বাঘজানৰ জুই নির্বাপণৰ সামগ্রী লৈ আহিল এণ্ট’ন’ভ
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্রৰ ৫নং খাদত সংঘটিত অগ্নিকাণ্ড নির্বাপণৰ বাবে সুদূৰ কানাডাৰ পৰা অত্যাধুনিক সামগ্রী কঢ়িওৱাত ব্যৱহূত হৈছে বিশ্বৰ সর্ববৃহৎ এয়াৰক্রাফট এণ্ট’ন’ভ৷ ৫৯ হাজাৰ কিলোগ্রাম ওজনৰ সামগ্রীসহ যোৱানিশা কলকাতা বিমানবন্দৰত অৱতৰণ কৰিছে এন–১২৪ (এণ্ট’ন’ভ) এয়াৰক্রাফটে৷
গুৱাহাটীস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ আৰু মোহনবাৰী বিমানবন্দৰত কাৰিকৰী অসুবিধাৰ বাবে এণ্ট’ন’ভে অৱতৰণ কৰিব নোৱাৰাৰ বাবে কলকাতাত লেণ্ডিং কৰোৱা হয়৷
উল্লেখ্য যে কানাডাৰ কেলগেৰীৰ পৰা বাঘজান তৈলক্ষেত্রৰ অগ্নি নির্বাপণৰ বাবে এণ্ট’ন’ভৰ জৰিয়তে স্নাবিং ইউনিট অনা হৈছে৷ ইতিমধ্যে মেছার্ছ এলার্ট ডেমেজ কণ্ড্র’ল নামৰ বিদেশী সংস্থাৰ চাৰিজন বিশেষজ্ঞই দীর্ঘদিনে কাম কৰি আছে অগ্ণি নির্বাপণৰ বাবে৷ কিন্তু বর্তমানলৈ অগ্ণিকাণ্ড নিয়ন্ত্রণলৈ নহাত এই সংস্থাটোৱে এলবাটাস্থিত পিষ্টন ৱেল ছার্ভিচৰ সহযোগিতা বিচাৰিছে৷ চাৰিজন নতুন বিশেষজ্ঞসহ স্নাবিং ইউনিট এণ্ট’ন’ভৰ জৰিয়তে প্রেৰণ কৰিছে পিষ্টন ৱেল ছার্ভিচে৷ সীমা শুল্ক বিভাগে যাৱতীয় অনুমতি প্রদান কৰাৰ পাছতে কলকাতাৰ পৰা স্নাবিং ইউনিটৰ সামগ্রীসমূহ বাঘজানলৈ অনা হ’ব৷
ট্রেইলাৰৰ জৰিয়তে কলকাতাৰ পৰা ডিব্রুগড়লৈ সামগ্রীসমূহ অনা হ’ব আৰু ইয়াৰ বাবে সময় লাগিব ১৪ দিন৷ ইয়াৰ পাছতে বিশেষভাৱে দলটোৱে অত্যাধুনিক সা–সৰঞ্জামৰ জৰিয়তে বাঘজানৰ তৈলক্ষেত্রৰ অগ্নি নির্বাপণৰ চেষ্টা চলাব৷ অইলৰ বিষয়ববীয়া আৰু বিশেষজ্ঞসকলে দুয়োটা বিদেশী সংস্থাৰ যুটীয়া প্রচেষ্টাত শীঘ্রে জুই নির্বাপণ হ’ব বুলি আশা প্রকাশ কৰিছে৷ অহা ১৪ নৱেম্বৰৰ ভিতৰত বাঘজানত অগ্নি নির্বাপণৰ সম্ভাৱনীয়তা প্রকাশ কৰা হৈছে৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা ২৭ মে’ত বাঘজান তৈলক্ষেত্রৰ ৫নং খাদত অগ্নিকাণ্ডৰ সূত্রপাত ঘটিছিল৷ ইতিমধ্যে এই অগ্নিকাণ্ডৰ ফলত এজন যুৱ অভিযন্তাসহ তিনিজনে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ সমীপৱর্তী অঞ্চলৰ লোকসকল অগ্নিকাণ্ডৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছে৷ অধিকাংশ লোকে এতিয়াও আশ্রয় শিবিৰত কটাবলগীয়া হৈছে৷ এনে পৰিস্থিতিত নতুন বিশেষজ্ঞৰ দলটোৱে কি ব্যৱস্থা গ্রহণ কৰে সেয়া হ’ব লক্ষণীয়৷