2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৱল কথাৰে নহয়! একাঠু বোকাত নামি পাৱাৰ টিলাৰ লৈ মাটি চহোৱাত ব্যস্ত কৃষিমন্ত্ৰী অতুল বৰা

নিয়মীয়া বাৰ্তা, ১১ জুনঃ কৃষিকৰ্মত ব্যস্ত কৃষিমন্ত্ৰী অতুল বৰা। একাঠু বোকাত নামি পাৱাৰ টিলাৰ লৈ হাল বোৱাত ব্যস্ত কৃষিমন্ত্ৰীজন। 

কৰ্মব্যস্ততাৰ মাজতে গোলাঘাটৰ গাঁৱৰ ঘৰলৈ গৈ নিজৰ খেতিদৰা চহাইছে কৃষিমন্ত্ৰী অতুল বৰাই।

উল্লেখ্য যে যুৱপ্ৰজন্মক কৃষিক্ষেত্ৰৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে কৃষিমন্ত্ৰীগৰাকীয়ে এইদৰে নিজেই পাৱাৰ টিলাৰ লৈ হাল বোৱাৰ লগতে ঘৰতে বহি নাথাকি কৃষিকৰ্মত মনোনিবেশ কৰিবলৈও আহ্বান জনাইছে।

You might also like