জালুকবাৰীৰ ভৰালী, কমলপুৰৰ পাটোৱাৰী, বহু নাৰীৰে সম্পর্ক থকা কংগ্রেছৰ কোন এই ‘বৰা’ ?
নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ অসম প্রদেশ কংগ্রেছ কমিটীৰ কোন এইজন ‘বৰা’ উপাধিৰ শীর্ষ নেতা? এইগৰাকী বৰা উপাধিৰ নেতাৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্রদেশ কংগ্রেছৰ সদ্য পদত্যাগী নেতা দুলু আহমেদ৷ বৰা উপাধিৰ শীর্ষ নেতাজনৰ চাৰিত্রিক দোষৰ বাবেই প্রদেশ কংগ্রেছৰ পৰা পদত্যাগ কৰিব লগা হ’ল বুলি দুলু আহমেদে বিস্ফোৰক মন্তব্য কৰে৷
দেওবাৰে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি দুলু আহমেদে কয়– যোৱা ২২ বছৰ ধৰি মই কংগ্রেছ দলত থাকি কাম কৰিলোঁ৷ মোৰ পৰিয়ালটোৱে কংগ্রেছী আছিল৷ সেয়ে শেষ পর্যায়লৈ দলত থকাৰ চেষ্টা কৰিছিলোঁ৷ কিন্তু এইগৰাকী বৰাৰ অবৈধ কর্মকাণ্ডৰ বাবেই মই দল ত্যাগ কৰিবলৈ বাধ্য হ’লোঁ৷ মই কালি নিখিল ভাৰত কংগ্রেছ কমিটী (এআইচিচি)ৰ অধ্যক্ষা ছোনিয়া গান্ধীলৈ পদত্যাগ–পত্র প্রেৰণ কৰিছোঁ৷ প্রদেশ কংগ্রেছৰ ‘বৰা’ উপাধিৰ শীর্ষ নেতাই নিজৰ ‘এনজয়মেণ্ট’ৰ বাবে দল চলাই আছে৷ কোনো ব্যক্তিৰ ব্যক্তিগত বিষয়ক লৈ ৰাজহুৱাকৈ আক্রমণ কৰাটো বেয়া কথা৷ সেয়ে নাম নোকোৱাকৈ বৰা উপাধিৰ শীর্ষ নেতাজনৰ লগতে কিছু লোকৰ কথা ক’ব বিচাৰিছোঁ৷ কাৰণ এইবোৰ কথা অসমবাসীয়েও জনা উচিত৷ মই অসমবাসীক ক্ষমা প্রার্থনা জনাই কওঁ– যোৱা বর্ষৰ জুলাই মাহত হাজোত বানপানী হৈছিল৷ বানপানীৰ সময়ত বানপীড়িত অঞ্চলৰ ৰাইজৰ বুজ ল’বলৈ আৰু সহায় কৰিবলৈ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কমিটী বনাইছিল৷ সেই কমিটীত ময়ো আছিলোঁ৷ কিন্তু জালুকবাৰী সমষ্টিৰ আলী উপাধিৰ এজন লোকে হাজোত গৈ সাহায্য দি মোৰ বিৰুদ্ধে প্রচাৰ চলাইছিল৷ তেতিয়া এই বিষয়ে মই সভাপতিক অৱগত কৰিছিলোঁ৷ সভাপতিয়ে আলীক সাহায্য বিতৰণ কৰাৰ বাবে প্রশংসা কৰে যদিও কংগ্রেছ কর্মী হিচাপে কমিটীৰ তৰফৰ পৰা সাহায্য বিতৰণ কৰিবলৈ নির্দেশ দিয়াৰ লগতে ব্যক্তিগতভাৱে বিতৰণ নকৰিবলৈ সকীয়াই দিয়ে৷ কিন্তু ইয়াৰ পিছতো আলী উপাধিৰ কংগ্রেছ কর্মীজনে ভৰালী নামৰ এগৰাকী মহিলা কংগ্রেছ কর্মীৰ সৈতে সাহায্য বিতৰণ কার্য অব্যাহত ৰাখে৷ বৰা উপাধিৰ দলৰ শীর্ষ নেতাজনে ক’ৰবালৈ যাবৰ বাবে বৰঝাৰ বিমানবন্দৰলৈ গ’লে বা বিমানেৰে অহা ৰাষ্ট্রীয় নেতাক আদিৰবলৈ গ’লে বিমানবন্দৰৰ ওচৰতে থকা ৰাজশ্রী ইন নামৰ হোটেলত ভৰালী উপাধিৰ মহিলাগৰাকীক লগ কৰে৷ মহিলাগৰাকীক বৰাই থকা হোটেলৰ কোঠালৈ নি আলী উপাধিৰ লোকজনে লগ কৰাই দিয়ে৷ ভৰালী উপাধিৰ মহিলাগৰাকীৰে অবৈধ সম্পর্ক আছে৷ এই ভৰালী আৰু আলীক সন্তুষ্ট কৰিবলৈ বৰা উপাধিৰ শীর্ষ নেতাজনে মোৰ ক্ষতি কৰিলে৷
সংবাদ মেলত দুলু আহমেদে পুনৰ কয় যে কমলপুৰ সমষ্টিত কিশোৰ ভট্টাচার্য দলৰ এজন যথেষ্ট সম্ভাৱনাপূর্ণ যুৱ নেতা হিচাপে প্রতিষ্ঠিত৷ কিন্তু পাটোৱাৰী উপাধিৰ এগৰাকী কংগ্রেছ নেত্রীক সন্তুষ্ট কৰিবলৈ বৰা উপাধিৰ শীর্ষ নেতাজনে যুৱ নেতাজনক উৎখাত কৰাৰ বাবে উঠিপৰি লাগে৷ পাটোৱাৰী নামৰ মহিলাগৰাকীয়ে বৰা উপাধিৰ নেতাজনক ‘মামা’ বুলি মাতে৷ লক্ষণীয়ভাৱে বৰা আৰু পাটোৱাৰীৰ মাজত প্রকৃততে সম্বন্ধত ‘মামা–ভাগিন’ৰ সম্পর্ক নাই৷ কেৱল পাটোৱাৰীক সুখী কৰিবলৈ কিশোৰ ভট্টাচার্যক একাষৰীয়া কৰিছিল এইজন বৰাই৷ সেইদৰে দৰং জিলা কংগ্রেছৰ আহমেদ উপাধিৰ এগৰাকী মহিলা নেত্রীয়ে যোৱা পঞ্চায়ত নির্বাচনত দলীয় প্রার্থিত্ব দিয়াৰ নামত বিভিন্ন দলীয় প্রার্থীৰ পৰা ধন সংগ্রহ কৰাৰ অভিযোগ উঠিছিল৷ এই বিষয়টোৱে দলৰ ভাবমূর্তি ম্লান কৰাত জ্যেষ্ঠ নেতা তথা প্রাক্তন মন্ত্রী বসন্ত দাসে বৰা উপাধিৰ নেতাজনক ব্যৱস্থা গ্রহণ কৰিবলৈ কোৱাত ‘মোক ক্ষমা কৰি দিব৷ সেই নেত্রীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নোৱাৰোঁ’ বুলি শীর্ষ নেতাজনে কৈছিল৷ এনেধৰণৰ গুৰুতৰ অভিযোগ থকা নেত্রীগৰাকীৰ সৈতে বৰা উপাধিৰ নেতাজনৰ অবৈধ সম্পর্ক আছিল৷ এইজন বৰাই ব্যক্তিগত স্বার্থৰ বাবে দল চলাই আছে৷
ইফালে চেক বাউন্স সম্পর্কীয় এটা গোচৰত বিশ্বনাথৰ বৰুৱা উপাধিৰ এজন লোক জে’ললৈ যোৱাৰ পিছতো বৰা উপাধিৰ নেতাজনে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰিলে বুলি সংবাদ মেলত দুলু আহমেদে অভিযোগ কৰে৷ পদত্যাগী নেতা আহমেদে কয়– জে’লত যোৱাৰ পিছতো বৰুৱা উপাধিৰ লোকজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহ’ল৷ বৰং তেওঁৰ লগতে পুত্রকো দলৰ উচ্চ পদত ৰাখি থৈছে৷ কাৰণ সেই নেতাজনৰ পৰিয়ালৰ মহিলাৰ সৈতে বৰাৰ সম্পর্ক আছে৷ সম্পর্ক