এইমছ গুৱাহাটীত চাকৰিত মকৰলৰ নামত ধনৰ লেনদেন
নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক ভেঙুচালি কৰি এইমছ গুৱাহাটীত চাকৰিত মকৰল কৰাৰ নামত একাংশই চলাইছে দালালৰাজ। একমাত্ৰ ধনৰ বিনিময় এই নিযুক্তি প্ৰক্ৰিয়াত হাত উজান দিছে অংকিত সিং নামৰ এজন বহিৰাগত লোকে। বৃহৎ ধনৰ লেনদেনৰ জৰিয়তে থলুৱা তথা স্থানীয় যুৱক যুৱতীৰ বিপৰীতে বাহিৰৰ যুৱক যুৱতীক নিযুক্তিৰ বেহা চলোৱা দালালসকলৰ বিৰুদ্ধে উচিত তদন্ত আৰু গ্ৰেপ্তাৰৰ দাবীত আজি চাংসাৰিত শতাধিক যুৱক যুৱতীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এইমছৰ প্ৰধান গেটৰ সন্মুখত ধৰ্ণাত বহা প্ৰতিবাদকাৰীসকলে প্ৰায় আঢ়ৈ ঘন্টা ধৰি ৭৫ শতাংশ থলুৱা তথা স্থানীয় লোকক নিযুক্তি দিয়ক, বহিৰাগত দালাল এজেঞ্চিৰ লুণ্ঠন নচলিব, কাৰ্যবাহী সঞ্চালক অশোক পুৰাণিক মুৰ্দাবাদ, নিযুক্তি বেহা পতা দালালক গ্ৰেপ্তাৰ কৰক ইত্যাদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীয়ে অভিযোগ উত্থাপন কৰি কয় যে এইমছত হাউছ কিপিং, ছিকিউৰিটি, ক্লিনাৰ, মেন পাৱাৰকে ধৰি বিভিন্ন বিভাগত স্থানীয় যুৱক যুৱতীক অগ্ৰাধিকাৰ দিয়াৰ বাবে কেইবাবাৰো কাৰ্যবাহী সঞ্চালকগৰাকীক অনুৰোধ জনোৱা হৈছিল বা এই বিষয়ত আলোচনা কৰা হৈছিল। কিন্তু গুৰুত্ব প্ৰদান কৰা নহ’ল। আমি লক্ষ্য কৰিছো ইয়াত ইতিমধ্যে নিযুক্তি লাভ কৰা ৭৫ শতাংশ লোকেই বহিৰাগত লোক। এইক্ষেত্ৰত এইমছলৈ আহোতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ সামগ্ৰিক বিষয়টো অৱগত কৰাত সদ্যহতে নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল। এনে প্ৰেক্ষাপটত কালি হঠাত্ এইমছত মকৰল কৰে ২০গৰাকী লোকক। তেওলোকে অভিযোগ কৰে যে অংকিত সিং নামৰ বহিৰাগত লোকজনে এইমছত ধনৰ বিনিময়ত দালালৰাজ চলাইছে। ইয়াত সংপৃক্ত হৈ আছে ললিত, শশীন নামৰ দুজন ব্যক্তিৰ নামো। ধনৰ লেনদেনৰ বিষয়টো এইমছৰ সঞ্চালকগৰাকীক অভিযোগ দিয়া হৈছিল যদিও বিষয়াগৰাকীয়ে অজ্ঞাত প্ৰকাশ কৰাত এই কথা মানিব লব বিচৰা নাই প্ৰতিবাদকাৰীয়ে। তেওলোকৰ অভিযোগ এইমছৰ আভ্যন্তৰত হৈ থকা কথাবোৰ সঞ্চালকগৰাকীয়ে নজনাটো পৰিতাপৰ বিষয়। গতিকে এইক্ষেত্ৰত উচিত তদন্ত বিচাৰিছো আৰু এইমছৰ নামত চলোৱা দালালকেইজনক গ্ৰেপ্তাৰ কৰিব লাগে। ইপিনে এনে হাল্লাবোলৰ মাজতে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়াগৰাকীৰ উপস্থিতিত এইমছ কৰ্তৃপক্ষই তেওলোকৰ দাবী বিবেচনা কৰাৰ আশ্বাস দিয়াত প্ৰতিবাদ অন্ত পৰে। প্ৰতিবাদকাৰীসকলে বিষয়া দুগৰাকীলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে।
প্ৰেৰক অনুভৱ কুমাৰ