিতৰতেই কৃষকক শালি ধানৰ বীজ যোগান ধৰিছে কৃষি বিভাগে। নিৰ্দিষ্ট সময়ৰ আগেয়েই বৰোধানৰ বীজ কৃষকৰ দুৱাৰডলিত যোগান ধৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ – এই মন্তব্য ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ। আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা দেশৰ প্ৰায় ৯ কোটি ২৬ লাখ কৃষক হিতাধিকাৰীলৈ পি এম কিষাণ আঁচনিৰ ১৭সংখ্যক কিস্তিৰ অধীনত প্ৰত্যক্ষ লাভালাভ ব্যৱস্থাৰে ২০ হাজাৰ কোটি টকা মুকলি কৰি দিয়া অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কৃষি বিভাগৰ দ্বাৰা আয়োজিত পি এম কিষাণ উৎসৱ দিৱসত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি কৃষিমন্ত্ৰী বৰাই কয় যে দেশৰ কোটি কোটি কৃষকৰ লগতে অসমৰো কৃষক হিতাধিকাৰীসকলক পি এম কিষাণ আঁচনিয়ে অৰ্থনৈতিকভাৱে সক্ষম কৰি তুলিছে। পি এম কিষাণ আঁচনিৰ ১৭সংখ্যক কিস্তিত এইবাৰ ৰাজ্যখনৰ ১৭ লাখ ৪৯ হাজাৰ কৃষক হিতাধিকাৰীয়ে তেওঁলোকৰ বেংক একাউণ্টত ৩৮১ কোটি টকা লাভ কৰিবলৈ সক্ষম হোৱা বুলিও কৃষিমন্ত্ৰী বৰাই কয়। কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত পি এম কিষাণ আঁচনিৰ অগ্ৰগতি নিয়মীয়াভাৱে পৰ্যৱেক্ষণ কৰি আহিছে আৰু কোনো যোগ্য কৃষক পৰিয়ালেই যাতে এই আঁচনিখনৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত নহয় তাৰ ওপৰত বিশেষ দৃষ্টি ৰাখিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই গ্ৰহণ কৰা উদ্যোগৰ ফলতেই ৰাজ্যখনত পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱা বুলি কৃষি মন্ত্ৰী বৰাই তেওঁৰ ভাষণত উল্লেখ কৰে। প্ৰত্যক্ষ লাভালাভ ব্যৱস্থাৰে কৃষকৰ বেংক একাউণ্টত ধন জমা হোৱা এই আঁচনিখন বিশ্বৰ ভিতৰতেই বিৰল আৰু এই আঁচনিখনৰ প্ৰতি ৪গৰাকী হিতাধিকাৰীৰ ভিতৰত এগৰাকী মহিলা বুলিও তেওঁ উল্লেখ কৰে। কৃষিমন্ত্ৰী বৰাই কয় যে, মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পৰামৰ্শক্ৰমে কৃষি বিভাগে কৃষি যান্ত্ৰিকীকৰণ, জলসিঞ্চন, কৃষি আন্ত:গাঁথনি সৃষ্টি আদি বিভিন্ন দিশত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ফলতেই আজি অসমৰ কৃষিখণ্ডত আমূল পৰিৱৰ্তন সাধন হৈছে। ধানৰ লগতে সৰিয়হৰ ক্ষেত্ৰত চৰকাৰে আগবঢ়োৱা ন্যূনতম সমৰ্থন মূল্যই কৃষকক বহুমুখী খেতিৰ প্ৰতি উৎসাহ যোগোৱা বুলিও তেওঁ মন্তব্য কৰে। বিশ্বজুৰি হোৱা জলবায়ু পৰিৱৰ্তনে অসমৰ কৃষিখণ্ডলৈও অশনি সংকেত কঢ়িয়াই অনা বুলি উল্লেখ কৰি তেওঁ জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা প্ৰত্যাহ্বান গ্ৰহণ কৰি প্ৰয়োজনীয় গৱেষণা আগবঢ়াই নিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ক আহ্বান জনায়। কেইখনমান নিৰ্দিষ্ট জিলাৰ কৃষকে বছৰত দুটা বা ততোধিক খেতি কৰি দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰা বুলি উল্লেখ কৰি ৰাজ্যখনৰ সকলো কৃষককে মাটি চন পেলাই নাৰাখি দুটা বা ততোধিক খেতিত মনোনিৱেশ কৰিবলৈ তেওঁ আহ্বান জনায়। চাহপাতকে ধৰি অসমে বিগত বৰ্ষত ৪ হাজাৰ কোটি টকাৰ বিভিন্ন শস্য ৰপ্তানি কৰিবলৈ সক্ষম হোৱাৰ লগতে কৃষি ৰপ্তানিৰ ক্ষেত্ৰত ৰাজ্যৰ কিছুসংখ্যক কৃষক উৎপাদক কোম্পানীয়ে গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়োৱা বুলি মন্ত্ৰী বৰাই তেওঁৰ ভাষণত উল্লেখ কৰে। কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়াই আদৰণি ভাষণ আগবঢোৱা আজিৰ অনুষ্ঠানত চন্দ্ৰপুৰৰ কৃষক নৃপেন চন্দ্ৰ ডেকা আৰু মৰিগাঁওৰ কৃষক প্ৰদীপ পাটৰেও ভাষণ দিয়ে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ তিনি শতাধিক কৃষক উপস্থিত থকা এই অনুষ্ঠানত অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, অসম বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, কৃষি সঞ্চালক ভাস্কৰ পেগু, কৃষি সচিব তথা উদ্যান শস্য সঞ্চালক তেজ প্ৰসাদ ভূষাল প্ৰমূখ্যে কৃষি বিভাগৰ বিভিন্ন বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

You might also like