নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ আই ইউ ডি এফৰ কেন্দ্রীয় কমিটীৰ সাধাৰণ সম্পাদক কৰিমুদ্দিন বৰভূঞা ওৰফে চাজুৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ৷ ২০১৬ চনত নির্বাচন আয়োগৰ ওচৰত ইঞ্জিনীয়াৰিঙৰ ভুৱা প্রমাণ–পত্র দাখিল কৰাৰ গুৰুতৰ অভিযোগ পোহৰলৈ আনিছে এগৰাকী সচেতন ব্যক্তিয়ে৷ ২০১৬ চনত বিজেপি প্রার্থী আমিনুল হক লস্কৰ আৰু কংগ্রেছ প্রার্থী এনামুল হক লস্কৰৰ লগত নিজৰ শিক্ষাগত অর্হতা ফেৰ মাৰিবলৈ কৰিমুদ্দিনে লৈছিল চৰম মিথ্যাচাৰৰ আশ্রয়৷ বিজেপিৰ স্নাতক উত্তীর্ণ প্রার্থী আমিনুল হক লস্কৰ আৰু কংগ্রেছৰ প্রার্থী এনামুল হক লস্কৰৰ বি টেকৰ প্রমাণ–পত্রৰ লগত নিজকে ফেৰ মাৰিবলৈ জি চি কলেজৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীর্ণ কৰিমুদ্দিন বৰভূঞাই নির্বাচনী শপতনামাত গাঁঠি দিছিল ইঞ্জিনীয়াৰিঙৰ প্রমাণ–পত্র৷ কোনো ধৰণৰ ইঞ্জিনীয়াৰিঙৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে নির্বাচন আয়োগত কৰিমুদ্দিন বৰভূঞাই দাখিল কৰিছিল ইঞ্জিনীয়াৰিঙৰ ডিপ্ল’মা৷ কিন্তু আফচৰ আহমেদ চৌধুৰী নামৰ এগৰাকী ব্যক্তিয়ে কৰা আৰ টি আইৰ পাছতে পোহৰলৈ আহে ইয়াৰ আচল ৰহস্য৷
এইপর্যন্ত নির্বাচন আয়োগৰ ওচৰত দাখিল কৰা ইঞ্জিনীয়াৰিঙৰ ডিপ্ল’মা ৰাজহুৱা কৰিব পৰা নাই কৰিমুদ্দিনে৷ এনেদৰে ২০১৬ চনত শিলচৰৰ সোণাই সমষ্টিৰ এ আই ইউ ডি এফৰ এই প্রার্থীগৰাকীয়ে নির্বাচন আয়োগত দিয়া শপতনামাত ভুৱা প্রমাণ–পত্র দাখিল কৰি অৱতীর্ণ হৈছিল নির্বাচনত৷ অৱশেষত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহে কৰিমুদ্দিনৰ সমগ্র মিথ্যাচাৰ৷ ইতিমধ্যে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক কৰিমুদ্দিন বৰভূঞা (চাজু)ৰ বিৰুদ্ধে ২০ জানুৱাৰীত সোণাই থানাত গোচৰ ৰুজু কৰিছে আৰ টি আই কর্মী আফচৰ আহমেদ চৌধুৰীয়ে৷ নির্বাচন আয়োগক ভুৱা তথ্যৰে বিপথে পৰিচালিত কৰা কৰিমুদ্দিনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ নির্বাচন আয়োগৰ ওচৰত দাবী উত্থাপন কৰিছে আফচৰ আহমেদ চৌধুৰীয়ে৷ উল্লেখ্য যে জালিয়তিৰে নির্বাচনত অৱতীর্ণ হোৱা এইগৰাকী কৰিমুদ্দিনৰ হস্তক্ষেপতে এইবাৰ মিত্রতা হৈছে কংগ্রেছ–এ আই ইউ ডি এফৰ মাজত৷ যাক সহজভাৱে ল’ব পৰা নাই সোণাই সমষ্টিৰ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ কর্মীসকলে৷ আনহাতে, এ আই ইউ ডি এফৰ এইগৰাকী সাধাৰণ সম্পাদকৰ বিৰুদ্ধে উত্থাপন হৈছে আন এক গুৰুতৰ অভিযোগ৷ আগন্তুক বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰ প্রার্থীক টিকট দিয়াৰ নামত কৰিমুদ্দিনৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপন কৰিছে সোণাই সমষ্টিৰ একাংশ লোকে৷ এফালে প্রমাণ–পত্রৰ নামত জালিয়তি আনফালে টিকটৰ নামত ধন সংগ্রহৰ এই অভিযোগক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে এ আই ইউ ডি এফৰ ভিতৰচ’ৰাত৷