নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদিয়াসকল অমুছলমান : ৱাকফ ব’ৰ্ডৰ ঘোষণাক আইনবিৰোধী আখ্যা কেন্দ্ৰৰ

বিশেষ বাৰ্তা, ২৬ জুলাইঃ আহমেদিয়াসকলক শেহতীয়াকৈ এক মুছলমান সংগঠনে ফতোৱা জাৰিৰ জৰিয়তে সম্প্রদায়টোক অমুছলমান বুলি ঘোষণা কৰা কার্যক লৈ সৃষ্টি হৈছে প্রতিক্রিয়াৰ৷ আহমেদিয়াসকল মুছলমান বুলি দাবী কৰি অহাৰ বিপৰীতে কিন্তু শেহতীয়াকৈ এখন ৰাজ্যিক ৱাকফ ব’র্ডে তেওঁলোকক অমুছলমান বুলি ঘোষণা কৰি স্বীকৃতিহীন কৰিছিল৷ ইয়াৰ প্রতিবাদত আহমেদিয়া মুছলিম সম্প্রদায়ে কেন্দ্রীয় চৰকাৰৰ সংখ্যালঘু মন্ত্রালয়ৰ ওচৰত বিষয়টো উত্থাপন কৰাত কেন্দ্রীয় চৰকাৰে আহমেদিয়াসকলৰ বিৰুদ্ধে গ্রহণ কৰা ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ ঘোষণাক আইনবিৰোধী আৰু অসাংবিধানিক বুলি আঙুলিয়াই দিছে৷ আজি এই সন্দর্ভত আহমেদিয়া মুছলমান সম্প্রদায়ৰ হৈ গঠনটোৰ মুখপাত্র কে তাৰিফ আহমেদে এক বিবৃতিযোগে উল্লেখ কৰিছে যে ভাৰতৰ দৰে এখন গণতান্ত্রিক দেশত প্রতিজন নাগৰিকৰে পছন্দৰ ধর্ম গ্রহণ কৰাৰ অধিকাৰ আছে আৰু সেই অনুসৰি জীৱন যাপন কৰিব পাৰে৷ কিন্তু কিছুমান সংগঠন আৰু ৱাকফ ব’র্ডে আহমেদিয়া মুছলমান সম্প্রদায়ৰ ধর্মীয় অধিকাৰ কলুষিত কৰিব বিচাৰে৷ আহমেদিয়া মুছলমান সম্প্রদায়ে সুহৃদয় তথা আন্তৰিকতাৰে ইছলাম ধর্ম বিশ্বাস কৰি আহিছে আৰু ইয়াৰ ৰীতি–নীতি অনুকৰণ কৰি আহিছে৷ ইয়াৰ বিপৰীতে কিন্তু একাংশ মৌলবীয়ে আহমেদিয়া মুছলমান সম্প্রদায়ৰ বিৰুদ্ধে বহু মিছা অভিযোগ উত্থাপন কৰি আহিছে৷ আহমেদিয়া মুছলমান সম্প্রদায়ে পয়গম্বৰ মহম্মদাছাওত বিশ্বাসী আৰু আন্তৰিকতাৰে ইয়াক গ্রহণ কৰি আহিছে৷ ইছলাম ধর্ম অনুসৰিয়েই আহমেদিয়াসকলে সকলো ত্যাগ স্বীকাৰ কৰিবলৈ সাজু৷ তদুপৰি প্রতিজন আহমেদিয়া মুছলমানে ইছলামৰ পাঁচটা স্তম্ভ মানি চলে৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰত চৰকাৰে আহমেদিয়া মুছলমান সম্প্রদায়ক এক ইছলামী সম্প্রদায় হিচাপে স্বীকৃতি দিছে৷ এনে অৱস্থাত আহমেদিয়া মুছলমানসকলক অমুছলমান বুলি বর্জনৰ আহ্বান জনাই একাংশ মৌলবীয়ে অস্থিৰতা সৃষ্টিৰ সুযোগ লৈছে৷ এয়া কেতিয়াও হ’ব দিব নোৱাৰি৷

You might also like