আছে জীয়েকৰ সৈতেও৷ সেই নেতাজনৰ পাকঘৰ পর্যন্ত বৰা উপাধিৰ নেতাজনৰ ফটো আছে৷ ইফালে, বিশ্বনাথৰে এগৰাকী মহিলাক দলীয় পদবী দিয়াৰ পিছত নিশা এক বজাত বৰা উপাধিৰ নেতাজনে ‘এতিয়া মোক কিদৰে শুশ্রূষা কৰিবা’ বুলি ফোন কৰা বুলি সংবাদ মেলত দুলু আহমেদে এক বিস্ফোৰক অভিযোগ কৰে৷ আনহাতে দলীয় কামত এইজন বৰাৰ নেতৃত্বত তিনিচুকীয়ালৈ গৈ নিশা হোটেলত থাকোঁতে দলৰ শীর্ষ নেত্রী এগৰাকীক প্রায় তিনি ঘণ্টা ধৰি নির্যাতন চলাইছিল বুলি দুলু আহমেদে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ সেই নিশা উপায়হীন হৈ মহিলা নেত্রীগৰাকীয়ে পলাই আহি আহমেদ থকা কোঠাৰ দুৱাৰত ঢ়কিয়াই মোক বচোৱা বচোৱা বুলি চিঞৰিছিল৷ এই ঘটনাৰ সাক্ষী দলীয় নেতা সঞ্জু বৰা আৰু ইমদাদ হুছেইন আছিল বুলি আহমেদে চাঞ্চল্যকৰ অভিযোগ কৰে৷ এই বিষয়ে দলৰ একাংশ জ্যেষ্ঠ নেতাক অৱগত কৰাত দলৰ ভিতৰৰ কথা ধৰি থাকিব নালাগে বুলি আহমেদক পৰামর্শ দিছিল বুলি কয়৷ এইজন বৰাৰ বিষয়ে মাত মাতি মই দলৰ পৰা নিলম্বিত হৈছিলোঁ৷ বৰাই নিজৰ নিজৰ সুখ পূৰণৰ বাবে দলৰ ক্ষতি হোৱা কাম কৰি আছে৷ তেওঁৰ চাৰিত্রিক দোষৰ বাবে মই দল ত্যাগ কৰিবলৈ বাধ্য হ’লোঁ৷–এইদৰে আক্ষেপ কৰে দুলু আহমেদে৷
ইফালে, এইদৰে দলীয় নেতাৰ বিৰুদ্ধে মাত মাতি নিলম্বিত হোৱা দুলু আহমেদে অসম প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱাট, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আৰু ডাঃ ভূমিধৰ বর্মনলৈ নিলম্বন প্রত্যাহাৰ কৰাৰ বাবে অনুৰোধ জনাই পত্র প্রেৰণ কৰিছিল যদিও বিষয়টোক লৈ তৰুণ গগৈ, ডাঃ ভূমিধৰ বর্মনে কোনো গুৰুত্বই নিদিলে বুলি মন্তব্য কৰে দুলু আহমেদে৷ পুত্র গৌৰৱ গগৈৰ স্বার্থত তৰুণ গগৈয়ে প্রদেশ কংগ্রেছ ধ্বংস হোৱাটো বিচাৰে বুলি কয় দুলু আহমেদে৷ বর্তমানৰ নেতৃত্বত কংগ্রেছ দলৰ অৱক্ষয় হ’লে এআইচিচিয়ে নতুন নেতৃত্বক দায়িত্ব দিব বিচাৰিলে গৌৰৱ গগৈয়ে অগ্রাধিকাৰ পোৱাৰ আশাতে গগৈয়ে বর্তমানৰ নেতৃত্বক সমর্থন কৰি আহিছে বুলিও আহেমেদে কয়৷ আগন্তুক বিধানসভা নির্বাচনত দুলু আহমেদে নির্বাচন খেলিব বুলি সদৰী কৰে৷ হাজো সমষ্টি অনসূচিত জাতিৰ বাবে সংৰক্ষণ কৰিলে ছয়গাঁও সমষ্টিৰ পৰা আহমেদে নির্বাচন খেলিব বুলিও ঘোষণা কৰে৷