নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত এপথাৰ হালধীয়াৰ মাজত কৃষিমন্ত্ৰী অতুল বৰা

🔹 চিনাকানা গাঁৱত ২৫০০ বিঘাৰ সৰিয়হ-৫০০ বিঘাৰ আলু-২৫০০ বিঘাৰ ৰঙালাউ খেতি পৰিদৰ্শন

বিশেষ বাৰ্তা, ২৮ ডিচেম্বৰ : ৰাজ্যৰ কৃষিখণ্ডৰ লগতে কৃষকৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি এক আত্মনিৰ্ভৰ অসম গঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত কৃষিমন্ত্ৰী অতুল বৰাই কৃষিক্ষেত্ৰৰ লগত জড়িত বিভিন্ন বিষয়ত গুৰুত্ব প্ৰদান কৰি অহাৰ সমান্তৰালকৈ কৃষকৰ লগত মত বিনিময় কৰি ৰাজ্যৰ কৃষিখণ্ডক আগবঢ়াই নিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে।

কৃষিমন্ত্ৰী অতুল বৰাই আজি বোকাখাতৰ ১নং চিনাকানা গাঁৱত স্থানীয় কৃষকসকলে ২৫০০ বিঘা ভূমিত কৰা সৰিয়হ, ৫০০ বিঘা ভূমিৰ আলু আৰু ২৫০০ বিঘা ভূমিৰ ৰঙালাউ আৰু অন্যান্য খেতি পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে মত বিনিময় কৰে উৎসাহ যোগায়। বৰ্তমান ৰাজ্যত উৎপাদিত কৃষি সামগ্ৰী বহু পৰিমাণে বহি:ৰাষ্ট্ৰলৈ ৰপ্তানি হোৱাও দেখা গৈছে। আজি পৰিদৰ্শন কালত কৃষকৰ সপোনৰ সৰিয়হতলীত কৃষিমন্ত্ৰীগৰাকীৰ সৈতে ছেলফিও লয় বহুসংখ্যক যুৱক-যুৱতীয়ে।

You might also like