নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱিত ব্যক্তিৰ যকৃত সংৰোপণেৰে ৰোগীক সুস্থ কৰিলে চেন্নাইৰ চিকিৎসকে

নিয়মীয়া বাৰ্তা ১১ জুনঃ  চিকিৎসা বিজ্ঞানত চমকপ্রদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে চেন্নাই এম জি এম হাস্পতালৰ চিকিৎসকসকলে৷ প্রথমবাৰলৈ যকৃত বিকল হৈ পৰাৰ পিছত ২৬ বছৰীয়া যুৱক এজনৰ দেহত ভাতৃৰ যকৃত সংৰোপণ কৰি যুৱকজনক সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে চিকিৎসকসকল৷ জীৱিত দাতাৰ পৰা এনেদৰে যকৃতৰ অংশ লৈ কোনো ৰোগীৰ অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰা দেশত এইটোৱে প্রথম ঘটনা৷ ৰাগুল গান্ধী নামৰ ২৬ বছৰীয়া যুৱকজন যকৃত বিকল হৈ সংজ্ঞাহীন অৱস্থাত আছিল৷ দুদিন পিছত ভাতৃৰ যকৃত সংৰোপণেৰে ৰাগুলক সুস্থ কৰি তোলে চিকিৎসকসকলে৷ স্মর্তব্য যে ৰাগুল ক’ভিড পজিটিভো আছিল৷ ক’ভিডকো জয় কৰিবলৈ সক্ষম হৈছে ৰাগুলে৷

You might also like