বিশেষ বাৰ্তা, ২৩ ডিচেম্বৰ : চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী ২নং লালটিপথাৰ গাঁৱত আজি আহোম যুগৰ এটা হিলৈ উদ্ধাৰ হয় ৷ অঞ্চলটোৰ পূৰ্ণ লাহন নামৰ এজন লোকে নিজৰ বাৰীত পুখুৰী খান্দোতে হিলৈটো উদ্ধাৰ কৰে । প্ৰায় ছয় ফুট দৈৰ্ঘ্যৰ হিলৈটোৰ ওজন ৩০ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে। আনহাতে, আজি পুৱাৰ ভাগতে ঐতিহাসিক সম্পদটো উদ্ধাৰ হোৱাৰ বিষয়ে প্ৰশাসনক অৱগত কৰাৰ পাছতো এতিয়ালৈকে উপস্থিত হোৱা নাই বিভাগীয় কৰ্তৃপক্ষ। মন কৰিবলগীয়া যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত ইতিপূৰ্বেও আহোম যুগৰ বহু সম্পদ উদ্ধাৰ হৈছিল।
প্ৰেৰক দীপাংকৰ পাল