নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইমছ গুৱাহাটী-নলবাৰী চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়ৰ বুজাবুজি চুক্তি

🔹 এইমছ-স্থানীয় চিকিৎসালয়ৰ মাজত এনেধৰণৰ বুজাবুজি চুক্তি এয়াই প্ৰথম : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

বিশেষ বাৰ্তা, ২৬ জুলাই : আজি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইমছ গুৱাহাটী (AIIMS Guwahati) আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (NMCH)ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱা এক অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে এয়া অত্যন্ত গৌৰৱৰ কথা যে সমগ্ৰ ভাৰতৰ ভিতৰতেই এইমছ আৰু স্থানীয় চিকিৎসালয়ৰ মাজত এনেধৰণৰ বুজাবুজিৰ চুক্তিৰ এয়াই প্ৰথম উদাহৰণ আৰু এই সফলতাত তেওঁ নলবাৰীৰ প্ৰতিজন বাসিন্দালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ লগতে তেওঁ উল্লেখ কৰে যে চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে আৰম্ভণিৰে পৰা নলবাৰী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক উন্নত মানৰ চিকিৎসা প্ৰদান কৰি আহিছে আৰু আজিৰ এই চুক্তিৰ জৰিয়তে আৰু অধিক উন্নত মানৰ চিকিৎসা সেৱাৰ লগতে ছুপাৰ স্পেচিয়েলিটী সেৱা আগবঢ়োৱা আৰু অধিক সহজলভ্য হ’ব।

উল্লেখযোগ্য যে নলবাৰী আৰু তাৰ চুবুৰীয়া অঞ্চলসমূহৰ ৰোগীসকলৰ সুবিধাৰ বাবে স্বাক্ষৰিত হোৱা এই বুজাবুজি চুক্তিয়ে বিভিন্ন দিশত সেৱা আগবঢ়াব, যাৰ ভিতৰত ছুপাৰ স্পেচিয়েলিটী সেৱা অন্যতম, যাৰ যোগেদি AIIMS গুৱাহাটীয়ে প্ৰয়োজন অনুসৰি NMCH-ক নিউৰোলজী, নিউৰোছাৰ্জাৰী, নেফ্ৰোলজী, ইউৰোলজী আৰু কাৰ্ডিঅ’লজী সেৱা প্ৰদান কৰিব। লগতে সহযোগিতামূলক প্ৰশিক্ষণ আৰু গৱেষণাৰ জৰিয়তে দুয়োটা প্ৰতিষ্ঠানে সামাজিক লাভালাভৰ বাবে বৈজ্ঞানিক জ্ঞান আগবঢ়াবলৈ সহযোগিতামূলক প্ৰশিক্ষণ আৰু গৱেষণা কাৰ্যসূচীত জড়িত হ’ব। তদুপৰি উন্নতমানৰ অস্ত্ৰোপচাৰ সেৱাৰ অধীনত AIIMS গুৱাহাটীয়ে গুৰুতৰ তথা স্থানান্তৰ কৰিব নোৱাৰা ৰোগীৰ বাবে NMCHত গুৰুত্বপূৰ্ণ স্নায়ু অস্ত্ৰোপচাৰ (Neurosurgery) আৰু ইউৰো-অস্ত্ৰোপচাৰ (Uro-Surgery) কৰিব আৰু AIIMS গুৱাহাটীৰ শিক্ষকসকলে NMCHত প্ৰয়োজন অনুসৰি ৰোগীসকললৈ চিকিৎসা সেৱা আগবঢ়াব। আজি এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অশোক পুৰাণিক আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক বাবুল কুমাৰ বেজবৰুৱাই।

You might also like