নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইমছ গুৱাহাটীক ভূমি হস্তান্তৰৰ নামত ষড়যন্ত্ৰ

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : গুৱাহাটী মহানগৰীৰ উপকণ্ঠ চাংসাৰিস্থিত ৰাষ্ট্ৰীয় চিকিৎসা প্ৰতিষ্ঠান এইমছ চৌহদৰ বাহিৰৰ তথা ইয়াৰ সমীপত অৱস্থিত প্ৰায় ১৮ বিঘা ম্যাদী ভূমি চৰকাৰে এইমছ কৰ্তৃপক্ষৰ হাতত হস্তান্তৰ কৰিবলৈ তৎপৰ হোৱা বিষয়টোক লৈ পট্টাদাৰসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইমছৰ নামত ভূমি অধিগ্ৰহনৰ বাবে বাৰাম্বৰ পট্টাদাৰসকলক জিলা প্ৰশাসনৰ পৰা হেঁচা প্ৰয়োগেৰে মানসিক নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হৈছে। প্ৰকৃততে এইমছৰ নামত উক্ত ম্যাদী ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াত এক গভীৰ ষড়যন্ত্ৰৰ গোন্ধ থকা বুলিও পট্টাদাৰসকলে আন এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। এই ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনে চৰম পন্থা গ্ৰহণ কৰিলেও দৰকাৰ হ’লে তেজ দিম, মাটি এৰি নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰিছে তেওঁলোকে। স্মৰ্তব্য যে এইমছ, গুৱাহাটীৰ নামত ইতিমধ্যে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত শিলা সেন্দুৰী ঘোপা মৌজাৰ চাংসাৰিৰ জলাহ গাঁৱৰ  ২৬৩৫নং দাগৰ মুঠ মাটিকালি ৫৭১ বিঘা ২ কঠা ১৫ লেচা ভূমি সম্পূৰ্ণ ৰূপে আৱন্টন দিয়া হৈছিল। ইয়াৰে ৫০ /৬০ শতাংশ জমিত এইমছ নিৰ্মাণ হৈ উঠিল আৰু মুকলি কৰা হ’ল ৰাইজৰ বাবে। কিন্ত বাকী ৰৈ যোৱা জমি এতিয়াও ব্যৱহৃত নোহোৱাকৈ পৰি আছে। এনে প্ৰেক্ষাপটত এইমছ চৌহদৰ ৱালৰ বাহিৰৰ ম্যাদী জমি বিচাৰি পট্টাদাৰক মানসিক হাৰাশাস্তি কৰোটো আশ্চৰ্যজনক আৰু ৰহস্যজনক। উল্লেখ্য যে কামৰূপ জিলা প্ৰশাসনে ইতিমধ্যে ১৮ বিঘা জমি বিচাৰি প্ৰায় ৩০গৰাকী পট্টাদাৰক (এজমালিত থকা সকলো) ভূমি চমজাই দিবৰ বাবে বাধ্য কৰোৱাৰ অভিযোগ আহিছে। তেওলোকে অধিগ্ৰহনৰ কাৰণ জানিব বিচৰাত বিভাগীয় কৰ্তৃপক্ষই কোনো সঠিক তথ্য দিব নোৱাৰিলে বুলি সদৰী কৰে। কেতিয়াবা পাৰ্কিঙৰ বাবে কেতিয়াবা ডাক্তৰ আৰু নাৰ্ছৰ কোৱাৰ্টাৰৰ বাবে, আৰু কেতিয়াবা ট্ৰমা চেন্টাৰৰ, কেতিয়াবা পানী যোৱা নলাৰ বাবে ইত্যাদি কাৰণত এই অধিগ্ৰহন কৰাৰ কথা কৈছে যদিও তাক বিশ্বাস কৰিবলৈ টান পাইছে ভূমিৰ পৰিয়ালে। তেওঁলোকে ইয়াত গোপন ৰহস্য থকাৰ কথা উনুকিয়াব বিচাৰে। তেওঁলোকে কয় যে ইতিমধ্যে অধিগ্ৰহণ কৰিব বিচৰা জমিত পট্টাদাৰসকলে নিজৰ গাথিৰ ধন খৰচ কৰি তাত কোনো কোনোৱে ঘৰ নিৰ্মাণ কৰি ব্যৱসায় আৰম্ভ কৰিছে। চাকৰি নামত দৌৰি নাথাকি নিজেই স্বাবলম্বী হবলৈ যত্ন কৰিছে। তেনে ক্ষেত্ৰত চৰকাৰৰ এনেকুৱা হতকাৰী সিদ্ধান্তত পট্টাদাৰ সকল বিমোৰত পৰা দেখা গৈছে। তেওঁলোকৰ অভিযোগ- এইমছৰ ভিতৰে -বাহিৰে বহু চৰকাৰী ভূমি থকাৰ পাছতো কি যুক্তিত ম্যাদী ভূমিখিনিত নজৰ দিয়া হৈছে সেয়া প্ৰশাসনে স্পষ্ট কৰিব লাগে। তদুপৰি ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত যি নিয়ম নীতি প্ৰশাসনে অৱলম্বন কৰিব লাগে তেনেকুৱা কৰা দেখা যোৱা নাই। মনকৰিবলগীয়া যে ইয়াৰ পূৰ্বেও এইমছলৈ যোৱা মূল প্ৰৱেশ পথটোৰ বাবে ম্যাদী ভূমি চৰকাৰে অধিগ্ৰহণ কৰি আজি পৰ্যান্ত মাটিৰ গৰাকীক কোনো ক্ষতিপুৰণ নিদিলে। তেনেস্থলত এতিয়া আকৌ সেই একেই পট্টাদাৰসকলৰ আৰু ১৮ বিঘা ভূমি অধিগ্ৰহন কৰি তেওলোকক ভূমিহীন কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ ৰচা বুলি অভিযোগ কৰা হৈছে। দ্বিতীয়তে গুৰুত্বপূৰ্ণ কথাটো হ’ল এইমছ পথ সংপৃক্ত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰলেন যুক্ত কৰাৰ নামত বহু পট্টাদাৰে বহু নিজৰ ম্যাদী ভূমি হেৰুৱাবলগীয়া হৈছে। সেই একেখিনি পট্টদাৰেই যদি উক্ত ম্যাদী ভূমিখিনিও হেৰুৱাব লগা হয় তেতিয়া মানুহখিনিৰ জীৱন নিৰ্বাহ কিদৰে কৰিব তাকলৈও গভীৰ অনিশ্চয়তা আহি পৰিছে। এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকে এক সঠিক মীমাংসাৰ বাবে সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে ভূক্তভোগী পট্টাদাৰসকলে ।
প্ৰেৰক অনুভৱ কুমাৰ
You might also like