নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইললৈ বন্ধ এয়াৰ ইণ্ডিয়াৰ বিমানৰ চলাচল বন্ধ

বিশেষ বাৰ্তা, ৮ অক্টোবৰঃ শনিবাৰে ইজৰাইলৰ টেলআভিভত হামাছে আক্ৰমণ কৰাৰ পিছত এয়াৰ ইণ্ডিয়াই নতুন দিল্লীৰ পৰা তালৈ যোৱা বিমান বাতিল কৰে। এই বিমান সংস্থাটোৱে টেলআভিভলৈ সাপ্তাহিকভাৱে পাঁচখন বিমান চলায়। এই বিমানসমূহ সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে চলাচল কৰে। কোম্পানীটোৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, যাত্ৰী আৰু ক্ৰু সদস্যৰ সুৰক্ষাৰ কথা মনত ৰাখি শনিবাৰে নতুন দিল্লীৰ পৰা টেলআভিভলৈ যোৱা এ আই ১৩৯ নম্বৰ বিমান আৰু উভতি অহা এ আই ১৪০ বিমান বাতিল কৰা হৈছে। শনিবাৰে ভাৰতীয় সময় অনুসৰি বিয়লি ৩.৩৫ বজাত এ আই ১৩৯ বিমান আৰু টেলআভিভৰ পৰা উভতি অহা বিমানখন ইজৰাইলৰ সময় অনুসৰি নিশা ১০.১০ বজাত যাত্ৰা কৰাৰ কথা আছিল। দিল্লী আৰু টেল আভিভৰ মাজত প্ৰায় ২.৩০ ঘণ্টাৰ পাৰ্থক্য আছে। এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰৰ মতে, যাত্ৰীসকলক তেওঁলোকৰ প্ৰয়োজন অনুসৰি সম্পূৰ্ণ সহায় আগবঢ়োৱা হৈছে। শনিবাৰে গাজা ষ্ট্ৰিপত আৰম্ভ হোৱা বিমান আক্ৰমণ দেওবাৰেও অব্যাহত থাকে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজা ষ্ট্ৰিপৰ আশে-পাশে বসবাস কৰা নাগৰিকসকলক উলিয়াই আনিছে। ইজৰাইলে গাজাত ব্যাপক বিমান আক্ৰমণ সংঘটিত কৰিছে। ইজৰাইলৰ নৌসেনাৰ জাহাজসমূহেও গাজা ষ্ট্ৰিপৰ লক্ষ্যস্থানক লক্ষ্য কৰি লৈছে। হামাছৰ আক্ৰমণৰ পিছত ৱাশ্বিংটনত থকা ইজৰাইলৰ দূতাবাসৰ মুখপাত্ৰ টাল নাইমে কয় যে এই আক্ৰমণৰ আঁৰত ইৰান আছে। গাজা ষ্ট্ৰিপৰ পৰা হামাছে পণবন্দী কৰি লৈছে, য’ত মহিলা, শিশু আৰু বৃদ্ধ লোকো আছে। কেৱল এয়াই নহয়, গাজা ষ্ট্ৰিপৰ সমীপৰ গাঁওসমূহো হামাছে দখল কৰিছে। তেওঁ সকীয়াই দিয়ে যে হামাছৰ বৃহৎ লোকচান হ’ব। ইয়াৰ সমান্তৰালকৈ তাল নৈমে প্ৰধানমন্ত্ৰী মোদীকো ধন্যবাদ জ্ঞাপন কৰে।

You might also like