নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ভাৰতীয় উদ্যান শস্য কংগ্ৰেছ উদ্বোধন কৃষিমন্ত্ৰী অতুল বৰাৰ

🔴ৰাজ্যৰ উদ্যান শস্যখণ্ডৰ বিপুল সম্ভাৱনীয়তাক সাৰ্থক ৰূপত প্ৰয়োগৰ আহ্বান

বিশেষ বাৰ্তা, ৬ নৱেম্বৰঃ পৰম্পৰা, বৈচিত্ৰতা আৰু সম্ভাৱনীয়তাৰ ভঁৰাল অসমৰ উদ্যান শস্যখণ্ড। কৃষি উপযোগী বিপুল প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ আমাৰ ৰাজ্যখন প্ৰাকৃতিকভাবেই জৈৱিক। যদিহে আমি এইসমূহক আমাৰ কৃষিক্ষেত্ৰৰ শক্তি বুলি ভাবো তেন্তে একেসময়তে আমাৰ প্ৰাকৃতিক দুৰ্যোগ, আন্ত:গাঁথনি, উন্নত প্ৰযুক্তি আদিকে ধৰি অন্যান্য বিভিন্ন সমস্যা আমাৰ কৃষিক্ষেত্ৰৰ অন্যতম দুৰ্বলতা। এই দুৰ্বলতাসমূহক প্ৰত্যাহ্বান হিচাপে লৈ আমাৰ সম্ভাৱনাসমূহৰ সাৰ্থক ব্যৱহাৰেৰে মূল লক্ষ্যত আমি উপনীত হ’ব লাগিব। আমাৰ দেশৰ সমবিকাশৰ স্বাৰ্থতেই দেশৰ কৃষি বিজ্ঞানীসকলৰ এই ক্ষেত্ৰত গুৰু দায়িত্ব আছে।– এই মন্তব্য ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ। আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নতুন দিল্লীৰ ভাৰতীয় উদ্যান শস্য বিজ্ঞান একাডেমী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যুটীয়া উদ্যোগত অনুষ্ঠিত দশম ভাৰতীয় উদ্যান শস্য কংগ্ৰেছ উদ্বোধন কৰি কৃষি মন্ত্ৰী বৰাই লগতে কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ কৃষি আৰু আনুষংগিক খণ্ডৰ বিকাশৰ জৰিয়তে অসমক দেশৰ পাঁচখন অগ্ৰণী ৰাজ্যৰ এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ যি লক্ষ্য লৈছে সেই লক্ষ্যত উপনীত হ’বলৈ ৰাজ্যখনৰ কৃষি আৰু আনুষংগিক খণ্ডত ইতিমধ্যে বিভিন্ন সংস্কাৰধৰ্মী পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকল লাভবান হ’ব পৰাকৈ মুখ্যমন্ত্ৰীয়ে ৰপ্তানিকেন্দ্ৰিক কৃষিত গুৰুত্ব আৰোপ কৰাৰ লগতে উদ্যান শস্যক জন-আন্দোলনলৈ পৰিৱৰ্তিত কৰাৰ পৰামৰ্শ দিছে। অসমৰ জি আই টেগ বিশিষ্ট কাৰ্বি আংলং আদা, কাজি নেমু, জহা চাউল, বোকা চাউল, চকোৱা চাউল আৰু তেজপুৰ লিচুৱে বিদেশৰ বজাৰ দখল কৰাৰ সম্ভাৱনীয়তাৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰী বৰাই ইয়াৰ বাবে কৃষি বিজ্ঞানী আৰু অন্যান্য অংশীদাৰীসকলক উপযুক্ত প্ৰযুক্তিৰে ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সহায় কৰিবলৈ আহ্বান জনায়। ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ পৰা ৪ হাজাৰ কোটি টকা মূল্যৰ কৃষিজাত পণ্য বিদেশলৈ ৰপ্তানি হোৱাৰ বিষয়ে উল্লেখ কৰি ২০২৬-২৭ বৰ্ষত এই পৰিমাণ ১০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাব বুলি প্ৰকাশ কৰে। বিগত ৬টা বছৰত অসমৰ পৰা ৰপ্তানি হোৱা কৃষিজাত পণ্যৰ হাৰ ৮৫ শতাংশলৈ বৃদ্ধি হোৱা বুলিও তেওঁ কয়। অসমৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে ১০১ কোটি টকাৰ অসম পুষ্প অভিযান নামেৰে এখন বিশেষ আঁচনি ৰূপায়ণ কৰি থকা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। কৃষি মন্ত্ৰী বৰাই ৰাজ্যখনৰ কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ অসম মিলেট মিচন আৰু অসম ফ’ডাৰ মিচন নামৰ দুখন আঁচনি ৰূপায়ণ কৰাৰ লগতে গোলাঘাট জিলাত বনৌষধিৰ গৱেষণা প্ৰতিষ্ঠান এটা স্থাপন কৰাৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে বুলিও তেওঁৰ ভাষণত উল্লেখ কৰে। অনুষ্ঠানত কৃষি মন্ত্ৰী বৰাই চাৰিখনকৈ গ্ৰন্থ আৰু এখন স্মৰণিকা উন্মোচন কৰে। অহা ৯ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই দশম ভাৰতীয় উদ্যান শস্য কংগ্ৰেছৰ আজিৰ উদ্বোধনী অনুষ্ঠানত দেশৰ ৫ শতাধিক উদ্যান শস্য বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎচন্দন ডেকাই আদৰণি ভাষণ দিয়া এই অনুষ্ঠানত ভাৰতীয় উদ্যান শস্য বিজ্ঞান একাডেমীৰ অধ্যক্ষ ড০ কে এল চাধা, একাডেমীৰ উপাধ্যক্ষ ড০ সঞ্জয় কুমাৰ সিং, অসম কৃষি আয়োগৰ অধ্যক্ষ ড০ এইচ এচ গুপ্তা, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ কমল মল্ল বুজৰবৰুৱা, ভাৰতীয় উদ্যান শস্য বিজ্ঞান একাডেমীৰ সাংগঠনিক সম্পাদক ড০ ভি বি পেটেলে ভাষণ দিয়ে। অনুষ্ঠানত দেশৰ উদ্যান শস্যখণ্ডৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বহুকেইগৰাকী উদ্যান শস্য বিজ্ঞানীৰ ভাৰতীয় উদ্যান শস্য বিজ্ঞান একাডেমীৰ সন্মানীয় বঁটাসমূহ আগবঢ়োৱাৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎচন্দন ডেকাক একাডেমীৰ ড০ জে চি আনন্দ সন্মান প্ৰদান কৰা হয়। আজিৰ এই উদ্বোধনী অনুষ্ঠানত দেশৰ কেইবাখনো কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অসম চৰকাৰৰ সচিব তথা কৃষি সঞ্চালক ভাস্কৰ পেগু, কৃষি সচিব টি পি ভূচাল, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা আদিকে ধৰি অসম চৰকাৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন বিষয়া, বিজ্ঞানীয়ে অংঅশগ্ৰহণ কৰে।
#বাৰ্তা ডেস্ক

You might also like