নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইডছ আক্রান্তৰে ভৰিছে জোনাইৰ নিচামুক্তি কেন্দ্র

🔹 ৬ ‘ৰিহেব চেণ্টাৰ’ত চিকিৎসা গ্রহণ কৰা ৯৫ শতাংশৰ এইচআইভি–হেপাটাইটিছ চি

নিয়মীয়া বাৰ্তা, ২৪ জুলাই : অবাধ ড্ৰাগছৰ প্ৰচলনে ক্ৰমাৎ বৃদ্ধি কৰিছে এইডছ আক্রান্ত ৰোগীৰ সংখ্যা। নিচাৰ বাবে ড্ৰাগ আসক্তই একেটা ছিৰিঞ্জ ব্যৱহাৰ কৰাৰ লগতে অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰিণতিতো অসমত অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে এইচআইভি পজিটিভ ৰোগীৰ সংখ্যা৷ ইয়াৰ সমান্তৰালভাৱে জোনাইৰ ছটা নিচামুক্তি কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰি থকা প্ৰায় ৯৫ শতাংশ লোকৰে শৰীৰত পোৱা গৈছে মাৰাত্মক HIV Positive আৰু হেপাটাইটিছ Cৰ দৰে মাৰাত্মক ৰোগ। এই উদ্বেগজনক তথ্য পোহৰলৈ অহাৰ পিছতে জোনাইত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জোনাই মহকুমাৰ মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ চন্দ্ৰকান্ত মিলিয়ে এখন সংবাদ মেলত এই উদ্বেগজনক তথ্য পোহৰলৈ আনে। তেওঁ সংবাদ মেলত সদৰী কৰা অনুসৰি জোনাইৰ অসম-অৰুণাচল সীমান্ত অঞ্চলত দিনকদিনে মাৰাত্মক ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতে এনে মাৰাত্মক ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা বুলি উল্লেখ কৰে। বিশেষকৈ জোনাইৰ নিচামুক্তি কেন্দ্ৰসমূহত থকা ৰোগীসকলৰ গাত এনে মাৰাত্মক ৰোগ প্ৰায়ে ধৰা পৰা বুলি তেওঁ সংবাদ মেলত সদৰী কৰে। তেওঁৰ এই সংবাদ মেলৰ পিছতে জোনাইৰ এটা সাংবাদিকৰ দলে জোনাই সদৰত থকা ছটা নিচামুক্তি কেন্দ্ৰত চৰজমিন তদন্ত চলাই এই ভয়ংকৰ তথ্য পোহৰলৈ আনে। জোনাইৰ মহমৰাস্থিত The Healing Home Trust নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ৩০গৰাকী নিচা আসক্ত ৰোগীৰ ভিতৰত দুজন HIV Positive বুলি সন্দেহ কৰাৰ লগতে ২৬জনৰ গাত হেপাটাইটিছ C ধৰা পৰিছে। আনহাতে, জোনাই উদয়পুৰস্থিত Healing Recovery Foundation নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ১৫গৰাকী নিচা আসক্ত ৰোগীৰ ভিতৰত কেন্দ্ৰটোৰ এগৰাকী কৰ্মচাৰীৰ গাত HIV Positive আৰু এগৰাকী ৰোগীৰ গাত হেপাটাইটিছ C ধৰা পৰিছে I তদুপৰি অসম-অৰুণাচল সীমান্তৰ লেকুস্থিত Indipendent Rehabilitation নামৰ নিচামুক্তি কেন্দ্ৰত মুঠ ২২গৰাকী নিচা আসক্ত ৰোগীৰ ভিতৰত ছজনৰ গাত HIV Positive আৰু ১৬গৰাকীৰ গাত হেপাটাইটিছ C পোৱা বুলি উল্লেখ কৰিছে I ইপিনে, নেপালী বস্তিস্থিত A unit of Indipendent foundation নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ৭গৰাকী নিচা আসক্ত ৰোগীৰ ভিতৰত দুজনৰ গাত HIV Positive আৰু এজনৰ গাত হেপাটাইটিছ C থকাৰ কথা সদৰী কৰে কেন্দ্ৰৰ কৰ্তৃপক্ষই I তদুপৰি নেপালী বস্তিস্থিত Better Life Wellness নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ২৩গৰাকী নিচা আসক্ত ৰোগীৰ ভিতৰত ছজনৰ গাত HIV Positive আৰু ১৯জনৰ গাত হেপাটাইটিছ C আৰু ৰতকে গাঁওস্থিত Boris Wellness Trust নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ৮গৰাকী নিচা আসক্ত ৰোগীৰ ভিতৰত দুজনৰ গাত HIV Positive ধৰা পৰিছে। অৱশ্যে ইয়াৰে ইতিমধ্যে এজনক মুকলি কৰি দিয়া বুলি জানিবলৈ দিছে I HIV পজিটিভ আৰু হেপাটাইটিছ C ধৰা পেলোৱাৰ সকলো তথ্য নিচামুক্তি কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলে সাংবাদিকৰ আগত সদৰী কৰিছে। এই সকলোবোৰ তথ্য পোহৰলৈ অহাৰ পিছতে জোনাইত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰেৰক কৰবী দলে

You might also like